ETV Bharat / bharat

টুইটাৰত প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ ৰাহুল গান্ধীৰ

পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত আক্ৰমণ ৰাহুল গান্ধীৰ ৷ শেহতীয়াকৈ গংগা নদীৰ বুকুত উদ্ধাৰ হোৱা মৃতদেহৰ প্ৰসংগ লৈ টুইটাৰ যোগে মোদীক আক্ৰমণ কৰে ৰাহুল গান্ধীয়ে ৷

Rahul takes potshot at Modi over dead bodies in Ganga
টুইটাৰত প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ ৰাহুল গান্ধীৰ
author img

By

Published : May 15, 2021, 7:01 PM IST

নেছনেল ডেক্স ,15 মে’ : শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ কেইবাখনো চহৰত গংগা নদীৰ বুকুত কেইবাটাও বিগলিত মৃতদেহ ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ পিছত শনিবাৰে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে পৰোক্ষভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি কয় যে, যিজন ব্যক্তিয়ে সততে গংগা মাতৃয়ে তেওঁক ওচৰলৈ মতাৰ কথা কয়, সেইগৰাকী ব্যক্তিৰ বাবেই আই গংগাই আজি চকুলো টুকিছে ৷

এটা টুইট যোগে ৰাহুল গান্ধীয়ে কয় যে , "যিজনে কৈছিল গংগাই তেওঁক মাতিছে, তেওঁৱেই আজি আই গংগাক কন্দুৱাইছে ।"

কংগ্ৰেছ নেতা গৰাকীয়ে তেওঁৰ টুইটটোৰ সৈতে এটা বাতৰিৰ প্ৰতিবেদনো সংলগ্ন কৰে, য'ত গংগা নদীৰ ১,১৪০ কিলোমিটাৰ দীঘল পাৰত প্ৰায় ২,০০০ মৃতদেহ উদ্ধাৰ হৈছে ।

উল্লেখ্য যে, বিগত কেইটামান দিনত, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ কেইবাখনো জিলাত নদীত ওপঙি থকা বা ইয়াৰ পাৰতে সমাধিস্থ কৰা অৱস্থাত কেইবাটাও মৃতদেহ উদ্ধাৰ হৈছে ।

লগতে পঢ়ক :কোচিত আজি 'টাউক্তে' ঘূৰ্ণীবতাহে ধুমুহাৰ ৰূপ লোৱাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.