ETV Bharat / bharat

SCOৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠকত অংশ ল'বলৈ তাজিকিস্তানলৈ ৰাওনা হ'ব ৰাজনাথ সিং

author img

By

Published : Jul 27, 2021, 2:20 PM IST

তাজিকিস্তান(Tajikistan)ৰ দুশানবেলৈ ৰাওনা হ'ব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং(Rajnath Singh) । সাংঘাই সহযোগিতা সংস্থা(Shanghai Cooperation Organisation)ৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ।

Rajnath Singh will participate in SCO Defence Ministers meet
SCOৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠকত অংশ ল'বলৈ তাজিকিস্তানলৈ ৰাওনা হ'ব ৰাজনাথ সিং

নেশ্যনেল ডেস্ক, ২৭ জুলাই: ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Rajnath Singh) ‘সাংঘাই সহযোগিতা সংস্থা’ (Shanghai Cooperation Organisation)ৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ তাজিকিস্তানৰ দুশানবেলৈ ৰাওনা হ'ব । চলিত বৰ্ষৰ এই বৈঠকৰ অধ্যক্ষ ৰাষ্ট্ৰ হৈছে তাজিকিস্তান । আনহাতে, ছেপ্টেম্বৰ মাহত ‘সাংঘাই সহযোগিতা সংস্থা’ৰ (Shanghai Cooperation Organisation) ৰাষ্ট্ৰপ্ৰধান সন্মিলন অনুষ্ঠিত হ'ব । চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল ৱেই ফেংঘেও এই বৈঠকত অংশগ্ৰহণ কৰিব ।

অৱশ্যে, দুয়োজন মন্ত্ৰীয়ে পৃথককৈ বৈঠকত মিলিত হোৱাৰ কোনো পৰিকল্পনা এতিয়ালৈকে কৰা হোৱা নাই । তেওঁলোকে বিগত বৰ্ষত মস্কোত সাংঘাই সহযোগিতা সংস্থাৰ বৈঠকৰ সময়ত আলোচনাত মিলিত হৈছিল । চলিত মাহৰ আৰম্ভণিতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে(S Jaishankar) সাংঘাই সহযোগিতা সংস্থাৰ দেশসমূহৰ বৈদেশিক মন্ত্ৰীৰ বৈঠকৰ বাবে দুশানবেলৈ গৈছিল । কেইবাগৰাকীও মন্ত্ৰীক সাক্ষাৎ কৰাৰ উপৰিও জয়শংকৰে চীনৰ বৈদেশিক মন্ত্ৰীকো সাক্ষাৎ কৰিছিল ।

তেওঁৰ সৈতে এক ঘণ্টাজোৰা দ্বি-পাক্ষিক বৈঠকত (By literal meet) মিলিত হয় ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকী । এই বৈঠকত এছ জয়শংকৰে জনায় যে, সীমান্ত অঞ্চলৰ স্থিতিৰ একপক্ষীয় পৰিৱৰ্তন ভাৰতৰ বাবে গ্ৰহণযোগ্য নহয় ।

এই বৈঠকত পশ্চিম খণ্ডৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (Line of Actual Control)ৰ অমীমাংসিত বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয় । জয়শংকৰে কয় যে, দুয়োখন দেশৰ মাজৰ সম্পৰ্ক ভাল কৰাৰ বাবে সীমান্ত অঞ্চলৰ শান্তি পুনৰুদ্ধাৰ কৰা আৰু অক্ষুণ্ণ থকাটো অপৰিহাৰ্য । জ্যেষ্ঠ সামৰিক কমাণ্ডাৰসকলৰ বৈঠক আহ্বান কৰাৰ ক্ষেত্ৰত সন্মত হোৱা বুলিও তেওঁ জানিবলৈ দিছিল ।

লগতে পঢ়ক:আজি ড৹ এ পি জে আব্দুল কালামৰ ষষ্ঠ তম মৃত্যু বাৰ্ষিকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.