ETV Bharat / bharat

Rahul Gandhis Flying Kiss : সংসদত ৰাহুল গান্ধীৰ 'ফ্লায়িং কিছ'ত আপত্তি স্মৃতি ইৰাণীৰ; শোভা কাৰান্দলাজৰ অধ্যক্ষক অভিযোগ - rahul gandhis flying kiss in parliament

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীৰ ওপৰত সংসদত মহিলা সদস্যসকল বহা আসনৰ ফালে 'ফ্লায়িং কিছ' দিয়াৰ অভিযোগ উত্থাপন কৰিছে ।

Rahul Gandhis Flying Kiss
Rahul Gandhis Flying Kiss
author img

By

Published : Aug 9, 2023, 5:04 PM IST

নিউজ ডেস্ক, ৯ আগষ্ট : সংসদ পদ ওভতাই পোৱাৰ পিছত সদনত উপস্থিত হোৱাৰ তৃতীয়দিনাই পুনৰ বিতৰ্কত সাঙোৰ খাই পৰিছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী । কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি সাংসদ স্মৃতি ইৰাণীয়ে বুধবাৰে ৰাহুল গান্ধীৰ 'সংসদত ফ্লায়িং কিছ'ৰ ওপৰত আপত্তি জনাই কয় যে এনে 'অসন্মানজনক' আচৰণ সদনত আগতে কেতিয়াও দেখা পোৱা নাছিল ।

"মই কিবা এটাত আপত্তি জনাইছোঁ । মই যোৱাৰ আগতে অশালীনতা প্ৰদৰ্শন কৰাৰ কথা এটা ক'ব বিচাৰিছোঁ । এইটো হৈছে কেৱল এজন বিদ্বেষী পুৰুষেহে সংসদৰ মহিলা সদস্যসকল বহা আসনৰ ফালে ফ্লায়িং কিছ দিব পাৰে । এনে অসন্মানজনক আচৰণ দেশৰ সংসদত পূৰ্বতে কেতিয়াও দেখা পোৱা নাছিলোঁ ।" কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ বিৰুদ্ধে বক্তব্য ৰাখি ইৰাণীয়ে কয় ।

"ৰাহুল গান্ধীয়ে সংসদত আজি যি কৰিলে তাৰ দৰে পূৰ্বতে সংসদত এজন মানুহৰ বিদ্বেষমূলক আচৰণ কেতিয়াও দেখা পোৱা নাছিলোঁ । যেতিয়া সংসদৰ সদস্যসকলে অধিবেশনৰ সময়ত এজন পুৰুষৰ বিদ্বেষৰ সাক্ষী হয়, য'ত মহিলাৰ মৰ্যাদা সুৰক্ষিত কৰাৰ বাবে আইন প্ৰস্তুত কৰা হয়, মোৰ প্ৰশ্ন হৈছে তেওঁক এনে কামলৈ অনা উচিতনে ?" ইৰাণীয়ে লোকসভাৰ পৰা ওলাই অহাৰ পিছত এনেদৰে কয় ।

ৰাহুল গান্ধীৰ ভাষণৰ পিছত দিয়া ভাষণৰ সময়তো কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ সমালোচনা আৰম্ভ কৰে ।

ইফালে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি সাংসদ শোভা কাৰান্দলাজে কয়, "সকলো মহিলা সদস্যক ফ্লায়িং কিছ দি ৰাহুল গান্ধী আঁতৰি গ'ল । এয়া এজন সদস্যৰ সম্পূৰ্ণ দুৰ্ব্যৱহাৰ । এয়া এজন সদস্যৰ অনুপযুক্ত আৰু অশালীন আচৰণ ।"

"জ্যেষ্ঠ সদস্যসকলে কৈছে যে ভাৰতৰ সংসদৰ ইতিহাসত এনে ঘটনা কেতিয়াও ঘটা নাই... এইটো কি আচৰণ ? তেওঁ কেনে ধৰণৰ নেতা ? সেয়েহে আমি অধ্যক্ষৰ ওচৰত অভিযোগ কৰিছোঁ যে ইয়াৰ চিচিটিভি ফুটেজ ল'ব লাগে আৰু তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । আমি এইটোৱেই দাবী কৰিছোঁ ।" সংবাদ সংস্থা এএনআয়ে শোভা কাৰান্দলাজৰ উদ্ধৃতি দি কয় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.