ETV Bharat / bharat

Rahul Gandhi defamation case : ৰাহুল গান্ধীৰ সমৰ্থনত আজি কংগ্ৰেছৰ দেশজুৰি মৌন সত্যাগ্ৰহ - congress moun satyagraha to support Rahul Gandhi

'মোদী উপাধি' মন্তব্যক লৈ গুজৰাট উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ মানহানিৰ গোচৰত প্ৰাক্তন কংগ্ৰেছ মুৰব্বীক দোষী সাব্যস্ত কৰাৰ ওপৰত স্থগিতাদেশ অস্বীকাৰ কৰাৰ পিছত কংগ্ৰেছে দলৰ নেতা ৰাহুল গান্ধীৰ সৈতে একাত্মতা প্ৰদৰ্শন কৰিবলৈ 'মৌন সত্যাগ্ৰহ' অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল ।

Rahul Gandhi defamation case
Rahul Gandhi defamation case
author img

By

Published : Jul 12, 2023, 10:21 AM IST

নিউজ ডেস্ক, ১২ জুলাই : 'মোদী উপাধি' গোচৰত ইতিমধ্যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰিছে গুজৰাটৰ এখন ন্যায়ালয়ে । যাৰ বাবে নিজৰ সাংসদ পদো হেৰুৱাবলগীয়া হৈছে ৰাহুল গান্ধীয়ে । আনহাতে, গুজৰাটৰ নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই গুজৰাট উচ্চ ন্যায়ালয়ত এই ৰায়ৰ ওপৰত স্থগিতাদেশৰ বাবে আবেদন জনাইছিল ৰাহুল গান্ধীয়ে । কিন্তু গুজৰাট উচ্চ ন্যায়ালয়ে ইয়াৰ ওপৰত স্থগিতাদেশ দিবলৈ অস্বীকাৰ কৰে । ইয়াৰ পিছতে কংগ্ৰেছে এই মানহানি গোচৰৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত লয় ।

সেই অনুসৰি কংগ্ৰেছে ১২ জুলাইত দেশজুৰি মৌন সত্যাগ্ৰহ পালনৰ কাৰ্যসূচীৰ কথা ঘোষণা কৰে । কংগ্ৰেছ নেতাগৰাকীৰ লগত যে দেশৰ কংগ্ৰেছ কৰ্মীসকল আছে সেয়া প্ৰদৰ্শন কৰিবলৈকে এই কাৰ্যসূচীৰ আহ্বান জনোৱা হৈছে । অৱশ্যে কংগ্ৰেছে মঙলবাৰে কয় যে হিমাচল প্ৰদেশ আৰু পঞ্জাবকে ধৰি চাৰিখন বানপীড়িত ৰাজ্যত বুধবাৰে অনুষ্ঠিত হ'বলগীয়া 'মৌন সত্যাগ্ৰহ' কাৰ্যসূচী স্থগিত ৰাখিছে ।

অৱশ্যে দেশৰ মহা পুৰণি দলটোৱে দৃঢ়তাৰে কয় যে 'মৌন সত্যাগ্ৰহ' বাকী সকলো ৰাজ্যতে অনুষ্ঠিত কৰা হ'ব । উল্লেখ্য যে নেৰানেপেৰা বৰষুণে উত্তৰ ভাৰতক ক্ষতিগ্ৰস্ত কৰিছে । যাৰ ফলত হিমাচল প্ৰদেশত বান পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ৰাজ্যখন বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে । বান আৰু ভূমিস্খলনৰ দৰে ঘটনাত কেইবাজনো লোকৰ মৃত্যু হৈছে । পঞ্জাব আৰু হাৰিয়ানাতো পৰিস্থিতি ভয়ংকৰ ।

আনহাতে, কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে এক টুইটযোগে কয়, "বৰ্তমান চলি থকা বান পৰিস্থিতিৰ বাবে দিল্লী, হাৰিয়ানা, পঞ্জাব আৰু হিমাচল প্ৰদেশত পৰিকল্পিত মৌন সত্যাগ্ৰহ অহা ১৬ জুলাইত অনুষ্ঠিত হ'ব ।"

  • Due to the prevailing flood situation, the Maun Satyagraha planned in Delhi, Haryana, Punjab and Himachal Pradesh will be held on 16 July, 2023.

    The rest of the states will conduct the Satyagraha tomorrow, as planned. The Modi Government can try all the tricks in their armoury…

    — K C Venugopal (@kcvenugopalmp) July 11, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

"বাকী ৰাজ্যসমূহে পৰিকল্পনা অনুসৰিয়ে বুধবাৰে সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰিব । নৰেন্দ্ৰ মোদী চৰকাৰে আমাৰ বিৰুদ্ধে তেওঁলোকৰ অস্ত্ৰাগাৰত থকা সকলো অস্ত্ৰ ব্যৱহাৰৰ চেষ্টা কৰিব পাৰে, কিন্তু আমি জনসাধাৰণৰ কণ্ঠস্বৰ তীব্ৰ কৰাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিত দৃঢ় হ'ম ।" ৰাজ্যসভাৰ সাংসদ বেণুগোপালে লগতে কয় ।

উল্লেখ্য, গুজৰাট উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ 'মোদী উপাধি' মন্তব্যক লৈ মানহানিৰ গোচৰত কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বীজনক দোষী সাব্যস্ত কৰাৰ ওপৰত স্থগিতাদেশ অস্বীকাৰ কৰাৰ পিছত কংগ্ৰেছে দলৰ নেতা ৰাহুল গান্ধীৰ সৈতে একাত্মতা প্ৰদৰ্শন কৰিবলৈ 'মৌন সত্যাগ্ৰহ' অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল ।

বেণুগোপালে লগতে কয়, "ৰাহুল গান্ধী হৈছে নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে মাত মতা আটাইতকৈ তীব্ৰ কণ্ঠস্বৰ । আৰু মল্লিকাৰ্জুন খাৰ্গেৰ নেতৃত্বত কংগ্ৰেছ দলে সত্যাগ্ৰহ আৰু অহিংসাৰ গান্ধীবাদী উপায়েৰে এই ফেচিষ্ট বাহিনীবোৰক মুখামুখী কৰাব ।"

উল্লেখ্য যে কংগ্ৰেছে ইতিমধ্যে ঘোষণা কৰিছে যে ৰাহুল গান্ধীৰ সৈতে জড়িত এই বিষয়টোত তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব । গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিছত কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেয়ে কয়, "আমি ৰাজনৈতিক আৰু আইনী দুয়োটা প্ৰক্ৰিয়াৰে যুঁজ দিম ।"

লগতে পঢ়ক :MP Brij Bhushan Singh news : প্ৰশ্ন সোধাৰ বাবেই সাংবাদিকৰ বুম ভাঙিলে বিতৰ্কিত বিজেপি সাংসদ ব্রিজ ভূষণে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.