ETV Bharat / bharat

ইটিভি ভাৰতৰ তৰফৰ পৰা ৰাখীবন্ধনৰ হিয়াভৰা শুভেচ্ছা...

author img

By

Published : Aug 22, 2021, 9:24 AM IST

আজি ভাতৃ-ভগ্নীৰ চেনেহৰ উৎসৱ ৰাখীবন্ধন ৷ সংস্কৃতত ‘ৰক্ষাবন্ধন’ৰ অৰ্থ হ’ল ‘সুৰক্ষাৰ বন্ধন’ ৷ হিন্দু ধৰ্মত ভাতৃসকলৰ সুৰক্ষা আৰু দীৰ্ঘায়ু কামনাৰে ৰাখীবন্ধনৰ দিনটোত ভনীয়েকসকলে ভায়েকৰ হাতত ৰক্ষাকবচ হিচাপে এডাল সূতা বান্ধে ৷ যাক ৰাখী বোলা হয় ৷

raksha bandhan to be celebrate on 22 august
ইটিভি ভাৰতৰ তৰফৰ পৰা ৰক্ষাবন্ধনৰ হিয়াভৰা শুভেচ্ছা

নিউজ ডেস্ক, 22 আগষ্ট : আজি ভাতৃ-ভগ্নীৰ চেনেহৰ পাৰ্বণ ৰাখীবন্ধন ৷ হিন্দু ধৰ্মত ভাতৃসকলৰ সুৰক্ষা আৰু দীৰ্ঘায়ু কামনাৰে ৰাখীবন্ধনৰ দিনটোত ভনীয়েকসকলে ভায়েকৰ হাতত ৰক্ষাকবচ হিচাপে এডাল সূতা বান্ধে ৷ ইয়াৰ বিনিময়ত ভাতৃয়ে ভনীয়েক বা বায়েকক উপহাৰ প্ৰদান কৰে ৷ এই উপহাৰৰ সৈতে অন্তৰ্নিহিত হৈ থাকে ভনীয়েকক আজীৱন সুৰক্ষিত কৰি ৰখাৰ প্ৰতিশ্ৰুতি ৷

সংস্কৃতত ‘ৰক্ষাবন্ধন’ৰ অৰ্থ হ’ল ‘সুৰক্ষাৰ বন্ধন’ ৷ বিংশ শতিকাৰ মাজভাগলৈকে, একে ধৰণৰ ৰীতি-নীতি সচৰাচৰ প্ৰয়োগ কৰা হৈছিল ৷ প্ৰাচীন হিন্দু গ্ৰন্থত এই দিনটোতে ৰাখীবন্ধনৰ সৈতে সামঞ্জস্য থকা এক উৎসৱ অনুষ্ঠিত হৈছিল, য'ত এজন ঘৰুৱা পুৰোহিতে তেওঁৰ পৃষ্ঠপোষকসকলৰ মণিবন্ধত তাবিজ বা সূতা বান্ধে ৷ ইয়াৰ বিনিময়ত তেওঁ ধন আৰু উপহাৰ লাভ কৰে ৷ কিছুমান ঠাইত, এতিয়াও এই উৎসৱ পালন কৰা হয় ৷

ৰক্ষাবন্ধনৰ সৈতে ইতিহাসৰ বহু কাহিনী জড়িত হৈ আছে ৷ প্ৰায় 1535 খ্ৰীষ্টাব্দত চিতোৰৰ ৰাণী কৰ্ণৱতীয়ে ৰজাৰ মৃত্যুৰ পিছত উপলব্ধি কৰিছিল যে, তেওঁ অকলে গুজৰাটৰ চুলতান বাহাদুৰ শ্বাহৰ আগ্ৰাসন ৰোধ কৰিব নোৱাৰে ৷ ৰাণীয়ে নিজৰ সুৰক্ষাৰ বাবে বাদশ্বাহ হুমায়ুনলৈ ৰাখী প্ৰেৰণ কৰে ৷

আন এক লোকবাদ অনুসৰি হুমায়ুনে ৰাখীৰ মৰ্যাদা ৰক্ষা কৰি চিতোৰৰ সুৰক্ষাৰ বাবে সৈন্যসহিতে ৰাওনা হয় ৷ কিন্তু তেওঁলোক পলমকৈ চিতোৰত উপস্থিত হয় আৰু তেতিয়ালৈকে বাহাদুৰ শ্বাহে ৰাণীৰ দুৰ্গ দখল কৰি লয় ৷ হুমায়ুনৰ মোগল ৰাজন্যায়ালয়ৰ ইতিহাসবিদসকলৰ বিৱৰণকে ধৰি সেই সময়ৰ বিকল্প বিৱৰণসমূহত ৰাখী খণ্ডৰ বিষয়ে উল্লেখ কৰা দেখা নাযায় ৷

এই বছৰ ৰাখীবন্ধন 22 আগষ্ট অৰ্থাৎ আজি উদযাপন কৰা হ'ব । ক’ভিড-19 মহামাৰীৰ বাবে ৰাখীৰ আনন্দ ম্লান পৰিলেও কিন্তু একেলগে থকাৰ মনোভাৱ উচ্চ হৈ থাকিব । ৰাখীবন্ধনে সূচায় একত্ৰিত হোৱাৰ উষ্মতা আৰু বন্ধন উদযাপনৰ যথাৰ্থতা ৷

ইটিভি ভাৰতৰ তৰফৰ পৰা সমূহ ৰাইজলৈ শান্তি, সু-স্বাস্থ্য, সুখ কামনাৰে ৰাখীবন্ধনৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো ৷

লগতে পঢ়ক : কল্যাণ সিং আৰু বাবৰি মছজিদ ধ্বংসৰ এক কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.