নেশ্যনেল ডেস্ক, 29 জুন: মণিপুৰ ভ্ৰমণকলৈ ৰাহুল গান্ধীক পুনৰ কটাক্ষ ভাৰতীয় জনতা পাৰ্টিৰ আইটি চেলৰ মুৰব্বী অমিত মালব্যৰ ৷ ৰাহুল গান্ধীক ৰাজনৈতিক সুবিধাবাদী আখ্যা মালব্যৰ ৷ 29 আৰু 30 জুনত দুদিনীয়া ভ্ৰমণসূচীৰে হিংসাজৰ্জৰ মণিপুৰলৈ ভ্ৰমণলৈ গৈছে কংগ্ৰেছ নেতাগৰাকী ৷ সাহায্য শিবিৰ পৰিদৰ্শন কৰাৰ লগতে ইম্ফল আৰু চুৰাচান্দপুৰ ভ্ৰমণৰ লক্ষ্য ৰাহুল গান্ধীৰ ৷
মাত্ৰ কেইটামান দিন পূৰ্বে ৰাহুল গান্ধীক দেশৰ বাবে ভয়াৱহ আখ্যা দি টুইটযোগে কটাক্ষ কৰিছিল মালব্যই ৷ মালব্যৰ বিৰুদ্ধে কৰ্ণাটক কংগ্ৰেছে গোচৰ ৰুজু কৰাৰ পাচতো পুনৰ আক্ৰমণ ৰাহুল গান্ধীক ৷
-
Not once did Rahul Gandhi visit Churachandpur in Manipur between 2015-17, to meet the victims of ethnic violence, that raged following Congress CM Okram Ibobi Singh Govt’s decision to pass three Bills – the Protection of Manipur People’s Bill, 2015, Manipur Land Revenue and Land…
— Amit Malviya (@amitmalviya) June 29, 2023 " class="align-text-top noRightClick twitterSection" data="
">Not once did Rahul Gandhi visit Churachandpur in Manipur between 2015-17, to meet the victims of ethnic violence, that raged following Congress CM Okram Ibobi Singh Govt’s decision to pass three Bills – the Protection of Manipur People’s Bill, 2015, Manipur Land Revenue and Land…
— Amit Malviya (@amitmalviya) June 29, 2023Not once did Rahul Gandhi visit Churachandpur in Manipur between 2015-17, to meet the victims of ethnic violence, that raged following Congress CM Okram Ibobi Singh Govt’s decision to pass three Bills – the Protection of Manipur People’s Bill, 2015, Manipur Land Revenue and Land…
— Amit Malviya (@amitmalviya) June 29, 2023
এটা টুইটযোগে মালব্যই কয় যে ৰাহুল গান্ধীয়ে 2015 ৰ পৰা 2017 বৰ্ষৰ ভিতৰত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী ওক্ৰাম ইবোবি সিং (Okram Ibobi Singh) চৰকাৰে তিনিখন বিধেয়ক গৃহীত কৰাৰ সিদ্ধান্তৰ পিচত সংঘটিত জাতিগত হিংসাৰ ভুক্তভোগীসকলক সাক্ষাতৰ বাবে এবাৰো যোৱা নাছিল ৷ বিজেপিৰ আইটি চেলৰ মুৰব্বীগৰাকীয়ে লগতে কয়, ‘‘মণিপুৰ গণ বিধেয়ক-২০১৫, মণিপুৰ ভূমি ৰাজহ আৰু ভূমি সংস্কাৰ (সপ্তম সংশোধনী) বিধেয়ক-২০১৫, আৰু মণিপুৰ দোকান আৰু প্ৰতিষ্ঠান (দ্বিতীয় সংশোধনী) বিধেয়ক-2015 আছিল সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ৰ দ্বাৰা জনজাতীয় ভূমি দখল কৰাৰ এক ‘ষড়যন্ত্ৰ’ ৷
ৰাহুল গান্ধীয়ে সেই সময়ত কিয় মণিপুৰ ভ্ৰমণ কৰা নাছিল বুলি প্ৰশ্ন কৰি এতিয়া ৰাহুল গান্ধীয়ে কেৱল নিজৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষাৰ বাবেহে মণিপুৰ ভ্ৰমণ কৰা বুলি উল্লেখ কৰি কটাক্ষ কৰে ৷ মালব্যই কয়, ‘‘তেওঁৰ মণিপুৰ ভ্ৰমণ মানুহৰ বাবে চিন্তা কৰি নহয় বৰঞ্চ তেওঁৰ নিজৰ স্বাৰ্থপৰ ৰাজনৈতিক মুনাফাৰ বাবেহে ৷ ৰাহুল গান্ধী আৰু কংগ্ৰেছক এতিয়া ৰাইজে বিশ্বাসত ল’ব পৰা কোনো কাৰণ নাই ৷’’
লগতে পঢ়ক: Amit Malviya booked: বিজেপিৰ আইটি চেলৰ মুৰব্বীৰ বিৰুদ্ধে কৰ্ণাটক কংগ্ৰেছৰ গোচৰ ৰুজু