ETV Bharat / bharat

9 মে'লৈকে সকলো ৰাজহুৱা অনুষ্ঠান বন্ধৰ নিৰ্দেশ ৰাজস্থান চৰকাৰৰ - নৈশ কাৰফিউ

"জন অনুশাসন পখৱাড়া" নামেৰে এক নিৰ্দেশনা পত্ৰ প্ৰেৰণৰ যোগেৰে ৰাজস্থান চৰকাৰে মহামাৰী ক'ৰণাক প্ৰতিহত কৰাৰ বাবে গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা ৷ সোমবাৰৰ পৰা 9 মে'লৈকে সকলো ৰাজহুৱা বজাৰ তথা কাৰ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে ৷

9 মে'লৈকে সকলো ৰাজহুৱা অনুষ্ঠান বন্ধৰ নিৰ্দেশ ৰাজস্থান চৰকাৰৰ

author img

By

Published : Apr 19, 2021, 10:51 AM IST

নেশ্যনেল ডেস্ক, 19 এপ্ৰিল : মহামাৰী ক'ৰণাক প্ৰতিহত কৰাৰ বাবে ৰাজস্থান চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা ৷ সোমবাৰৰ পৰা 9 মে'লৈকে সকলো ৰাজহুৱা বজাৰ তথা কাৰ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে ৷ এক বিজ্ঞপ্তি যোগে ৰাজ্য চৰকাৰে "জন অনুশাসন পখৱাড়া" নামেৰে এক নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যখনৰ সকলো কাৰ্যালয়লৈ ৷

গৃহ সচিব অভয় কুমাৰে জাৰি কৰা "জন অনুশাসন পখৱাড়া'' অনুসৰি অত্যাৱশ্যকীয় সেৱাৰ লগত জৰিত প্ৰতিষ্ঠান তথা কাৰ্যালয়সমূহৰ বাহিৰে আন সকলো বজাৰ তথা কাৰ্যালয় 15 দিনলৈকে বন্ধ থাকিব ৷ ইয়াৰ উপৰিও ফল আৰু পাচলি বিক্ৰীৰ অনুমতি সন্ধিয়া ৭ বজালৈকে দিয়া হ'ব। ৰাজস্থানত প্ৰৱেশ কৰা সকলো লোকে ভ্ৰমণৰ 72 ঘণ্টা আগতে নেতিবাচক আৰটি-পিচিআৰ পৰীক্ষা কৰাব লাগিব ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰাজস্থান চৰকাৰে 16 এপ্ৰিলৰ পৰা সমগ্ৰ ৰাজ্যখনতে নৈশ কাৰ্ফিউ জাৰি কৰিছিল আৰু সকলো শৈক্ষিক আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান 30 এপ্ৰিললৈকে বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছিল ৷

নিৰ্দেশনা অনুসৰি, ব্যক্তিগত অনুষ্ঠান, বিবাহ আৰু অন্যান্য সামাজিক অনুষ্ঠানত অতিথিৰ সংখ্যা 50 লৈ সীমাবদ্ধ কৰাৰ লগতে অন্ত্যোষ্টিক্ৰিয়াৰ বাবে 20 জনতকৈ অধিক লোকক অনুমতি দিয়াৰ লগতে সকলো চিনেমা হল, মাল্টিপ্লেক্স আৰু বিনোদন উদ্যান বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে ৷

লগতে পঢ়ক: ক'ভিড বিধি উলংঘন কৰা বিমান সেৱাৰ বিৰুদ্ধে এজাহাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.