ETV Bharat / bharat

"ৰে’ল ৰোকো" কাৰ্যসূচীৰ বাবে অতিৰিক্ত 20 টা কোম্পানী মোতায়েন - সম্যুক্ত কিষান মৰ্চা

কৃষকসকলৰ প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে আহ্বান কৰা "ৰে’ল ৰোকো" কাৰ্যসূচীৰ প্ৰতি দৃষ্টি ৰাখি বৃহস্পতিবাৰে ৰে'ল বিভাগে সমগ্ৰ দেশত ৰে'লৱে সুৰক্ষা বিশেষ বাহিনী (আৰপিএছএফ) ৰ 20 টা অতিৰিক্ত কোম্পানী মোতায়েন কৰিছে ৷

"ৰে’ল ৰোকো" কাৰ্যসূচী
"ৰে’ল ৰোকো" কাৰ্যসূচী
author img

By

Published : Feb 18, 2021, 9:20 AM IST

নেশ্যনেল ডেস্ক, 18 ফেব্ৰুৱাৰী: কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখনকৈ বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে কৃষক সংগঠনৰ "ৰে’ল ৰোকো" কাৰ্যসূচীৰ আহ্বানৰ প্ৰতি দৃষ্টি ৰাখি বৃহস্পতিবাৰে ৰে'ল বিভাগে সমগ্ৰ দেশত ৰে'লৱে সুৰক্ষা বিশেষ বাহিনী (আৰপিএছএফ) ৰ 20 টা অতিৰিক্ত কোম্পানী মোতায়েন কৰিছে ৷ বিষয়টোক লৈ চলি থকা প্ৰতিবাদৰ মাজত ৰে'ল বিভাগে মুখ্যতঃ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৷

সম্যুক্ত কিষাণ মৰ্চাই যোৱা সপ্তাহতে এই কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি ঘোষণা কৰিছিল ৷ কৃষি আইনৰ বিৰোধিতাৰে বৃহস্পতিবাৰৰ দিনটোত দুপৰীয়া 12 বজাৰ পৰা আবেলি 4 বজালৈ ৰে'ল অৱৰোধ কৰিব কৃষক সংগঠনটোৱে ৷

ৰে’লৱে সুৰক্ষা বাহিনীৰ সঞ্চালক অৰুণ কুমাৰে ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, "কৃষক সকলে কোন কোন অঞ্চলত প্ৰতিবাদ কৰিব পাৰে, সেই ঠাই সমূহ আমি চিনাক্ত কৰিছো ৷ তাত অতিৰিক্ত সুৰক্ষা বাহিনী মোতায়েন কৰিছো । আইন-শৃংখলা বৰ্তাই ৰখাৰ বাবে আমি ৰাজ্য আৰু জিলা প্ৰশাসনৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছো" ৷

প্ৰতিবাদী কৃষকসকলৰ প্ৰতি এক বাৰ্তা প্ৰেৰণ কৰি ৰে’লৱে আৰক্ষীৰ সঞ্চালক প্ৰধানে ৰে’লত ভ্ৰমণ কৰা মহিলা আৰু শিশুসকলৰ বাবে যাতে খাদ্যৰ অসুবিধা নহয়, তাৰ প্ৰতি কৃষকসকলে লক্ষ্য ৰখাৰ লগতে শান্তিপূৰ্ণভাৱে এই কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় ৷

উল্লেখ্য যে, কৃষকসকলৰ এই প্ৰতিবাদৰ ফলত বছৰৰ আৰম্ভণিতে প্ৰায় 1,462.45 কোটি টকাৰ ক্ষতিৰ সন্মুখীন হোৱা বুলি ৰে’ল মন্ত্ৰালয়ে সংসদক জনাইছে ৷

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনি ৰূপায়ণৰ উদ্দেশ্যে বিশেষ সভা আইজলত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.