ETV Bharat / bharat

Rahul Gandhi in Surat : চুৰাট সত্ৰ আদালতত ৰাহুল গান্ধীৰ দুখন আবেদন, ১৩ এপ্ৰিলত হ'ব পৰৱৰ্তী শুনানি - Rahul Gandhi at Surat Sessions Court

চুৰাট সত্ৰ আদালতত ৰাহুল গান্ধীয়ে দুখনকৈ আবেদন দাখিল কৰিছে (Rahul Gandhi filed two petitions in Court)। তেওঁ শাস্তিৰ ওপৰত স্থগিতাদেশ আৰু দোষমুক্ত ঘোষণা কৰাৰ বাবে আবেদন জনাইছে । আবেদনৰ সময়ত ৰাহুল গান্ধীৰ সৈতে প্ৰিয়ংকা গান্ধীও আছিল । পৰৱৰ্তী শুনানি ১৩ এপ্ৰিলত হ'ব ।

Rahul Gandhi in Surat
চুৰাট সত্ৰ আদালতত ৰাহুল গান্ধীৰ দুখন আবেদন
author img

By

Published : Apr 3, 2023, 5:16 PM IST

নেশ্যনেল ডেস্ক,৩ এপ্ৰিল : কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে চুৰাট সত্ৰ আদালতত শাস্তিৰ প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিলে (Rahul Gandhi filed two petitions in Court)। বিগত মাহত, ৰাহুল গান্ধীক মোডী উপাধি সম্পৰ্কীয় মানহানিৰ গোচৰত দুবছৰৰ কাৰাদণ্ড দিয়া হৈছিল (Modi surname case)। লগে লগে তেওঁৰ সাংসদ পদও খাৰিজ কৰা হৈছিল । গোচৰটোৰ ৰায় প্ৰদানৰ ৩০ দিনৰ ভিতৰত আবেদন দাখিল কৰে ৰাহুল গান্ধীয়ে । ৰাহুল গান্ধীয়ে দাখিল কৰা আবেদন ৬৮ পৃষ্ঠাৰ আছিল ।

জানিব পৰা মতে এইবাৰ দিল্লীৰ ৰাহুল গান্ধীৰ অধিবক্তাৰ দলটোৱে গোচৰটো চম্ভালিব । অৱশ্যে, আদালতে ৰাহুল গান্ধীক শাস্তি দিয়াৰ দিনাই জামিন প্ৰদান কৰিছিল আৰু তেওঁৰ শাস্তিৰ কাৰ্যকৰীকৰণ ৩০ দিনৰ বাবে স্থগিত ৰাখিছিল (Rahul Gandhi bail)। যাতে তেওঁ উচ্চ ন্যায়ালয়ত আপীল দাখিল কৰিব পাৰে । ইতিমধ্যে তেওঁৰ আপীল দাখিলৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে ।

তেওঁৰ অধিবক্তাই দুখন আবেদন দাখিল কৰাৰ পাছতে আবেলি ৩ বজাত চুৰাটৰ সত্ৰ আদালতত ৰাহুল গান্ধী হাজিৰ হয় (Rahul Gandhi at Surat Sessions Court)। এখন আবেদনৰ শুনানি ৩ মে'ত গ্ৰহণ কৰা হ'ব । ইয়াৰ উপৰিও, মানহানিৰ গোচৰত ৰাহুল গান্ধীক জামিন দিয়া সম্পৰ্কত পৰৱৰ্তী শুনানি ১৩ এপ্ৰিলত চুৰাট সত্ৰ আদালতত গ্ৰহণ কৰা হ'ব ।

উল্লেখ্য যে ৰাহুল গান্ধী য়ে সোমবাৰে আবেলি গুজৰাটত উপস্থিত হৈ ২০১৯ ৰ অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ বিৰুদ্ধে চুৰাট আদালতত আবেদন দাখিল কৰে । ৰাহুল গান্ধীয়ে মেট্ৰ'পলিটান আদালতৰ দুবছৰীয়া কাৰাদণ্ডক প্ৰত্যাহ্বান জনাই এখন আবেদন দাখিল কৰিবলৈ সত্ৰ আদালতত হাজিৰ হয় । তেওঁৰ সৈতে তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধীও আছিল ।

সত্ৰ আদালতত দাখিল কৰা দুখন আবেদনৰ ভিতৰত এখন হৈ শাস্তি উঠাই লোৱা আৰু দোষমুক্ত ঘোষণা কৰাৰ বাবে আনখন আবেদন দাখিল কৰা হৈছে । ৰাহুল গান্ধীৰ আইনী দলৰ সদস্য বাবুভাই মংগেকিয়াই কয় যে ন্যায়িক ইতিহাসত সত্ৰ আদালতে দুবছৰৰ বাবে শাস্তি স্থগিত ৰাখিছে । আদালতে আনটো পক্ষৰ কথাও শুনিব । ৰাহুল গান্ধী ৩০ দিনৰ বাবে জামিনত আছে । যদি সোমবাৰে শাস্তি স্থগিত কৰা নহয়, তেন্তে আদালতে ৰাহুল গান্ধীৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰিব পাৰে আৰু শাস্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি অধিবক্তাই উল্লেখ কৰে ।

লগতে পঢ়ক :Rahul Gandhi to appear in Surat court: শাস্তি ৰেহাইৰ বাবে চুৰাট আদালতত ৰাহুল গান্ধীৰ আবেদন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.