ETV Bharat / bharat

কমিচন বিচাৰি চকী হেৰুৱালে স্বাস্থ্যমন্ত্ৰীয়ে

ঠিকা-ঠুকলি আদিত দুৰ্নীতি হোৱাৰ কথা সকলোৱেই জানে ৷ কমিচনৰ অংক তলৰ পৰা ওপৰলৈকে চলাৰো বহু কাহিনী আমি শুনা পাওঁ ৷ তেনে কমিচনেই বিপদত পেলালে এইগৰাকী মন্ত্ৰীক ৷ মাত্ৰ এক শতাংশ কমিচন বিচাৰি এগৰাকী মন্ত্ৰীয়ে খেদা খালে মন্ত্ৰীসভাৰ পৰা (Cabinet minister fired) ৷

কমিচন বিচাৰি চকী হেৰুৱালে স্বাস্থ্যমন্ত্ৰীয়ে
কমিচন বিচাৰি চকী হেৰুৱালে স্বাস্থ্যমন্ত্ৰীয়ে
author img

By

Published : May 24, 2022, 3:49 PM IST

নিউজ ডেস্ক, 24 মে’: পঞ্জাৱৰ স্বাস্থ্যমন্ত্ৰী বিজয় সিংলাক অপসাৰণ (Punjab health minister Vijay Singla fired from cabinate)৷ কেবিনেটৰ পৰা অপসাৰণ কৰা হৈছে মন্ত্ৰীগৰাকীক ৷ অৰবিন্দ কেজৰিৱালৰ দুৰ্নীতি বিৰোধী নীতিৰ অধীনত পঞ্জাৱৰ ভগৱন্ত মন চৰকাৰে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ কেলেংকাৰীত জড়িত থকাৰ বহু তথ্য-প্ৰমাণ লাভৰ পাচতে মুখ্যমন্ত্ৰী ভগৱন্ত মনে অপসাৰণ কৰে স্বাস্থ্যমন্ত্ৰী বিজয় সিংলাক (Punjab health minister Vijay Singla)৷

বিভাগীয় কাম-কাজৰ ঠিকাৰ বাবে এক শতাংশ কমিচন বিচৰাৰ অভিযোগ উঠিছে বিজয় সিংলাৰ বিৰুদ্ধে ৷ এই অভিযোগ লাভৰ পাচতে মন্ত্ৰীগৰাকীক অপসাৰণ কৰা হয় ৷ ইতিমধ্যে সিংলাক গ্ৰেপ্তাৰ কৰিছে পঞ্জাৱ আৰক্ষীয়ে ৷ দেশৰ ৰাজনৈতিক ইতিহাসত দ্বিতীয়বাৰৰ বাবে এনেকৈ এগৰাকী মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ এগৰাকী কেবিনেট মন্ত্ৰীক অপসাৰণ কৰাৰ দৰে ঘটনা সংঘটিত হৈছে (Bhagawant Man against corruption)৷

  • आम आदमी पार्टी का जन्म ईमानदार सिस्टम कायम करने के लिए हुआ है...@ArvindKejriwal जी ने हमेशा कहा है कि भ्रष्टाचार को बर्दाश्त नहीं करेंगे चाहे कोई अपना हो या बेगाना

    स्वास्थ्य मंत्री के खिलाफ भ्रष्टाचार के सबूत मिलते ही तुरंत बर्खास्त किया...साथ ही FIR के आदेश दिए pic.twitter.com/0g9nqGteHb

    — Bhagwant Mann (@BhagwantMann) May 24, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ পূৰ্বে 2015 চনত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অপসাৰণ কৰিছিল তেওঁৰেই এগৰাকী কেবিনেট মন্ত্ৰীক ৷

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মনে কয় যে, দুৰ্নীতিৰ ক্ষেত্ৰত তেওঁৰ চৰকাৰে শূন্য সহনশীল নীতি গ্ৰহণ কৰিব ৷ জনসাধাৰণে আম আদমী পাৰ্টীক বহু আশাৰে ৰাজপাটত বহুৱাইছে ৷ সেই আশা জীয়াই ৰখাতো আমাৰ দায়িত্ব ৷ দুৰ্নীতিৰ বিৰুদ্ধে এই যুদ্ধ অব্যাহত থাকিব বুলি উল্লেখ কৰে ভগৱন্ত মনে ৷ তেওঁ লগতে উল্লেখ কৰে যে, অৰবিন্দ কেজৰিৱালে দুৰ্নীতিক পুলিয়ে পোখায়ে উঘালিবলৈ পণ লৈছে আৰু আমি সকলোৱেই এই যুঁজত সৈনিক হিচাপে অৱতীৰ্ণ হৈ দুৰ্নীতিক উফৰাবলৈ চেষ্টা চলাইছোঁ ৷

লগতে পঢ়ক : বিতৰ্কত হিমাচল বিধানসভাৰ উপাধ্যক্ষ হংসৰাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.