ETV Bharat / bharat

Monsoon session of Parliament : ১৮ জুলাইত ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ৰ বিশেষ বৈঠকৰ আহ্বান - National Democratic Alliance will meet on July 19

বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে অহা ১৮ জুলাইত ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে সাংসদসকলৰ এখন বিশেষ বৈঠকৰ আহ্বান কৰিছে । সংসদৰ বৰ্ষাকালীন অধিৱেশন ১১ আগষ্টত সমাপ্ত হ'ব ।

Monsoon session of Parliament
১৮ জুলাইত ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ৰ বিশেষ বৈঠকৰ আহ্বান
author img

By

Published : Jul 13, 2023, 2:03 PM IST

নেশ্যনেল ডেস্ক,১৩ জুলাই : অহা ২০ জুলাইৰ পৰা আৰম্ভ হ'ব সংসদৰ বৰ্ষাকালীন অধিৱেশন । তাৰ পূৰ্বে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ে সদনত এখন বৈঠকৰ আহ্বান কৰিছে । সংসদৰ সদস্যসকলৰ এই বৈঠকখন ১৮ জুলাইত অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে সংসদৰ বৰ্ষাকালীন অধিৱেশন ২০ জুলাইত আৰম্ভ হ'ব আৰু ১১ আগষ্টত সমাপ্ত হ'ব । একে সময়তে শাসকীয় ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) নেতাসকলে ১৯ জুলাইত বৰ্ষাকালীন অধিৱেশনৰ এদিন পূৰ্বে বৈঠকত মিলিত হ'ব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইউনিফৰ্ম চিভিল কোড (ইউচিচি)ৰ বাবে এক শক্তিশালী প্ৰত্যাহ্বান জনোৱাৰ সময়তে সংসদৰ এই বৈঠক অনুষ্ঠিত হ'ব । জানিব পৰা মতে সংসদৰ বৰ্ষাকালীন অধিৱেশন পুৰণি ভৱনতে আৰম্ভ হ'ব । কিন্তু পাছত প্ৰধানমন্ত্ৰী মোডীয়ে ২৮ মে'ত উদ্বোধন কৰা নতুন ভৱনলৈ ইয়াক স্থানান্তৰ কৰা হ'ব ।

উল্লেখ্য যে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বৰ্ষাকালীন অধিৱেশনত দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (সংশোধনী) অধ্যাদেশ সম্পৰ্কীয় এখন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে । এই অধ্যাদেশক লৈ ইতিমধ্যে দেশজুৰি চৰ্চা অব্যাহত আছে । অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত আম আদমি পাৰ্টী আৰু কেন্দ্ৰৰ মাজত এই বিষয়টোক লৈ বিবাদো চলি আছে । কেজৰিৱালে ইতিমধ্যে বিৰোধী দলৰ নেতাসকলক সাক্ষাৎ কৰিছে আৰু অধ্যাদেশৰ বিৰুদ্ধে তেওঁলোকৰ সমৰ্থন বিচাৰিছে । বিভিন্ন বিৰোধী দলৰ নেতাই অধিৱেশনত অধ্যাদেশৰ বিৰোধিতা কৰিব বুলিও কেজৰিৱালক প্ৰতিশ্ৰুতি দিছে । অৱশ্যে অধিৱেশনৰ সময়ত হে সকলো কথা স্পষ্ট হ'ব ।

ইফালে ইউনিফৰ্ম চিভিল কোডক লৈও সদন উত্তাল হোৱাৰ সম্ভাৱনা আছে । কিয়নো প্ৰধানমন্ত্ৰী মোডীয়ে ইউনিফৰ্ম চিভিল কোডক লৈ বিভিন্ন ধৰণে জোৰ দিয়াৰ সময়তে বিৰোধী দলসমূহে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে । দেশৰ বিভিন্ন প্ৰান্তৰ বিৰোধী নেতাসকলে ইউচিচিক লৈ কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰা দেখা গৈছে ।

লগতে পঢ়ক :Monsoon session of Parliament : ১৯ জুলাইত সৰ্বদলীয় বৈঠকৰ আহ্বান কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.