ETV Bharat / bharat

Dog Beaten To Death:ৰাজপথত কুকুৰক মৰিয়াই মৰিয়াই হত্যা এদল উন্মাদ যুৱকৰ

মানৱৰূপী দানৱৰ নিকৃষ্টকাণ্ড ৷ ৰাজপথত কোনো কাৰণ নোহোৱাকৈ এটা কুকুৰক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰে এদল উন্মাদ যুৱকে ৷ ইমানতো ক্ষান্ত নাথাকি ৰচীৰে বান্ধি ৰাজপথত কুকুৰটোক টানি লৈ যায় যুৱকৰ দলটোৱে ৷

author img

By

Published : Aug 8, 2023, 10:18 PM IST

Dog Beaten To Death
কুকুৰক মৰিয়াই মৰিয়াই হত্যা এদল উন্মাদ যুৱকৰ

নেশ্যনেল ডেস্ক, 8 আগষ্ট: ছত্তিশগড়ৰ ৰায়পুৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ সোমবাৰে নিশা পাহাৰী চক হনুমান মন্দিৰৰ সমীপত 10 ৰ পৰা 15 জনীয়া এদল উন্মাদ যুৱকে অতৰ্কিতে ৰাজপথত থকা এটা কুকুৰক লাঠিৰে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে ৷ খঙৰ ভমকত দলটোৱে কুকুৰটোৰ উশাহ বন্ধ নোহোৱালৈকে প্ৰহাৰ কৰি আছিল ৷

এই ঘটনাটো গুধিয়াৰী আৰক্ষী থানাৰ পৰা মাত্ৰ 50 মিটাৰ নিলগৰ ৰাজপথত সংঘটিত হৈছিল ৷ পথচাৰীসকলে এই নিৰ্মম ঘটনা দেখি ৰৈ কি হৈছে জানিবলৈ চেষ্টা কৰে যদিও যুৱকৰ দলটোৰ উন্মাদনা দেখি আগবাঢ়ী যাবলৈ সাহস নকৰে ৷

ৰাজপথত কুকুৰটোক লাঠিৰে আক্ৰমণ কৰা দেখি যান-বাহন চলাচল স্থবিৰ হৈ পৰিছিল ৷ পথচাৰীসকলে মাথোঁ ৰৈ সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰি আছিল, দুই এজনে কৌতুহলেৰে সুধিছিল যদিও যুৱকৰ দলটোৱে লোকজলক গালি গালাজ পাৰিছিল উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল ৷

যুৱকৰ দলটোৰ হাতত লাঠি আৰু ৰড দেখি কোনেও বাধা দিবলৈ সাহস কৰা নাছিল ৷ যুৱকৰ দলটোৰ প্ৰহাৰত ৰাজপথৰ কুকুৰটোৱে থিতাতে প্ৰাণ হেৰুৱাই ৷ তথাপিও, আক্ৰমণকাৰীকেইটাৰ খং শান্ত নোহোৱাত ৰাজপথত কুকুৰটোক ডিঙিত ৰচী বান্ধি চোঁচৰাই লৈ যায় ৷

ইফালে, এই ঘটনা সংঘটিত হৈ থকাৰ সময়ত দুজন আৰক্ষীও এখন বাইকত উপস্থিত হয় যদিও আৰক্ষী দুজনে যুৱকৰ দলটোক বাধা দিবলৈও কোনো প্ৰচেষ্টা কৰা নাছিল ৷

ঘটনাৰ তদন্তত এই ঘটনাৰ আঁৰৰ প্ৰকৃত পোহৰলৈ আহে ৷ দৰাচলতে কুকুৰটোৱে কিছুদিনৰ পূৰ্বে আদৰ্শনগৰত কিছু শিশুক কামুৰিছিল ৷ ইয়াৰ ফলত ক্ষুব্ধ হৈ লোকসকলে সোমবাৰে নিশা কুকুৰটোক লাঠিৰে প্ৰহাৰ কৰে আৰু তাক হত্যা কৰে ৷ ঘটনাটোৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিচত, আৰক্ষীয়ে ঘটনাটোৰ সৈতে জড়িত কেইজনমান যুৱকক আৰক্ষী চকীলৈ মাতি আনি সোধা পোছা কৰিছে ৷

লগতে পঢ়ক: hoax call to Mantralaya in Mumbai : মন্ত্ৰালয়ত সন্ত্ৰাসবাদী আক্ৰমণৰ ভুৱা ফোন; আটক ৬১ বছৰীয়া ব্যক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.