ETV Bharat / bharat

কৃষকৰ প্ৰতিবাদ সম্পৰ্কত গৃহমন্ত্ৰীৰে মিলিত হ'ব পাঞ্জাৱৰ মুখ্যমন্ত্ৰী

বৃহস্পতিবাৰে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । কৃষক আন্দোলনৰ বিষয়টোক লৈ গৃহমন্ত্ৰীক সাক্ষাতৰ সম্ভাৱনা মুখ্যমন্ত্ৰীগৰাকীৰ ।

কৃষকৰ বিষয়ক লৈ গৃহমন্ত্ৰীৰে মিলিত হোৱাৰ সম্ভাৱনা পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Dec 3, 2020, 1:56 PM IST

নেশ্যনেল ডেস্ক, 3 ডিচেম্বৰ: কৃষক আন্দোলনৰ বিষয়টোক লৈ বৃহস্পতিবাৰে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে ।

সূত্ৰই প্ৰকাশ কৰা অনুসৰি, কংগ্ৰেছ দলৰ নেতাসকলৰ এক বৰ্গৰ সৈতে চলি থকা উত্তেজনাক হ্ৰাস কৰিবলৈ সিঙে সেই সম্পৰ্কে কোনো পৰামৰ্শ প্ৰদান কৰাৰ সম্ভাৱনা আছে, যদিহে আন্দোলন দীৰ্ঘদিনীয়া হয় ।

একেটা দিনতে কেন্দ্ৰই প্ৰতিবাদকাৰী কৃষকসকলৰ সৈতেও এক বৈঠকত মিলিত হোৱাৰ কথা আছে । সেই বৈঠকৰ পূৰ্বে গৃহমন্ত্ৰীয়ে সিঙৰ সৈতে এখন বৈঠকত মিলিত হ'ব বুলি সূত্ৰই প্ৰকাশ কৰে ।

প্ৰতিবাদকাৰী কৃষকসকলৰ সৈতে হ'বলগীয়া বৈঠকখন অতি গুৰুত্বপূৰ্ণ হ'ব । কিয়নো কৃষকসকলে ইতিমধ্য়েই কেন্দ্ৰক হুংকাৰ প্ৰদান কৰিছে যে, নতুন আইনখন সংশোধনৰ বাবে কেন্দ্ৰৰ হাতত এইয়াই শেষ সুযোগ হ'ব ।

লগতে পঢ়ক: স্পীড পোষ্টৰ জৰিয়তে দেশজুৰি ভক্তই লাভ কৰিব শৱৰীমালাৰ 'স্বামী প্ৰসাদম'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.