ETV Bharat / bharat

ৰে’ল অথবা ষ্টেচনত মাস্ক পৰিধান নকৰিলে ৫০০ টকাৰ জৰিমনা - fine on railway station for not wearing mask

এতিয়াৰে পৰা ৰে’ল ষ্টেচন আৰু ৰে’লত ভ্ৰমণ কৰা সকলো লোকে মাস্ক পৰিধান কৰিব লাগিব । পৰৱৰ্তী ৬ মাহলৈ এই নিৰ্দেশনা জাৰি কৰিছে ৰে’ল বিভাগে । মাস্ক পৰিধান নকৰিলে ৫০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব ।

ৰেলত অথৱা ষ্টেচনত মাস্ক পৰিধান নকৰিলে ৫০০ টকাৰ জৰিমনা

author img

By

Published : Apr 17, 2021, 7:14 PM IST

নেশ্যনেল ডেস্ক,১৭ এপ্ৰিল: সমগ্ৰ দেশতে কৰ'ণাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে ৰে’ল বিভাগৰ গুৰুত্বপূৰ্ণ ঘোষণা । এতিয়াৰে পৰা ৰে’ল ষ্টেচন আৰু ৰে’লত ভ্ৰমণ কৰা সকলো লোকে মাস্ক পৰিধান কৰিব লাগিব । পৰৱৰ্তী ৬ মাহলৈ এই নিৰ্দেশনা জাৰি কৰিছে ৰে’ল বিভাগে । মাস্ক পৰিধান নকৰিলে ৫০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব ।

শনিবাৰে প্ৰতিটো জ’নৰ সকলো প্ৰৱন্ধকলৈ লিখা এখন পত্ৰত যাত্ৰী বাণিজ্য বিভাগৰ কাৰ্যবাহী সঞ্চালক নীৰজ শৰ্মাই উল্লেখ কৰে যে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু গৃহ মন্ত্ৰালয়ে সময়ে সময়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি ক'ভিড-১৯ মহামাৰীৰ পুনৰুত্থানৰ বিস্তাৰ নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় ৰে’ল বিভাগে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আছে । তেওঁ লগতে কয় যে, বিগত বছৰৰ ১১ মে’ত ৰে’ল বিভাগে জাৰি কৰা এছওপি অনুসৰি সকলো যাত্ৰীয়ে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক ।

নিৰ্দেশনা অনুসৰি ৰে’লৰ ভিতৰত বা ষ্টেচনত থু পেলোৱা কাৰ্য আইনমতে দণ্ডনীয় । এনেধৰণৰ কাৰ্যৰ বাবেও ৫০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব । দেশত কৰ'ণাই ভয়াৱহ ৰূপ লোৱাৰ মাজতে দেশজুৰি ৭০ শতাংশ যাত্ৰীবাহী ৰে’লৰ চলাচল অব্যাহত আছে ।

লগতে পঢ়ক: কৰ'ণা প্ৰতিষেধক বিক্ৰীৰ অনুমতি বিচাৰি প্ৰধানমন্ত্ৰীলৈ চিঠি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.