ETV Bharat / bharat

পশ্চিমবংগত পুনৰ 696খন ৰেলৰ চলাচল আৰম্ভ হ'ব

author img

By

Published : Nov 9, 2020, 7:32 AM IST

কোভিড-19ৰ শেহতীয়া পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ অন্তত পশ্চিমবংগত পুনৰ আন্ত মহানগৰ ৰেলসমূহ চলাচলৰ বাবে ৰাজ্যখনৰ চৰকাৰে কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে ৷

পশ্চিমবংগত পুনৰ 696খন ৰেলৰ চলাচল আৰম্ভ হ'ব
পশ্চিমবংগত পুনৰ 696খন ৰেলৰ চলাচল আৰম্ভ হ'ব

দিল্লী, 9 নৱেম্বৰঃ কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীযুষ গোৱেলে এই সম্পৰ্কত সংবাদ মাধ্যমৰ আগত কয় যে,11 নৱেম্বৰৰ পৰা পশ্চিমবংগৰ ৰেলপথত আৰম্ভ হ'ব 696 খন উপ নগৰীয় ৰেলৰ সেৱা ৷ ৰেল মন্ত্ৰী পীযুষ গোৱেলে লগতে কয় যে, উপ নগৰীয় ৰেল সেৱা আৰম্ভ হ'লে যাত্ৰী সকলৰ চলাচল কৰা ক্ষেত্ৰত সুবিধা হ'ব ৷

অহা 11 নৱেম্বৰৰ পৰা পশ্চিমবংগত মুঠ 696 খন উপ নগৰীয় ৰেল চলাচল কৰিব৷ কোভিড-19ৰ ক্ষেত্ৰত পৰ্যাপ্ত সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে যাত্ৰী সকলৰ ভ্ৰমণ সূচল কৰিবৰ বাবে ৰেল বিভাগে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে ৰেল মন্ত্ৰী পীযুষ গোৱেলে ৷ উল্লেখ্য যে,কৰ'ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত দেশজুৰি বহুদিন ধৰি বন্ধ হৈ আছিল উপ নগৰীয় ৰেল সেৱা সমূহ ৷ পৰিস্থিতি ক্ৰমাৎ সুস্থিৰ হোৱাৰ লগে লগে পুনৰ এই ৰেল সেৱা আৰম্ভ হোৱাৰ পথত ৷ অৱশ্যে এই ৰেল সেৱা আৰম্ভ হ'লেও যাত্ৰী সকলে কোভিড-19ৰ নিয়ম সমূহ মানিহে ৰেলত যাত্ৰা কৰিব পাৰিব ৷ এই ক্ষেত্ৰত ৰেল বিভাগে প্ৰতিটো দিশ তন্ন তন্নকৈ নিৰীক্ষণত ৰাখিব ৷

লগতে চাওকঃ অজন্তা নেওগে বিজেপিত যোগদান কৰাক লৈ ৰাজনৈতিক মহলত সৰৱ চৰ্চা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.