ETV Bharat / bharat

ছত্তীশগড়ত ৰেমডেচিবিৰ বেজী ব্যৱহাৰ কৰি অসুস্থ ৯০ জন কৰ'ণা ৰোগী

ছত্তীশগড়ত ৰেমদেচিবিৰ বেজী ব্যৱহাৰ কৰা এটা গোটৰ বাবে ৰাজ্যখনৰ ৰায়গড়ত ৯০ জন ৰোগীৰ পাৰ্শ্বক্ৰিয়া হয় । এই গোটটোৱে ব্যৱহাৰ কৰা ৰেমদেচিবিৰ বেজীসমূহ উন্নত মানৰ নাছিল । ইয়াৰ ফলতেই ৯০ জন কৰ'ণা ৰোগীৰ পাৰ্শ্বক্ৰিয়া হয় ।

author img

By

Published : Apr 30, 2021, 9:00 PM IST

REMDESIVIR
ৰেমডেচিবিৰ

নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল: দেশজুৰি কৰ'ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে ছত্তীশগড়ত ৰেমডেচিবিৰ বেজী ব্যৱহাৰ কৰা এটা গোটৰ বাবে ৰাজ্যখনৰ ৰায়গড়ত ৯০ জন ৰোগীৰ পাৰ্শ্বক্ৰিয়া হয় । এই গোটটোৱে ব্যৱহাৰ কৰা ৰেমডেচিবিৰ বেজীসমূহ উন্নত মানৰ নাছিল । যথেষ্ঠ বেয়া আছিল । ইয়াৰ ফলতেই ৯০ জন কৰ'ণা ৰোগীৰ পাৰ্শ্বক্ৰিয়া হয় ।

এই ঘটনাৰ পাচতে ৰাজ্যিক ঔষধ বিভাগে উক্ত গোটৰ কোনো বেজী ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । ৰেমডেচিবিৰ বেজী ব্যৱহাৰ কৰা এই গোটটো ২৮ এপ্ৰিলত ৰাইগড়ত উপস্থিত হৈছিল । জিলাখনত, এই গোটৰ পৰা ১২০ জন কৰ'ণা ৰোগীক ৰেমডেচিবিৰ বেজী দিয়া হৈছিল । কিন্তু ইয়াৰে ভিতৰত ৯০ জন কৰ'ণা ৰোগীৰ পাৰ্শ্বক্ৰিয়া হয় । এই কথা ৰায়গড় জিলা উপায়ুক্ত নিধি চৌধুৰীয়ে জনায় ।

ইতিমধ্যে পাৰ্শ্বক্ৰিয়া হোৱা লোকসকলক চিকিৎসা প্ৰদান কৰা হৈছে । কৰ'ণাত আক্ৰান্ত ৰোগীসকলক ৰেমডেচিবিৰ বেজী দিয়া হয় । বৰ্তমান, ৰায়গড় জিলা প্ৰশাসনে আন ৰোগীসকলক বেজী যোগান ধৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । জিলা প্ৰশাসনে খাদ্য আৰু ঔষধ প্ৰশাসনৰ পৰা ৰেমডেচিবিৰ বেজী যোগান লাভ কৰে ।

লগতে পঢ়ক: সমকামী সম্পৰ্ক গোচৰৰ ৰায়দানৰ পূৰ্বে মনোবিজ্ঞানীৰ কাষ চাপিল ন্যায়াধীশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.