নেশ্যনেল ডেস্ক, ২৪ এপ্ৰিল : মোডী উপাধিক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবে ইতিমধ্যে দোষী সাব্যস্ত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Modi surname issue)। চুৰাট আদালতে তেওঁক দোষী সাব্যস্ত কৰাৰ লগতে জামিনো প্ৰদান কৰিছে । তাৰ পাছৰে পৰা ৰাহুল গান্ধী বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে । সাংসদ পদ খাৰিজ হোৱাৰ পৰা আৰম্ভ কৰি চৰকাৰী আৱাস ত্যাগ কৰালৈ বহু সমস্যাৰ মাজেৰে শেহতীয়া দিনবোৰ পাৰ কৰিছে ৰাহুল গান্ধীয়ে ।
ইয়াৰ মাজতে ৰাহুল গান্ধীৰ বাবে আহিল এক ভাল খবৰ । পাটনা আদালতে তেওঁক সাময়িক সকাহ প্ৰদান কৰিলে । পাটনাৰ এমপি এমএলএ আদালতৰ জাননীক প্ৰত্যাহ্বান জনাই ৰাহুল গান্ধীয়ে পাটনা আদালতত আবেদন দাখিল কৰিছিল । সোমবাৰে ৰাহুল গান্ধীৰ পক্ষত শুনানি গ্ৰহণ কৰে পাটনা আদালতে (Patna court hearing in Rahul favour)।
মোডী উপাধিৰ গোচৰত ৰাহুল গান্ধীক সকাহ দি উচ্চ ন্যায়ালয়ে তেওঁৰ বিৰুদ্ধে নিম্ন আদালতত চলি থকা প্ৰক্ৰিয়াৰ ওপৰত স্থগিতাদেশ জাৰী কৰে আৰু বিষয়টোৰ পৰৱৰ্তী শুনানিৰ বাবে ১৫ মে' তাৰিখ নিৰ্ধাৰণ কৰে ।
পাটনা উচ্চ ন্যায়ালয়ে মোডী উপাধিৰ গোচৰত ৰাহুল গান্ধীক অন্তৱৰ্তীকালীন সকাহো প্ৰদান কৰে (Rahul Gandhi defamation case)। উচ্চ ন্যায়ালয়ে পাটনাৰ এমপি এমএলএ আদালতত চলি থকা ন্যায়িক প্ৰক্ৰিয়া স্থগিত ৰখাৰ নিৰ্দেশ দিয়াৰ লগে লগে ৰাহুল গান্ধীয়ে ২৫ এপ্ৰিলত পাটনাৰ বিচাৰ আদালতত হাজিৰ হ'ব নালাগে । উচ্চ ন্যায়ালয়ে শুনানিৰ পৰৱৰ্তী তাৰিখ ১৫ মে' নিৰ্ধাৰণ কৰাৰ লগতে তেতিয়ালৈ বিচাৰ আদালতৰ প্ৰক্ৰিয়াও স্থগিত ৰখাৰ নিৰ্দেশ দিছে ।
উল্লেখ্য যে, মোডী উপাধি বিষয়ক লৈ ২০১৯ চনতে বিজেপি সাংসদ সুশীল মোডীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । এই ক্ষেত্ৰত, পাটনাৰ এমপি-এমএলএ আদালতে ৰাহুলক ২৫ এপ্ৰিলত ব্যক্তিগতভাৱে হাজিৰ হ'বলৈ কৈছিল । ইয়াৰ পাচতে ৰাহুল গান্ধীয়ে এই সিদ্ধান্তক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল । সোমবাৰে ন্যায়াধীশ সন্দীপ কুমাৰৰ বিচাৰপীঠত শুনানি গ্ৰহণ কৰে ।
উল্লেখ্য যে, ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰা ৪ বছৰ পুৰণি মানহানিৰ গোচৰত চুৰাট আদালতে তেওঁ দুবছৰৰ কাৰাদণ্ড বিহিছিল । আদালতৰ এই সিদ্ধান্তৰ পাছত তেওঁৰ সংসদৰ সদস্য পদো বাতিল কৰা হৈছিল । ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ কোলাৰত ভাষণ দিয়াৰ সময়তে মোডী উপাধি সম্পৰ্কে বিতৰ্ক মন্তব্য কৰিছিল ।
লগতে পঢ়ক : Modi surname issue: আজি পাটনা আদালতত ৰাহুল গান্ধীৰ আবেদনক লৈ শুনানি