ETV Bharat / bharat

Jaipur serial blast case: জয়পুৰ ধাৰাবাহিক বিস্ফোৰণ গোচৰৰ 3 অভিযুক্তক নিৰ্দোষী ঘোষণা ৰাজস্থান উচ্চ ন্যায়ালয়ৰ - 3 অভিযুক্তক ৰায়দান

2008 চনৰ 13 মে’ৰ কাল সন্ধিয়া 8 টাকৈ ধাৰাবাহিক বোমা বিস্ফোৰণে কঁপাইছিল পিংক চিটীখ্যাত জয়পুৰ ৷ 15 বছৰৰ পিচত এই ধাৰাবাহিক বিস্ফোৰণ গোচৰত মৃত্যুদণ্ডৰ ৰায়দান দিয়া 3 অভিযুক্তক নিৰ্দোষী ঘোষণা ৰাজস্থান উচ্চ ন্যায়ালয়ৰ (Rajasthan High Court)৷

rajasthan-high-court-has-acquitted-3-accused-in-jaipur-serial-blast-case-of-2008
3 অভিযুক্তক নিৰ্দোষ ঘোষণা ৰাজস্থান উচ্চ ন্যায়ালয়ৰ
author img

By

Published : Mar 29, 2023, 7:12 PM IST

Updated : Mar 29, 2023, 8:58 PM IST

নেশ্যনেল ডেস্ক, 29 মাৰ্চ: সুদীৰ্ঘ 15 বছৰৰ পিচত জয়পুৰ ধাৰাবাহিক বিস্ফোৰণ গোচৰৰ 3 অভিযুক্তক ৰায়দান ৰাজস্থান উচ্চ ন্যায়ালয়ৰ (Jaipur serial blast case) ৷ 2008 চনৰ 13 মে’ৰ কাল সন্ধিয়া পিংক চিটী খ্যাত জয়পুৰৰ হৃদপিণ্ডস্বৰূপ পাৰাকোটাত ইটোৰ পিচত সিটোকৈ কেইবাটাও বোমা বিস্ফোৰণ ঘটাইছিল সন্ত্ৰাসবাদীয়ে ৷ ক’লা ধোঁৱা, তেজৰ চেঁকুৰাৰে ৰাঙলী হৈ পৰিছিল পিংকী চিটী ৷ বুধবাৰে জয়পুৰ ধাৰাবাহিক বিস্ফোৰণ গোচৰৰ 3 অভিযুক্তক নিৰ্দোষী ঘোষণা কৰে ৰাজস্থান উচ্চ ন্যায়ালয়ে (Rajasthan High Court)৷

এই বিস্ফোৰণৰ দুদিন পিচতে, ইণ্ডিয়ান মুজাহিদীন নামেৰে এটা ইছলামী সন্ত্ৰাসবাদী গোটে ভাৰতীয় সংবাদ মাধ্যমলৈ এটা ই-মেইল প্ৰেৰণ কৰি এই বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছিল ৷ ইয়াৰ পিচতে ভাৰতীয় কৰ্তৃপক্ষই ই-মেইলটোৰ সত্যতা সত্য নিৰূপণ কৰি মেইলটো প্ৰকৃততে সন্ত্ৰাসবাদী গোটটোৰ পৰাই পঠোৱা হৈছিল বুলি নিশ্চিত কৰে ৷ যদিও এই মেইলটোক অনুসন্ধানকাৰী সংস্থাবোৰক বিপথে পৰিচালিত কৰাৰ বাবে প্ৰেৰণ কৰা বুলিও সন্দেহ কৰিছিল ৷

ইয়াৰ পিচতে ভাৰতীয় গৃহ মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে এই আক্ৰমণৰ আঁৰত বাংলাদেশভিত্তিক সংগঠন হৰকত-উল-জিহাদ-আল-ইছলামী বাংলাদেশ (হুজি) জড়িত থকা বুলিও সন্দেহ প্ৰকাশ কৰিছিল ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে এই বোমা বিস্ফোৰণৰ লগত বাংলাদেশী সন্ত্ৰাসবাদী জড়িত থকাৰ বিশ্বাসযোগ্য প্ৰমাণ লাভ কৰিবলৈ সক্ষম হয় ৷ তাৰ পিচৰে পৰা ৰাজস্থানত অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷

