ETV Bharat / bharat

Rape in Hyderabad: চেতনানাশক ঔষধ ব্য়ৱহাৰ কৰি ধৰ্ষণ - RGIA police registered a case

হায়দৰাবাদত সংঘটিত হৈছে এক জঘন্য ঘটনা (Rape in Shamshabad of Hyderabad)। চেতনানাশক ঔষধ ব্য়ৱহাৰ কৰি এজন চৰকাৰী কৰ্মচাৰীয়ে এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে । মুদাৱত চাণ্ডুলাল নামৰ চৰকাৰী কৰ্মচাৰীজনৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপিত হৈছে ।

h
Rape in Hyderabad: চেতনানাশক ঔষধ ব্য়ৱহাৰ কৰি ধৰ্ষণ
author img

By

Published : Jul 25, 2022, 6:34 PM IST

নেচনেল ডেস্ক,২৫ জুলাই: হায়দৰাবাদত জঘন্য ঘটনা । চেতনানাশক ঔষধ ব্য়ৱহাৰ কৰি এজন চৰকাৰী কৰ্মচাৰীয়ে এগৰাকী বিবাহিত মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ (Rape in Shamshabad of Hyderabad) । মুদাৱত চান্দুলাল (40) নামৰ চৰকাৰী কৰ্মচাৰীজনৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপিত হৈছে । আৰ জি আই এ আৰক্ষীয়ে সদৰি কৰা মতে, মুদাৱত চান্দুলাল নামৰ লোকজনে ছামছাবাদ উপ-কেন্দ্ৰত অপাৰেটৰ হিচাপে কৰ্মৰত হৈ আছে ( RGIA police registered a case)।

আনহাতে, স্বামীৰ মৃত্যুৰ পিছত এগৰাকী ২৬ বছৰীয়া মহিলা চাকৰিৰ বাবে ছামছাবাদলৈ আহিছিল । মহিলাগৰাকীয়ে কাম কৰি জীৱিকা নিৰ্বাহ কৰি আছিল । ইয়াৰ মাজতেই চান্দুলালে মহিলাগৰাকীক হাৰাশাস্তি কৰি আছিল । মহিলাগৰাকীয়ে চান্দুলালৰ প্ৰস্তাৱ অস্বীকাৰ কৰে । কিন্তু চান্দুলালে এদিন নিশা চেতনানাশক ঔষধ ৰুমাল এখনত লৈ মহিলাগৰাকীৰ ঘৰত উপস্থিত হয় ।

মহিলাগৰাকীৰ ঘৰৰ দুৱাৰখন খুলি তেওঁৰ নাকত ৰুমালেৰ চেতনানাশক ঔষধ লগাই দিয়াত মহিলাগৰাকী অচেতন হোৱাত ধৰ্ষণ কৰে ।

পাছত চান্দুলালে মোবাইল ফোনত মহিলাগৰাকীৰ নগ্ন ছবি ৰেকৰ্ড কৰি পলায়ন কৰে । চান্দুলালে মহিলাগৰাকীৰ নগ্ন ফটো তেওঁৰ মোবাইল ফোনলৈ প্ৰেৰণ কৰি ভাবুকি দিছিল । এই বিষয়ে কাকো নক'বলৈ তেওঁৰ ম'বাইল ফোনলৈ নগ্ন ছবি প্ৰেৰণ কৰি এই ফটোবোৰ সামাজিক মাধ্যমত পোষ্ট কৰাৰ ভাবুকি দিছিল । পাছত ভুক্তভোগী মহিলাগৰাকীয়ে আৰক্ষীক অভিযোগ কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক:Journalist accused of sharing pornographic video: অশ্লীল ভিডিঅ’ শ্বেয়াৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ সাংবাদিক !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.