নেশ্যনেল ডেস্ক,১৫ আগষ্ট : অহা বছৰ দেশত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । তাৰ প্ৰাকক্ষণত কংগ্ৰেছে নিৰ্বাচনী ৰণনীতি প্ৰস্তুতি কৰিছে । গুজৰাট প্ৰদেশ কংগ্ৰেছক কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে । প্ৰদেশ কংগ্ৰেছক গাঁওসমূহলৈ গৈ ৰাজ্যখনৰ আটাইকেইখন অৰ্থাৎ ২৬ খন লোকসভা আসনৰ প্ৰস্তুতি আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে । দলৰ ভিতৰুৱা তথ্য অনুসৰি ৰাহুল গান্ধীয়ে আগষ্টৰ শেষৰ ফালে দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে আৰু এআইচিচি আৰু ৰাজ্যিক নেতৃত্বৰ সৈতে লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যালোচনা কৰিব । ইয়াৰ পূৰ্বে, ১৬ আগষ্টত গুজৰাট প্ৰদেশ কংগ্ৰেছৰ এখন বৈঠক অনুষ্ঠিত হ'ব ।
কংগ্ৰেছৰ গুজৰাট গোটৰ মুৰব্বী শক্তি সিংহ গোহিলে ইটিভি ভাৰতক কয় যে প্ৰদেশ কংগ্ৰেছৰ মূল লক্ষ্য হৈছে ৰাজ্যখনত দলটোক পুনৰ শক্তিশালী কৰা । আগন্তুক কাৰ্যসূচী আৰু দলীয় সংগঠন সন্দৰ্ভত ১৬ আগষ্টত পৰ্যালোচনা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে । ইফালে ৰাজ্যৰ সকলো জ্যেষ্ঠ নেতাই আহমেদাবাদৰ বৈঠকত অংশগ্ৰহণ কৰিব বুলিও তেওঁ উল্লেখ কৰে ।
কেন্দ্ৰীয় নেতৃত্বৰ পৰা নিৰ্দেশনাটো শেহতীয়া আভ্যন্তৰীণ প্ৰতিবেদনৰ পাছত দিয়া হৈছে । কিয়নো প্ৰতিদ্বন্দী আম আদমি পাৰ্টীৰ ভোটৰ অংশ শেহতীয়াভাৱে যথেষ্ট হ্ৰাস পাইছে । ২০২২ চনৰ গুজৰাট বিধানসভা নিৰ্বাচনত আপে কংগ্ৰেছৰ ভোটৰ ১৩ শতাংশ কাঢ়ি লৈ ১৮২ জনীয়া সদস্যৰ সদনত ৫ খন আসন লাভ কৰিছিল । গুজৰাটত কংগ্ৰেছ বিধায়িনী দলৰ নেতা অমিত চাৱদাই কোৱা মতে এতিয়া আম আদমি পাৰ্টী বেছি শক্তিশালী নহয় । কংগ্ৰেছৰ বেছিভাগ ভোট বেংক আপৰ পৰা পুনৰ ঘূৰি আহিছে ।
অৱশ্যে, কংগ্ৰেছ আৰু আপ দুয়োটা দলেই ২০২৪ চনৰ লোকসভা নিৰ্বাচনত একেলগে বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ বৃহত্তৰ বিৰোধী মিত্ৰজোঁট 'INDIA'ৰ অধীনলৈ আহিছে । দিল্লী আৰু পঞ্জাৱৰ দৰে ৰাজ্যত কংগ্ৰেছতকৈ আপৰ শক্তি বৃদ্ধি পাইছে । সেয়ে গুজৰাটৰ পুৰণি দলটোৰ বাবেও আসন ভাগ-বতৰা এক জটিল বিষয় হৈ পৰিছে ।
তেওঁ কয় যে আসন ভাগ-বতৰাৰ সিদ্ধান্ত হাইকমাণ্ডে ল'ব । কিন্তু তালৈ কংগ্ৰেছে অপেক্ষা কৰিব নোৱাৰে । সেয়ে দলটোৱে লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব লাগিব ।
১৬ আগষ্টৰ বৈঠকত চলিত খণ্ড পৰ্যায়ৰ কাৰ্যসূচী 'জন মঞ্চ' সম্পৰ্কেও আলোচনা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে । বৈঠকত স্থানীয় লোকসকলৰ প্ৰশাসনিক সমস্যাবোৰৰ কথা শুনিব আৰু সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব । গাঁওসমূহলৈ যোৱাৰ বাবেও কংগ্ৰেছৰ আগন্তুক কাৰ্যসূচীৰ বিষয়েও আলোচনা কৰা হ'ব । কংগ্ৰেছৰ ভিতৰুৱা সূত্ৰ মতে গুজৰাট কংগ্ৰেছ হাইকমাণ্ডৰ বাবে এখন বিশেষ ৰাজ্য কিয়নো ই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ দুয়োৰে গৃহ ৰাজ্য ।
সেয়েহে বিৰোধী দলে গুজৰাটৰ ২৬ খন লোকসভা আসনত বিজেপিক জয়ী হ'বলৈ নিদিবলৈ সংকল্পবদ্ধ । বিগত নিৰ্বাচনত, কংগ্ৰেছে পশ্চিমীয়া ৰাজ্যখনত ১১ খন লোকসভা আসন লাভ কৰিছিল আৰু অহা বছৰ একেই পুনৰাবৃত্তিৰ আশা কৰা হৈছে ।