ETV Bharat / bharat

প্ৰত্যাশিত কৰ'ণাৰ তৃতীয় ঢৌকলৈ মোডী চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ - মোডী চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ

বিশেষজ্ঞসকলে পূৰ্বানুমান কৰা মতে কৰ'ণাৰ তৃতীয় ঢৌত যথেষ্ট পৰিমাণে প্ৰভাৱান্বিত হ'ব শিশুসকল । ইয়াৰ পিছতে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোডী চৰকাৰৰ প্ৰস্তুতি আৰু পৰিকল্পনাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰে ।

RAHUL GANDHI ON COVID 3RD WAVE
মোডী চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ
author img

By

Published : May 18, 2021, 7:52 PM IST

নেশ্যনেল, ১৮ মে': কৰ'ণাৰ তৃতীয় ঢৌ সন্দৰ্ভত ইতিমধ্যে দেশজুৰি চৰ্চা অব্যাহত আছে । বিশেষজ্ঞসকলে পূৰ্বানুমান কৰা মতে কৰ'ণাৰ তৃতীয় ঢৌত যথেষ্ট পৰিমাণে প্ৰভাৱান্বিত হ'ব শিশুসকল । এই খবৰ বিয়পি পৰাৰ লগে লগে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

শিশুসকলৰ সুৰক্ষাৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে । ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰকো সমালোচনা অব্যাহত ৰাখিছে বিৰোধীয়ে । কিয়নো ইতিমধ্যে কেইবাখনো দেশে ১২-১৫ বছৰ বয়সৰ শিশুৰ ব্যৱহাৰৰ বাবে প্ৰতিষেধক অনুমোদন দিয়া আৰম্ভ কৰিছে ।

কৰ'ণাৰ তৃতীয় ঢৌৰ পূৰ্বানুমান কৰাৰ পিছতে প্ৰধানমন্ত্ৰীক উভতি ধৰিছে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে । মোডী চৰকাৰৰ প্ৰস্তুতি আৰু পৰিকল্পনাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

RAHUL GANDHI ON COVID 3RD WAVE
মোডী চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ

মোডী চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলি নেতাগৰাকীয়ে টুইট কৰি কয় যে মোডী চৰকাৰ টোপনিৰ পৰা কেতিয়া সাৰ পাব । কিয়নো শিশুসকলক সুৰক্ষাৰ প্ৰয়োজন, শিশু ৰোগ আৰু প্ৰতিষেধক বিধি ইতিমধ্যে আৰম্ভ হোৱাৰ প্ৰয়োজন আছিল বুলিও দাবী কৰে ৰাহুল গান্ধীয়ে ।

কংগ্ৰেছ নেতা জয়বীৰ শ্বেৰগিলেও টুইট কৰি সমালোচনা কৰে মোডী চৰকাৰক । তেওঁ উপহাস কৰি কয় যে বিজেপি চৰকাৰে ডাৰ্ক চকলেট খোৱা আৰু গো-মূত্ৰ খোৱাৰ পৰামৰ্শ দিয়াৰ বাহিৰেও প্ৰত্যাশিত তৃতীয় ঢৌৰ বাবে প্ৰস্তুতি চলাই আছে । লগতে শিশু ৰোগ বিশেষজ্ঞসকলৰ এটা জিঅ'আই টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে নেকি বুলিও তেওঁ প্ৰশ্ন কৰে ।

উল্লেখ্য যে মহামাৰীৰ দ্বিতীয় ঢৌত যুৱক-যুৱতীসকল বেয়াকৈ প্ৰভাৱিত হৈছে । ভাৰতত বিগত ২৪ ঘণ্টাত ৪,৩২৯ গৰাকী লোকৰ মৃত্যু হৈছে আৰু সৰ্বাধিক ২ লাখ ৬৩ হাজাৰ লোক নতুনকৈ সংক্ৰমিত হৈছে ।

লগতে পঢ়ক:ত্ৰিপুৰাত অব্যাহত আছে ব্ৰু শৰণাৰ্থীৰ পুনৰ সংস্থাপন প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.