নেশ্যনেল ডেস্ক,২ জুলাই : বাৰিষাৰ আগমনৰ লগে লগে ধাৰাসাৰ বৰষুণৰ কৱলত হিমাচল প্ৰদেশ । প্ৰকৃতিৰ ৰোষত পৰা হিমাচলত ইতিমধ্যে জীৱন আৰু সম্পত্তিৰ যথেষ্ট ক্ষতি হৈছে । ৰাজ্যখনত হোৱা বৰষুণৰ ফলত বাট-পথ, পানী যোগান প্ৰকল্প আৰু অন্যান্য সম্পত্তিৰ ব্যাপক ক্ষতি হৈছে । ৰাজ্যখনত বানৰ ফলত প্ৰায় ১১৩ কোটি টকাৰ ৰাস্তা বিধ্বস্ত হৈ পৰিছে । ৰাজ্যখনত এতিয়াও প্ৰায় ৬০ টা পথ বন্ধ হৈ আছে ।
হিমাচলত বাৰিষাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । বৰষুণৰ ফলত ২৪২.৬১ কোটি টকাৰ সম্পত্তিৰ লোকচানৰ তথ্য পোহৰলৈ আহিছে । তথ্য অনুসৰি পিডব্লিউডি বিভাগৰ সৰ্বাধিক ১১৩.১৯ কোটি টকাৰ লোকচান হৈছে । মাণ্ডি অঞ্চলৰ অধীনত পিডব্লিউডিৰ লোকচান ৩৮.৫৭ কোটি টকা বুলি অনুমান কৰা হৈছে । হামিৰপুৰ অঞ্চলত এই লোকচানৰ পৰিমাণ ৩৮.১৬ কোটি টকা । চিমলা অঞ্চলত প্ৰায় ১৬.০১ কোটি টকাৰ ক্ষতি হৈছে । কাংৰা অঞ্চলটো ১৬.১৩ কোটি টকাৰ অধিক লোকচান হৈছে । ইয়াৰ উপৰিও, বৰষুণৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ বিস্তৰ ক্ষতি হৈছে । লোকচানৰ পৰিমাণ প্ৰায় ৪.২৯ কোটি টকা বুলি অনুমান কৰা হৈছে ।
ধাৰাসাৰ বৰষুণৰ বাবে ভূমিস্খলনৰ প্ৰভাৱত পৰিছে বহুতো পথ । গ্ৰামাঞ্চলৰ বহু পথ এতিয়াও বন্ধ হৈ থকাৰ খবৰ পোৱা গৈছে । ইয়াৰে সৰ্বাধিক ৩৪ টা পথ মাণ্ডি অঞ্চলত আছে । একেদৰে চিমলাত ১২ টা পথ, কাংৰাৰ ৫ টা পথ আৰু হামিৰপুৰ অঞ্চলত ৯ টা পথ বন্ধ হৈ আছে ।
ৰাজ্যখনত ধাৰাসাৰ বৰষুণৰ ফলত জল শক্তি বিভাগৰ অধীনত ১৬৩৫ টা প্ৰকল্পৰ ক্ষতি হৈছে । তাৰ ভিতৰত প্ৰায় ১৩১৮ টা খোৱা পানী প্ৰকল্প । সেইবোৰৰ মেৰামতিৰ কাম চলি আছে । বৰষুণৰ ফলত ২৮৪ টা জলসিঞ্চন প্ৰকল্পৰো ক্ষতি হৈছে । ধাৰাসাৰ বৃষ্টিপাতৰ ফলত প্ৰায় ২৩ টা নৰ্দমাৰ প্ৰকল্প আৰু ১০ টা আন প্ৰকল্পৰো ক্ষতি হৈছে । জল শক্তি বিভাগৰ প্ৰায় ১০০.৯৭ কোটি টকাৰ লোকচান হোৱাৰ খবৰ পোৱা গৈছে ।
ৰাজ্যখনত ধাৰাসাৰ বৰষুণত বহুতো লোক আৰু জন্তুৰ প্ৰাণহানিৰ খবৰ পোৱা গৈছে । এতিয়ালৈকে ৰাজ্যখনত ২৪ গৰাকী লোকৰ মৃত্যু হৈছে । চিমলাত বানৰ বিধ্বংসী পৰিস্থিতিত সৰ্বাধিক ৭ গৰাকী লোকৰ মৃত্যু হৈছে । একেদৰে চম্বা জিলাত ৪ গৰাকী, হামিৰপুৰ আৰু কুল্লুত ৩ জনকৈ লোকৰ মৃত্যু হৈছে । মাণ্ডি আৰু চোলানতো দুজনকৈ লোকৰ মৃত্যু হৈছে । ইয়াৰ উপৰিও, কাংৰা, কিন্নৌৰ আৰু উন্নাতো ১ জনকৈ লোকৰ মৃত্যু হৈছে । একে সময়তে, এতিয়ালৈকে ৪৩ গৰাকী লোক আহত হৈছে । ৰাজ্যখনত বৰষুণৰ পাচত হোৱা বান আৰু ভূমিস্খলনৰ ফলত ৩৫৩ টা জন্তুৰো মৃত্যু হৈছে ।
হিমাচলত আৱাসিক ঘৰৰ লগতে অন্যান্য ঘৰৰো ক্ষতি হৈছে । ৰাজ্যখনত এতিয়ালৈকে ৪৮ টা ঘৰৰ ক্ষতি হোৱাৰ খবৰ পোৱা গৈছে । তাৰ ভিতৰত ৬ টা ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে আনহাতে ৪২ টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে ।
লগতে পঢ়ক :Accidents on Samruddhi Expressway : বিগত ছমাহত সমৰুদ্ধি এক্সপ্ৰেছৱেত প্ৰাণ হেৰুৱাইছে 88 জনে