নেশ্যনেল ডেস্ক, 6 অক্টোবৰ: উত্তৰ প্ৰদেশত আন এক জঘন্য ঘটনা সংঘটিত হৈছে (Rape case in UP)৷ দিন দুপৰতে ঘৰত কোনো নথকাৰ সুযোগ লৈ এগৰাকী যুৱতীক ধৰ্ষণ কৰি হত্যা কৰাৰ এক ঘটনা পোহৰলৈ আহিছে (Rape and murder case at Mainpuri)৷
উত্তৰ প্ৰদেশৰ মেইনপুৰীত বুধবাৰে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো ৷ ঘটনা অনসৰি ভোগাঁৱত নিজ ভগ্নীৰ সৈতে যুৱতীগৰাকী ঘৰতে আছিল ৷ তেওঁলোকৰ পিতৃ-মাতৃ কামৰ বাবে মেইনপুৰী আৰু আগ্ৰালৈ গৈছিল ৷ ইয়াৰে সুযোগ লৈ একে গাঁৱৰে বাসিন্দা পুষ্পেন্দ্ৰ লোধি নামৰ 25 বছৰীয়া যুৱক এজন তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰে ৷
যুৱকজনে পোণচাতেই আহি যুৱতীগৰাকীক কোঠা এটাত আৱদ্ধ কৰি লয় ৷ তাৰ পিছতে যুৱতীগৰাকীক ধৰ্ষণ কৰে ৷ লগে লগে যুৱতীগৰাকীয়ে এই কথা ঘৰৰ লোকক অৱগত কৰিম বুলি কোৱাৰ বাবেই খঙত অগ্নিশৰ্মা হৈ যুৱতীগৰাকীক ডিঙি চেপি হত্যা কৰে (Youth rape and murdered girl)৷
এই ঘটনাক আত্মহত্যাৰ ৰূপ দিবলৈ যুৱকজনে যুৱতীগৰাকীক ৰচীত ওলোমাই কোঠাটোৰ দুৱাৰ বন্ধ কৰি দিয়ে ৷ ইফালে এই ঘটনাৰ উমান পাই যুৱতীগৰাকীৰ ভগ্নীয়ে হুলস্থলু কৰাত যুৱকজন পলাই যাবলৈ সক্ষম হয় ৷ ভগ্নীয়ে বহু প্ৰচেষ্টাৰ অন্তত দুৱাৰখন খুলি বায়েকক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও তেতিয়ালৈ মৃত্যু হৈছিল ৷
লগে লগে স্থানীয় লোকে ঘটনাৰ খবৰ পাই আৰক্ষীক অৱগত কৰে ৷ আৰক্ষীয়ে খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ ঘটনাস্থলীত এটা কুকুৰক দল আৰু ফৰেনচিক বিশেষজ্ঞৰ এটা দলকো মাতি অনা হৈছিল ৷
আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ জানিব পৰামতে ঘটনা সংঘটিত কৰা অভিযুক্তটো ইতিমধ্যে গাঁৱৰ পৰা পলায়ন কৰিছে ৷ আৰক্ষীয়ে ঘটনাটোৰ পুংখানুপুংখ তদন্ত আৰু অভিযুক্তক সোনকালে গ্ৰেপ্তাৰ কৰাৰ আশ্বাস প্ৰদান কৰিছে ৷ মৃত্যু হোৱা যুৱতীগৰাকী বিজ্ঞান শাখাৰ স্নাতক বৰ্ষত অধ্যয়ণ কৰি আছিল ৷
লগতে পঢ়ক: ৰাজপথৰ দাঁতিত PFI ৰ "আমি পুনৰ আহিম" শ্ল’গান