নেশ্যনেল ডেস্ক,১ এপ্ৰিল: কেৰালাৰ ৱায়ানাডত ৰাহুল গান্ধীৰ নেতৃত্বৰ নিৰ্বাচনী প্ৰচাৰ । মনন্থাবাদীত এক পদযাত্ৰাৰে নেতাগৰাকীয়ে আৰম্ভ কৰে এই প্ৰচাৰ অভিযানৰ । এই পদযাত্ৰা এৰুমাথেৰুৰ পৰা আৰম্ভ হৈছিল আৰু বাছ আস্থানত সমাপ্ত হৈছিল । ইয়াৰ পিছতে গান্ধী পাৰ্কত সমৰ্থক তথা দলৰ কৰ্মীসকলক সম্বোধন কৰি নেতাগৰাকীয়ে কয় যে তেওঁ আদৰ্শগতভাৱে বাওঁপন্থীক বিৰোধিতা কৰিছিল ,কিন্তু তেওঁলোকক প্ৰকৃতাৰ্থত বেয়া নাপাই ৰাহুল গান্ধীয়ে ।
জিলাখনত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিবলৈ আৰু সীমান্ত অঞ্চলৰ সমস্যা সমাধানৰ বাবে কেন্দ্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল যদিও এই ক্ষেত্ৰত তেওঁ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ পৰা সম্পূৰ্ণ সমৰ্থন নোপোৱাৰ অভিযোগ কৰে ।
ৰাহুল গান্ধীয়ে লগতে দাবী কৰে যে যদি ইউডিএফ ক্ষমতালৈ আহে চিকিৎসা মহাবিদ্যালয় স্থাপন আৰু বাফাৰ জোনৰ সমস্যাকে ধৰি ৱায়ানাডবাসীয়ে সন্মুখীন হোৱা ৯০ শতাংশ সমস্যা সমাধান কৰিব । ৰাহুল গান্ধীয়ে প্ৰচাৰৰ বাবে এই মাহৰ ৪ তাৰিখত পুনৰ ৱায়ানাডলৈ আহিব আৰু এইবাৰ প্ৰিয়ংকা গান্ধীয়েও তেওঁক সংগ দিব ।
ইফালে কংগ্ৰেছ নেতৃত্বৰ মতে ৰাহুল গান্ধীৰ উপস্থিতিয়ে ৱায়ানাড জিলা কংগ্ৰেছ নেতৃত্বক যথেষ্ট আত্মবিশ্বাসী কৰি তুলিব । যেতিয়া ৰাহুল গান্ধী নিজেই প্ৰচাৰৰ নেতৃত্ব দিয়ে, তেতিয়া কৰ্মীসকলৰ মাজত যথেষ্ট উত্তেজনা বৃদ্ধি থাকিব ।
লগতে পঢ়ক: নিৰ্বাচনৰ পূৰ্বে কেৰালাত হিংসাত্মক পৰিস্থিতি