নিউজ ডেস্ক, 17 আগষ্ট : কংগ্ৰেছ নেতা ৰাহুল গান্ধী বৃহস্পতিবাৰৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে লাডাখলৈ যোৱাৰ সম্ভাৱনা আছে ৷ সংবাদ সংন্থা ANI ৰ বাতৰি অনুসৰি, বৃহস্পতিবাৰ আৰু শুকুৰবাৰে ৰাহুল গান্ধীয়ে লাডাখ ভ্ৰমণ কৰিব । ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে দুবাৰকৈ জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ আৰু জম্মু ভ্ৰমণ কৰিছিল ৷ কিন্তু সময়ৰ অভাৱৰ বাবে লাডাখ ভ্ৰমণ কৰিব নোৱাৰিলে ।
দলীয় এক সূত্ৰই উল্লেখ কৰা অনুসৰি, ‘‘এই বছৰৰ জানুৱাৰী মাহত ৰাহুল গান্ধীয়ে ভাৰত জড়ো যাত্ৰাৰ সময়ত জম্মু-শ্ৰীনগৰ ভ্ৰমণ কৰিছিল । চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত তেওঁ পুনৰবাৰ ব্যক্তিগতভাৱে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিছিল ৷ কিন্তু লাডাখ ভ্ৰমণ কৰিব পৰা নাছিল’’ ৷
চলিত বৰ্ষতে কংগ্ৰেছ নেতাগৰাকীয়ে ইউৰোপ ভ্ৰমণলৈ যোৱাৰো সম্ভাৱনা আছে ৷ জানিব পৰা মতে, ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা তিনিখন দেশ ক্ৰমে বেলজিয়াম, নৰৱে আৰু ফ্ৰান্স ভ্ৰমণৰ সম্ভাৱনা আছে ৷ আনকি কংগ্ৰেছৰ সাংসদগৰাকীয়ে ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহত ইউৰোপ ভ্ৰমণ কৰিব ৷ য'ত তেওঁ ভাৰতীয় প্ৰব্ৰজনকাৰী আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে ৷
ANI ত প্ৰকাশিত বাতৰি অনুসৰি, কংগ্ৰেছ নেতাগৰাকীয়ে চলিত বৰ্ষতে তিনিখন চহৰ ক্ৰমে ছান ফ্ৰান্সিস্কো, ৱাশ্বিংটন ডিচি আৰু নিউয়ৰ্ক সামৰি লৈছিল ৷ য'ত তেওঁ সাক্ষাৎ কৰিছিল ভাৰতীয় প্ৰব্ৰজনকাৰী, ভেঞ্চাৰ কেপিটেলিষ্ট, সাংসদসকলৰ লগতে অন্যান্য কিছু লোককো ৷
সকলোৰে জ্ঞাত যে, ৰাহুল গান্ধীয়ে চলিত বৰ্ষৰ আৰম্ভণিতে লণ্ডণৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত উপস্থিত হৈছিল ৷ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত ৰাহুল গান্ধীয়ে দিয়া ভাষণৰ পিচৰে পৰা সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ য'ত তেওঁ উল্লেখ কৰিছিল যে ভাৰতীয় গণতন্ত্ৰ হেঁচাত পৰিছে আৰু আক্ৰমণৰ সন্মুখীন হৈছে ।
ব্ৰিটেইনৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত দিয়া বক্তৃতাত ৰাহুল গান্ধীয়ে কয়, ‘‘ভাৰতীয় গণতন্ত্ৰৰ ওপৰত হেঁচা আৰু আক্ৰমণৰ সন্মুখীন হোৱাটো সকলোৰে জ্ঞাত, সঘনে এই সন্দৰ্ভত বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । মই ভাৰতৰ এজন বিৰোধী নেতা । আমি সেই সন্দৰ্ভত বিৰোধিতা কৰি আহিছো ৷ গণতন্ত্ৰৰ বাবে সংসদ, মুক্ত প্ৰেছ, ন্যায়পালিকা আদিৰ প্ৰয়োজন ৷ কিন্তু বৰ্তমান সকলোবোৰ বাধাগ্ৰস্ত হৈ পৰিছে । গতিকে আমি ভাৰতীয় গণতন্ত্ৰৰ মৌলিক গাঁথনিৰ ওপৰত আক্ৰমণৰ সন্মুখীন হৈছো’’ ।