ETV Bharat / bharat

Rahul Talks to Satyapal Malik : সত্যপাল মালিকৰ সৈতে বাৰ্তালাপত মিলিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী - কংগ্ৰেছ নেতা

কেন্দ্ৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে দিয়া বক্তব্যৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰা প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ সৈতে বাৰ্তালাপত মিলিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী। এই সময়ত তেওঁ পুলৱামাকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে।

Rahul Talks to Satyapal Malik
সত্যপাল মালিকৰ সৈতে বাৰ্তালাপ ৰাহুল গান্ধীৰ
author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 4:15 PM IST

নিউজ ডেস্ক, 25 অক্টোবৰ : জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ সৈতে বাৰ্তালাপত মিলিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ এই বাৰ্তালাপৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে ৷ ইয়াত সত্যপাল মালিকে ৰাহুল গান্ধীৰ সৈতে পুলৱামা আক্ৰমণ, আদানী বিষয়, কৃষক আন্দোলন আৰু অগ্নিবীৰ আদি গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিছে ৷ ৰাহুল গান্ধীয়েও মণিপুৰ বিষয়ত চৰকাৰৰ মনোভাৱ সন্দৰ্ভত কথা পাতিছিল ৷

  • क्या ये संवाद ED-CBI की भाग दौड़ बढ़ा देगा?

    पुलवामा, किसान आंदोलन और अग्निवीर जैसे महत्वपूर्ण मुद्दों पर राज्यपाल, पूर्व सांसद और किसान नेता, सत्यपाल मलिक जी के साथ दिलचस्प चर्चा!

    पूरा वीडियो मेरे यूट्यूब चैनल पर देखिए। pic.twitter.com/tIGkXDRjzD

    — Rahul Gandhi (@RahulGandhi) October 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে পুলৱামা আক্ৰমণ আৰু অন্যান্য বিষয় সন্দৰ্ভত ইতিমধ্যে প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ফ্ৰণ্ট মুকলি কৰিছে ৷ বিভিন্ন মঞ্চৰ পৰা চৰকাৰক ঘেৰাও কৰিবলৈ চেষ্টা কৰিছিল তেওঁ ৷ এই বিষয়সমূহ সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুলেও এতিয়া তেওঁৰ সৈতে কথা পাতিছে ৷ কোৱা হৈছে যে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন 2023 আৰু লোকসভা নিৰ্বাচন 2024ৰ পৰিপ্ৰেক্ষিতত এই বিষয়সমূহ পুনৰ জ্বলোৱাৰ প্ৰচেষ্টা চলোৱা হৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

পুলৱামাত শ্বহীদ হোৱা জোৱান সকলৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বৃহৎ অভিযোগ উত্থাপন কৰিছিল প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে ৷ তেওঁ পোনপটীয়াকৈ আক্ৰমণ কৰে গৃহমন্ত্ৰী অমিত শ্বাহক ৷ অভিযোগ উত্থাপন কৰি তেওঁ কৈছিল যে বিষয়টোৰ তদন্ত হোৱা নাই ৷ তদন্ত হোৱা হ’লে গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিলেহেঁতেন ৷ বহু বিষয়া জেলত থাকিলহেঁতেন ৷ পুলৱামা আক্ৰমণত শ্বহীদ হৈছিল 40 জন জোৱান ৷

মালিকে কয় যে এই ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁ জম্মু-কাশ্মীৰৰ ৰাজ্যপাল আছিল ৷ তেওঁ কয়, ‘যেতিয়াই চি আৰ পি এফ জোৱানৰ চলাচল হৈছিল তেতিয়াই তেওঁলোকে আমাক জনোৱাৰ পৰিৱৰ্তে গৃহ মন্ত্ৰালয়ক জনাইছিল ৷’ সত্যপাল মালিকে অভিযোগ কৰে যে পুলৱামা বিষয়ত তেওঁক মুখ বন্ধ কৰি ৰাখিবলৈ কোৱা হৈছিল ৷ শাসকীয় দলে তদন্ত সম্পন্ন কৰা নাছিল ৷ সত্যপাল মালিকে জোৱানৰ মৃতদেহক লৈ নিৰ্বাচনত যুঁজ দিয়া বুলিও অভিযোগ উত্থাপন কৰে তেওঁ ৷

লগতে পঢ়ক : Amritpal Singh: কাৰাৰুদ্ধ অমৃতপাল সিঙৰ পিতৃক বিদেশ যাত্ৰাত বাধা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.