পৰৱৰ্তী সময়ত 2019 চনৰ 20 ডিচেম্বৰত, সন্ত্ৰাসবাদ বিৰোধী দলৰ দ্বাৰা পঞ্জীয়ন কৰা আঠটা গোচৰত ভাৰতীয় দণ্ডবিধি, বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন আৰু বিস্ফোৰক আইনৰ অধীনত ৰাজস্থানৰ এখন বিশেষ আদালতে ৫ অভিযুক্তক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ ৰায়দান দিছিল ৷ ইয়াৰে চাৰিটা অভিযুক্ত ইণ্ডিয়ান মুজাহিদীন সন্ত্ৰাসবাদী গোটৰ লগত জড়িত বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিছিল ৷ সন্ত্ৰাসবাদী গোটৰ লগত জড়িত অভিযুক্তকেইটা হৈছে মহম্মদ চৈফ, মহম্মদ চাৰৱাৰ আজমী, চাইফুৰ ৰেহমান আৰু মহম্মদ ছলমান (Rajasthan High Court has acquitted 3 accused) ৷

এই শুনানিৰ পিচত চাৰি অভিযুক্তই মৃত্যুদণ্ডৰ পৰা ৰেহাই পাবলৈ ৰাজস্থান উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ৷ বুধবাৰে ন্যায়াধীশ পংকজ ভাণ্ডাৰী আৰু সমীৰ জৈনৰ খণ্ড বিচাৰপীঠে ইয়াৰ তিনি অভিযুক্ত চৈফ, চাইফুৰ ৰহমান আৰু চাৰৱান আজমীৰৰ মৃত্যুদণ্ডৰ ৰায়দান খাৰিজ কৰি তিনি অভিযুক্তকে নিৰ্দোষী ঘোষণা কৰে ৷ ইয়াৰে নাবালক অভিযুক্ত মহম্মদ ছলমানক শিশু পুনৰ্বাসন কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে আদালতে (3 accused acquitted in Jaipur serial blast)৷

উল্লেখ্য যে 2008 চনৰ 13 মে' দিনটোত মানক চক খাণ্ডা, চান্দপোল গেট, বাদি চৌপাদ, ছোটি চৌপদ, ত্ৰিপলিয়া গেট, জোহৰি বজাৰ আৰু চাংগানেৰী গেটত এটাৰ পিছত এটাকৈ বোমা বিস্ফোৰণ হৈছিল ৷ এই বিস্ফোৰণত 71 জন লোক নিহত আৰু 185 জন আহত হৈছিল ৷ ইফালে সেই কাল সন্ধিয়াই চান্দপোল বজাৰত বিস্ফোৰণৰ পূৰ্বে এটা বোমা উদ্ধাৰ কৰি নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হৈছিল ৷

স্মৰ্তব্য যে উচ্চ ন্যায়ালয়ৰ এই ৰায়দানৰ পিচতে জাঙুৰ খাই উঠিছে ভুক্তভোগীৰ পৰিয়াল আৰু জয়পুৰবাসী ৷ এই শুনানিয়ে আদালতৰ ভূমিকাৰ ওপৰত পুনৰ এবাৰ প্ৰশ্ন উত্থাপন কৰিবলৈ বাধ্য কৰিছে সাধাৰণ জনতাক ৷ জন অধিকাৰ মঞ্চৰ আহ্বায়ক সুৰজ চোনীয়ে কয় যে জয়পুৰৰ জনসাধাৰণৰ বাবে এয়া এক ডাঙৰ বিফলতা ৷ ই সন্ত্ৰাসবাদীসকলক উৎসাহিত কৰিব ৷

লগতে পঢ়ক: Karnataka Election 2023 : ১০ মে'ত কৰ্ণাটকৰ নিৰ্বাচন, ১৩ মে'ত ফলাফল

Last Updated : Mar 29, 2023, 8:58 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.