ETV Bharat / bharat

OTM 2023 Mumbai : মুম্বাইৰ ভ্ৰমণ বাণিজ্য মেলাত ৰামোজী ফিল্ম চিটিলৈ অভাৱনীয় সঁহাৰি - ৰামোজী ফিল্মচিটি

মুম্বাইত অনুষ্ঠিত ওটিএম ভ্ৰমণ বাণিজ্য প্ৰদৰ্শনীত (OTM 2023 Mumbai) ৰামোজী ফিল্ম চিটিৰ প্ৰতি অভাৱনীয় আকৰ্ষণ দেখা গৈছে ৷ দেশৰ বহু ট্ৰেভেল এজেঞ্চিৰ লগতে সাধাৰণ ৰাইজ অধিক আগ্ৰহী হৈছে ফিল্ম চিটিখন দৰ্শনৰ বাবে ৷

OTM 2023 Mumbai
মুম্বাইত অনুষ্ঠিত ভ্ৰমণ বাণিজ্য মেলাত ৰামোজী ফিল্মচিটিৰ প্ৰতি অভাৱনীয় সঁহাৰি
author img

By

Published : Feb 2, 2023, 10:55 PM IST

মুম্বাইত অনুষ্ঠিত ভ্ৰমণ বাণিজ্য মেলাত ৰামোজী ফিল্মচিটিৰ প্ৰতি অভাৱনীয় সঁহাৰি

নিউজ ডেস্ক, 2 ফেব্ৰুৱাৰী : আজিৰে পৰা মুম্বাইত অনুষ্ঠিত হৈছে বিশ্বৰ অন্যতম বৃহৎ ভ্ৰমণ বাণিজ্য প্ৰদৰ্শনী অ'টিএম-2023 (OTM 2023 Mumbai)৷ 2 ফেব্ৰুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈকে মুম্বাইৰ জিঅ' ৱৰ্ল্ড কনভেনচন চেণ্টাৰত অনুষ্ঠিত হৈছে এই প্ৰদৰ্শনী ৷ দেশৰ প্ৰায় 30 খন ৰাজ্য আৰু 50 টা আন্তঃৰাষ্ট্ৰীয় পৰ্যটন ক্ষেত্ৰই অংশগ্ৰহণ কৰা সন্মিলনখনত হায়দৰাবাদস্থিত ৰামোজী ফিল্ম চিটিৰ প্ৰদৰ্শনীত দৰ্শকৰ অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছে ৷

দৰ্শনাৰ্থীসকলৰ ভিৰে ট্যুৰ অপাৰেটৰ আৰু ৰামোজী ফিল্ম চিটিৰ লগত জড়িত লোকসকলক উৎফুল্লিত কৰি তুলিছে ৷ প্ৰদৰ্শনীখনৰ দৰ্শনাৰ্থীসকলে ৰামোজী ফিল্ম চিটিক অন্যতম পৰ্যটনস্থলী হিচাবে অভিহিত কৰিছে ৷ এই সন্দৰ্ভত পৰ্যটক আৰু চহৰভিত্তিক পৰ্যটন প্ৰতিষ্ঠানৰ কৰ্মচাৰী ময়ুৰ গাইকৱাডে কয় যে হায়দৰাবাদ আৰু ৰামোজী ফিল্মটিচিত সকলোধৰণৰ সা-সুবিধা উপলব্ধ হৈছে ৷ যাৰ বাবে ফিল্ম চিটিখনৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাইছে (Ramoji Film City stall at OTM travel trade show)৷

তেওঁ কয়, ‘‘প্ৰদৰ্শনী মেলাৰ ৰামোজী ফিল্মচিটিৰ প্ৰদৰ্শনীৰ বাবে মই ব্যক্তিগত আগ্ৰহৰ উপৰিও বিশেষভাৱে উৎসুক হৈ আছিলোঁ ৷ কিয়নো আমাৰ এটা দলে ৰামোজী ফিল্ম চিটি দৰ্শনৰ বাবে পৰিকল্পনা কৰা আছো ৷ ফিল্ম চিটিখনত এক বিশাল মনোৰঞ্জন ভাণ্ডাৰ আছে ৷ য’লৈ মহাৰাষ্ট্ৰৰ লগতে দেশৰ আন ঠাইৰ পৰা দৈনিক পৰ্যটকৰ সোঁত বয় ৷ পৰ্যটকসকলে সাধাৰণতে বাহুবলী চিনেমাৰ শ্বুটিংস্থলীৰ লগতে আন বিখ্যাত চলচ্চিত্ৰৰ শ্বুটিংস্থলী আৰু চেটসমূহ দৰ্শনৰ বাবে ইচ্ছুক হৈ থাকে’’।

