ETV Bharat / bharat

ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা, সাধাৰণ লোকৰ প্ৰৱেশত নিষেধাজ্ঞা - Ayodhya tour stopped

অযোধ্যাত ৰাম মন্দিৰৰ অভিষেকৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে (Ramlala Pran Pratistha)। বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰীকে ধৰি আন বহুতো অতিথি ৰামনগৰীত উপস্থিত হ'ব । সুৰক্ষা ব্যৱস্থাও কটকটীয়া কৰা হৈছে ।

Ramlala Pran Pratistha
ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা, সাধাৰণ লোকৰ প্ৰৱেশত নিষেধাজ্ঞা
author img

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 11:51 AM IST

নেশ্যনেল ডেস্ক,৭ জানুৱাৰী : অহা ২২ জানুৱাৰীৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ দেশবাসী গভীৰ আগ্ৰহেৰে ৰৈ আছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বহু তাৰকা আৰু বিশিষ্ট ব্যক্তি এই কাৰ্যসূচীত উপস্থিত থাকিব । এনে পৰিস্থিতিত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । নিৰাপত্তাৰ ক্ষেত্ৰত ইতিমধ্যে বিভিন্ন সিদ্ধান্ত লোৱা হৈছে । একে সময়তে ৰাজ্যখনৰ সকলো জিলাৰ সাধাৰণ লোকসকলক অযোধ্যালৈ যোৱাৰ ক্ষেত্ৰত প্ৰশাসনে বিশেষ আহ্বান জনাইছে ।

জানিব পৰা মতে বাছ আৰু ৰে'লৰ টিকটো বাতিল কৰা হৈছে । সাধাৰণ লোকসকলক অযোধ্যা ভ্ৰমণৰ ওপৰত নিষেধাজ্ঞাও আৰোপ কৰা হৈছে । ইয়াৰ বাবে, আমেঠিৰ উপৰিও আন জিলাসমূহত পঞ্চায়ত সচিব আৰু গাঁৱৰ মুৰব্বীসকলক দায়িত্ব দিয়া হৈছে ।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে উক্ত দিনা বহু অতিথিয়ে ভিৰ কৰিব । তেনেস্থলত বিশেষ প্ৰটোকলো কাৰ্যকৰী কৰা হ'ব । ইফালে হোটেল আৰু ভোজনালয়সমূহতো ভিৰ দেখা যাব । এনে পৰিস্থিতিত, যদি আপুনি ২২ জানুৱাৰীত অযোধ্যালৈ যোৱাৰ কথা ভাবি আছে, তেন্তে আপুনি যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লাগিব পাৰে । কিয়নো সেই দিনটোত সাধাৰণ লোকসকলক অযোধ্যালৈ যোৱাত বাধা দিয়া হৈছে ।

আমেঠিৰ জিলা দণ্ডাধীশ ৰাকেশ কুমাৰ মিশ্ৰাই কোৱা মতে ২০, ২১ আৰু ২২ জানুৱাৰীত সাধাৰণ লোকক অযোধ্যালৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । গাঁৱৰ মুৰব্বী, পঞ্চায়তৰ বিষয়া আৰু লেখপালৰ জৰিয়তে উক্ত দিনবোৰত লোকসকলক অযোধ্যালৈ যোৱা বন্ধ কৰিবলৈ প্ৰচাৰ চলাবলৈ নিৰ্দেশনা দিয়া হৈছে । বাছ আৰু ৰে'লৱে বুকিং উক্ত তাৰিখত বাতিল কৰিবলৈ কোৱা হৈছে ।

ইয়াৰ উপৰিও, আন জিলাৰ পৰাও লোকসকলক অযোধ্যালৈ যোৱাৰ পৰা বিৰত থাকিবলৈ আৰক্ষীক নিৰ্দেশনা দিয়া হৈছে । ইয়াৰ পূৰ্বে ৩০ ডিচেম্বৰত অযোধ্যা ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ৰাইজৰ ওচৰত এই সন্দৰ্ভত আহ্বান জনাইছিল । তেওঁ কৈছিল যে ২২ জানুৱাৰীত অযোধ্যালৈ যাতে সাধাৰণ লোকসকল অহাৰ পৰা বিৰত থাকে ।

লক্ষ্ণৌ বিভাগৰ ৯৪ গৰাকী চিকিৎসকক অযোধ্যাত কৰ্তব্যৰ দায়িত্ব দিয়া হ'ব । ১৭ গৰাকী বিশেষজ্ঞ আৰু ৭৫ গৰাকী এমবিবিএছ চিকিৎসকো থাকিব । প্ৰাণ প্ৰতিষ্ঠাস্থলীৰ সমীপত এখন অস্থায়ী চিকিৎসালয়ো নিৰ্মাণ কৰা হ'ব । ইয়াৰ বাবে লক্ষ্ণৌৰ ৬ খন জিলাৰ চিকিৎসালয় সঞ্চালকালয়ৰ পৰা চিকিৎসক বিচৰা হৈছে ।

লগতে পঢ়ক :ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা, বিজেপিয়ে দেশজুৰি কৰিব পোনপটীয়া সম্প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.