ETV Bharat / bharat

Rahul appears before ED : দ্বিতীয় দিনাও EDৰ কাৰ্যালয়ত হাজিৰ ৰাহুল গান্ধী - নেচনেল হেৰাল্ডৰ পুঁজি অপব্যৱহাৰ গোচৰ

নেচনেল হেৰাল্ডৰ পুঁজি অপব্যৱহাৰ গোচৰত দ্বিতীয় দিনাও EDৰ কাৰ্যালত জেৰা চলোৱা হ'ব ৰাহুল গান্ধীক । পুৱাই কাৰ্যালয়টোত উপস্থিত কংগ্ৰেছ নেতাগৰাকী (Rahul arrives at ED office)। ভগ্নী তথা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীও তেওঁৰ সৈতে উপস্থিত কাৰ্যালয়ত ।

Rahul appears before ED
দ্বিতীয় দিনাও EDৰ কাৰ্যালয়ত হাজিৰ ৰাহুল গান্ধী
author img

By

Published : Jun 14, 2022, 1:19 PM IST

নেশ্যনেল ডেস্ক, ১৪ জুন : মঙলবাৰেও কংগ্ৰেছ নেতা ৰাহুল গান্ধী EDৰ সন্মুখত হাজিৰ হৈছে । নেচনেল হেৰাল্ডৰ পুঁজি অপব্যৱহাৰ গোচৰত (National Herald money laundering case) দ্বিতীয় দিনাও কংগ্ৰেছ নেতাগৰাকীক জেৰা চলাব EDৰ বিষয়াসকলে । "Z+" শ্ৰেণীৰ চিআৰপিএফ নিৰাপত্তাৰক্ষীৰ সৈতে দিল্লীৰ এ পি জে আব্দুল কালাম ৰোডত থকা EDৰ মুখ্য কাৰ্যালয়ত পুৱাই উপস্থিত হয় নেতাগৰাকী (Rahul arrives at ED office)।

সোমবাৰৰ দৰেই কাৰ্যালয়টোৰ চাৰিওফালে ১৪৪ ধাৰা জাৰি কৰা হৈছে । যাৰ বাবে কাৰ্যালয়ৰ চাৰিওফালে অসংখ্য সুৰক্ষা কৰ্মী নিয়োগ কৰা হৈছে । ৰাহুল গান্ধীৰ সৈতে তেওঁৰ ভগ্নী তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ৱাদ্ৰাও আছে ।

ইফালে সোমবাৰে প্ৰায় ১০ ঘণ্টাৰো অধিক সময় ৰাহুল গান্ধীক EDৰ কাৰ্যালয়ত জেৰা চলোৱা হৈছিল (Rahul Gandhi interrogated at ED office)। য'ত তেওঁক পুঁজি অপব্যৱহাৰ গোচৰৰ লগতে বিভিন্ন বিষয়ত প্ৰশ্ন কৰা হৈছিল ।

বিষয়াসকলে উল্লেখ কৰা মতে যিহেতু ৰাহুল গান্ধীৰ জেৰা সোমবাৰে সম্পূৰ্ণ নহ'ল সেয়ে তেওঁক পুনৰ মঙলবাৰেও কাৰ্যালয়ত হাজিৰ হ'বলৈ কোৱা হৈছিল । সংস্থাৰ সূত্ৰই জনোৱা গান্ধীয়ে ইতিমধ্যে গোচৰ সম্পৰ্কত তেওঁৰ ভাষ্য প্ৰদান কৰিছে আৰু ইয়াৰ প্ৰতিলিপি সূক্ষ্মভাৱে পৰীক্ষা কৰা হৈছে ।

আনহাতে EDৰ এই জেৰাক লৈ সন্তুষ্ট নহয় কংগ্ৰেছ নেতাসকল । কংগ্ৰেছ নেতাসকলে অভিযোগ কৰা মতে অনুসন্ধানকাৰীসকলে তেওঁক জেৰাৰ সময়ত একাধিকবাৰ বিৰতি লৈছিল ।

উল্লেখ্য যে, ৰাহুল গান্ধীৰ মাতৃ তথা কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীকো জেৰা চলাব EDয়ে । ক'ভিডত আক্ৰান্ত হোৱাৰ বাবে কংগ্ৰেছ নেত্ৰীগৰাকী বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে । অহা ২৩ জুনত ছোনিয়া গান্ধীকো EDৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ কোৱা হৈছে ।

লগতে পঢ়ক :Rahul appears before ED: দেশজুৰি কংগ্ৰেছ নেতা-কৰ্মীক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.