নেশ্যনেল ডেস্ক, ২৫ ডিচেম্বৰ : পঞ্জাৱৰ লুধিয়ানাৰ বোমা বিস্ফোৰণৰ (Ludhiana court blast) নতুন মোৰ । এই ঘটনাত জড়িত আছিল প্ৰাক্তন আৰক্ষী বিষয়া (Former policeman was involved in Ludhiana blast)। পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধান সিদ্ধাৰ্থ চট্টোপাধ্যায়ে স্বীকাৰ কৰিছে এই কথা ।
আৰক্ষী সঞ্চালক প্ৰধানে জনোৱা মতে, লুধিয়ানাৰ জিলা আদালতত সংঘটিত বোমা বিস্ফোৰণৰ সৈতে জড়িত আছিল প্ৰাক্তন আৰক্ষী হেড কনিষ্টবল গগনদীপ সিং । ইতিমধ্যে এই বিস্ফোৰণত নিহত হৈছে গগনদীপ সিং । ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পাছতে তেওঁক ২০১৯ চনত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল আৰু দুবছৰৰ বাবে কাৰাগাৰত আছিল গগনদীপ সিং । মৃত সিং লুধিয়ানাৰ খান্নাৰ বাসিন্দা আছিল ।
লগতে পঢ়ক : Ludhiana Court blast: বিস্ফোৰণৰ সৈতে ড্ৰাগছ মাফিয়া জড়িত থকাৰ সন্দেহ পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