ETV Bharat / bharat

তিনি বছৰত সম্পূৰ্ণ হ’ব ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য

author img

By

Published : Mar 8, 2021, 10:51 AM IST

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সমৰপান (দান) অৰ্থাৎ আৰ্থিক অনুদান অভিযানত আটাইতকৈ বেছি আৰ্থিক অনুদান আগবঢ়াইছে ৰাজস্থানে । ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক তথা বিশ্ব হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় উপ-সভাপতি চম্পাত ৰায়ৰ এই মন্তব্য । ৰাম মন্দিৰ নিৰ্মাণৰ বাবে যোধপুৰ, জয়পুৰ আৰু চিত্তোৰৰ তৰফৰ পৰা সামূহিক অনুদান হিচাপে ৫০০ কোটি টকা আগবঢ়োৱা হৈছে । নিতান্তই ই এক আশ্চৰ্যকৰ কথা বুলি মন্তব্য ৰায়ৰ ।

তিনি বছৰৰ ভিতৰত ৰাম মন্দিৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিব- চম্পাত ৰায়

নিউজ ডেস্ক,৮ মাৰ্চ: ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক তথা বিশ্ব হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় উপ-সভাপতি চম্পাত ৰায়ে দেওবাৰে কয় যে, তিনি বছৰৰ ভিতৰত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিব । প্ৰায় আঢ়ৈ একৰত ৰাম মন্দিৰ নিৰ্মাণ কৰা হ'ব ৷ মন্দিৰৰ চাৰিওফালে এখন বেৰ নিৰ্মাণ কৰা হ'ব যাক পাৰকোটা বুলি কোৱা হয় । বান প্ৰতিৰোধ কৰিবলৈ এই বেৰ নিৰ্মাণ কৰা হ'ব বুলি জনাইছে ৰায়ে ।

ইয়াৰ পূৰ্বে ৰায়ে এক সংবাদমেল সম্বোধন কৰি কয় যে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সমৰপান (দান) অৰ্থাৎ আৰ্থিক অনুদান অভিযানত আটাইতকৈ বেছি আৰ্থিক অনুদান আগবঢ়াইছে ৰাজস্থানে । এই অভিযানত ৰাজস্থানৰ ৩৬,০০০ খন গাঁৱৰ সৈতে যোগাযোগ কৰা হৈছিল য'ৰ পৰা ৯ লাখ শ্ৰমিকে যোগাযোগ কৰে । ইয়াৰে ৩৮,১২৫ জন শ্ৰমিকক বেংকত ধন জমা কৰাৰ দায়িত্ব দিয়া হৈছিল ।

এই অভিযান ভাৰতৰ ৪৯ টা কেন্দ্ৰৰ পৰা নিৰীক্ষণ কৰা হৈছিল । ৰাম মন্দিৰ নিৰ্মাণৰ বাবে যোধপুৰ, জয়পুৰ আৰু চিত্তোৰৰ তৰফৰ পৰা সামূহিক অনুদান হিচাপে ৫০০ কোটি টকা আগবঢ়োৱা হৈছে । নিতান্তই ই এক আশ্চৰ্যকৰ কথা বুলি মন্তব্য কৰে ৰায়ে । তেওঁ লগতে কয় যে, ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ঘৰে ঘৰে আৰ্থিক অনুদান সংগ্ৰহ অভিযান সম্প্ৰতি স্থগিত ৰখা হৈছে । কিন্তু যি সকল ভক্তই এই অনুদান আগবঢ়াব বিচাৰে তেওঁলোকে এতিয়াও ট্ৰাষ্টৰ ৱেবছাইটৰ জৰিয়তে অনুদান আগবঢ়াব পাৰে । উল্লেখ্য যে, শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টক ৰাম মন্দিৰ নিৰ্মাণৰ সম্পূৰ্ণ দায়িত্ব দিয়া হৈছে ।

লগতে পঢ়ক: পেহীৰ ভূমিকাত নিজক সীমাবদ্ধ কৰি মমতাই Nopotism কৰিছে: মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.