ETV Bharat / bharat

ৰাজস্থানত কাউৰীৰ পাছত এইবাৰ বগলীৰ শৰীৰত বাৰ্ড ফ্লু

author img

By

Published : Jan 5, 2021, 6:41 PM IST

বিগত এটা সপ্তাহত মৰুভূমিৰ ৰাজ্য ৰাজস্থানত বাৰ্ড ফ্লুত আক্ৰান্ত হৈ মুঠ 522 টা চৰাইৰ মৃত্যু হৈছে ৷ ইয়াৰে 471 টা কেৱল কাউৰী হোৱাৰ বিপৰীতে অন্যবোৰ বগলী আৰু টোকোৰা চৰাই ৷ ইতিমধ্যে চৰাইৰ মাজত H5N1 ভাইৰাছৰ সংক্ৰমণৰ অৱস্থিতি হিমাচল প্ৰদেশ,ৰাজস্থান আৰু মধ্যপ্ৰদেশতো ধৰা পৰিছে ৷

Rajasthan: After crow, bird flu confirmed in herons
ৰাজস্থানত কাউৰীৰ পাছত এইবাৰ বগলীৰ শৰীৰত বাৰ্ড ফ্লু

নিউজ ডেস্ক, 5 জানুৱাৰী : ৰাজস্থানত বাৰ্ড ফ্লুৰ সংক্ৰমণ ধৰা পৰাৰ পাছত ৰাজ্যখনৰ চৰকাৰ-প্ৰশাসন তৎপৰ হৈ পৰিছে ৷ বাৰ্ড ফ্লুৰ ফলত ৰাজস্থানৰ ছয়খন জিলাত নতুনকৈ 140 টা কাউৰীৰ মৃত্যু হোৱাৰ পাছত এইবাৰ বাৰ্ড ফ্লুৰ ফলত মৃত্যু হৈছে 2 টা বগলীৰ ৷ এই পৰ্যন্ত নতুনকৈ ৰাজ্যখনৰ চাৱাই মধুপুৰ জিলাত 35 টা,বিকানীৰত 53, জালাৱাৰত 22,বাৰান জিলাত 17 টা, পালিত 9 টা আৰু বানাশ্বৱাৰা জিলাত 7 টাকৈ কাউৰীৰ মৃত্যু হৈছে ৷

বিগত এটা সপ্তাহত মৰুভূমিৰ ৰাজ্যখনত মুঠ 522 টা চৰাইৰ মৃত্যু হৈছে ৷ ইয়াৰে 471 টা কেৱল কাউৰী হোৱাৰ বিপৰীতে অন্যবোৰ বগলী আৰু টোকোৰা চৰাই বুলি জানিব পৰা গৈছে ৷

ইফালে সোমবাৰে ৰাজ্যখনৰ পৰা নতুনকৈ 13 টা নমুনা ভূপাললৈ পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হয় ৷ ইতিমধ্যে চৰাইৰ মাজত H5N1 ভাইৰাছৰ সংক্ৰমণৰ অৱস্থিতি হিমাচল প্ৰদেশ,ৰাজস্থান আৰু মধ্যপ্ৰদেশত ধৰা পৰিছে ৷

ৰাষ্ট্ৰীয় পশু ৰোগৰ বিশেষ সুৰক্ষা প্ৰতিষ্ঠানে চৰাইৰ মাজত বাৰ্ড ফ্লুৰ অৱস্থিতি লাভ কৰাৰ পাছতে সকলো ৰাষ্ট্ৰীয় উদ্যান,বন্যপ্ৰাণী অভয়াৰণ্য আৰু অন্য বনাঞ্চলসমূহক বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক : চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া আৰু ভাৰত বায়'টেকৰ যুটীয়া বিবৃতি প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.