লগতে তেওঁ কয় "আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, ফিল্ম চিটিখনত সকলো শ্ৰেণীৰ লোকৰ বাবে কিবা নহয় কিবা এটা আছে ৷ শিশুসকলৰ লগতে জ্যেষ্ঠসকলৰ বাবেও আকৰ্ষণীয় স্থানৰ লগতে উপভোগৰ সমল আছে ফিল্ম চিটিখনত ৷ তেওঁলোকৰ সেৱা অতি সুপৰিকল্পিত আৰু যান-বাহনৰ সুবিধাও অতি সুচল ৷ সামগ্ৰিকভাৱে, সম্পূৰ্ণ এটা দিনৰ বাবে এক নিশ্চিত প্ৰণালীবদ্ধ মনোৰঞ্জন পেকেজ আছে ৰামোজী ফিল্ম চিটিত’’৷

ইফালে, ফিল্ম চিটিখনৰ সৈতে জড়িত বিষয়াসকলে কয় যে তেওঁলোকে ওটিএম 2023-ৰ অংশ ল’বলৈ পাই যথেষ্ট সুখী অনুভৱ কৰিছে (Ramoji stall OTM Mumbai exhibition)৷ দৰ্শনাৰ্থীসকলে ফিল্ম চিটিখনত ভ্ৰমণৰ উপৰিও বিবাহ, কৰ্পোৰেট অনুষ্ঠান, অৱসৰ আৰু মনোৰঞ্জন সকলো উপভোগ কৰে ৷ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ট্যুৰ অপাৰেটৰ লগতে সৰ্বসাধাৰণ লোকসকলে ফিল্ম চিটিখন ভ্ৰমণৰ পেকেজসমূহ জানিবলৈ ইচ্ছুক হৈছে ৷ এই সঁহাৰি উৎসাহী ৷ শিক্ষাৰ্থীসকলৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ গ্ৰীষ্মকালীন কেম্পৰ সন্দৰ্ভতো জানিবলৈ দিয়া হৈছে বুলি মন্তব্য কৰে ৰামোজী ফিল্ম চিটিৰ মাৰ্কেটিঙৰ জ্যেষ্ঠ মহাপ্ৰৱন্ধক টিআৰএল ৰাৱে ৷

লগতে তেওঁ জানিবলৈ দিয়ে যে ক’ভিড-19ৰ বাবে বিগত দুটা বছৰত ফিল্ম চিটিখনত পৰ্যটকৰ সংখ্যা হ্ৰাস পাইছিল যদিও এতিয়া সেই পৰিৱেশ নাই ৷ পৰ্যটকসকলৰ পুনৰ সোঁত বৈছে ৰামোজী ফিল্ম চিটিলৈ ৷ বহুলোকে সম্প্ৰতি দুই-তিনি নিশা পৰ্যন্ত বুকিং সম্পন্ন কৰিছে ৷

এতিয়ালৈকে ভ্ৰমণ বাণিজ্য প্ৰদৰ্শনীত আৰ.এফ.চি.ৰ প্ৰভাৱৰ সন্দৰ্ভত বিক্ৰী আৰু বিপণন প্ৰৱন্ধক তুষাৰ গাৰ্গে কয় যে প্ৰথমটো দিনত দৰ্শণাৰ্থীৰ সমাদৰ যথেষ্ট ইতিবাচক ৷এই পৰ্যন্ত 100-150 ট্ৰেভেল এজেণ্ট আৰু কৰ্পোৰেটে ফিল্ম চিটিখন দৰ্শনৰ বাবে ইচ্ছুক হোৱা বুলি জনাইছে ৷ মুম্বাই, দিল্লী, কৰ্ণাটক আৰু আন বহু ঠাইৰ ট্ৰেভেল এজেণ্টসকলে ফিল্ম চিটিখন দৰ্শনৰ বাবে আগ্ৰহ প্ৰকাশ কৰা বুলি জানিবলৈ দিয়ে তুষাৰ গাৰ্গে ৷

লগতে পঢ়ক: World Wetland Day 2023: বাতানুকূল পৰিবেশৰ বাবে জলাশয়ৰ প্ৰয়োজনীয়তা আছেনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.