ETV Bharat / bharat

Punjab Govt New office Time : পঞ্জাৱত পুৱা 7.30 বজাৰ পৰা আৰম্ভ হ'ব চৰকাৰী কাৰ্যালয়

author img

By

Published : Apr 9, 2023, 1:22 PM IST

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ৰাজ্যখনত বিদ্যুৎ ৰাহিৰ বাবে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত । এই সিদ্ধান্ত অনুসৰি, অহা ২ মে'ৰ পৰা ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহৰ কামৰ সময়সূচী পুৱা ৭:৩০ বজালৈ সলনি কৰিছে (Punjab govt changes government offices timing) । ৰাজ্যখনত প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰা এনে সিদ্ধান্তৰ দ্বাৰা 300-350 মেগাৱাট বিদ্যুৎ ৰাহি হ'ব বুলি কোৱা হৈছে । "আমাৰ চৰকাৰ 'যুৱ হিতকৰ আৰু চিন্তাশীল', আমি জনসাধাৰণৰ স্বাৰ্থত সিদ্ধান্ত ল'বলৈ কুণ্ঠাবোধ নকৰোঁ ।" মুখ্যমন্ত্ৰী মানে এই সন্দৰ্ভত কয় ।

Punjab govt new office timing
Punjab govt new office timing

নিউজ ডেস্ক, ৯ এপ্ৰিল : এক ঐতিহাসিক সিদ্ধান্তত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে (Punjab Chief Minister Bhagwant Mann) বৃহত্তৰ জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী কাৰ্যালয়সমূহৰ বৰ্তমানৰ সময় সলনি কৰিছে (Punjab govt changes government offices timing) । নতুন সময়সূচী মতে, বৰ্তমানৰ পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ চলি থকা চৰকাৰী কৰ্মসূচীৰ সময় পুৱা ৭.৩০ বজালৈ সলনি কৰা হৈছে । এই নতুন সময়সূচী আগন্তুক ২ মে'ৰ পৰা আৰম্ভ হৈ ১৫ জুলাইলৈকে কাৰ্যকৰী হৈ থাকিব (new time table for Punjab govt offices) ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী মানে কয় যে আগন্তুক গ্ৰীষ্মকালত হোৱা প্ৰচণ্ড গৰমৰ পৰিপ্ৰেক্ষিতত সাধাৰণ লোকসকলে চৰকাৰী কাৰ্যালয়ত যাতে তেওঁলোকৰ কাম কৰাটো সহজ হয় সেই লক্ষ্যৰে এই সিদ্ধান্ত লোৱা হৈছে (Punjab govt offices new timing from 1st May) । সংশ্লিষ্ট সকলো পক্ষৰ পৰা লোৱা পৰামৰ্শৰ পিচত এই সিদ্ধান্ত লোৱা হৈছে বুলিও তেওঁ উল্লেখ কৰে । লগতে এই ক্ষেত্ৰত সকলোৰে নিশ্চিত আনুগত্য কামনা কৰিছে । পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত এই কথা প্ৰকাশ ।

আনহাতে, এই প্ৰসংগত অধিক ব্যাখ্যা প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ই সাধাৰণ মানুহক তেওঁলোকৰ নিয়মীয়া কামৰ পৰা ছুটী নোলোৱাকৈ পুৱা চৰকাৰী কাৰ্যালয়ত তেওঁলোকৰ কাম সম্পন্ন কৰিবলৈ সক্ষম কৰিব । একেদৰে ই কৰ্মচাৰীসকলকো সুবিধা প্ৰদান কৰিব বুলি তেওঁ কয় । কিয়নো তেওঁলোকে কাৰ্যালয়ৰ সময়ৰ পিচত সামাজিক অনুষ্ঠানত উপস্থিত থাকিব পাৰিব । ইয়াৰ উপৰি কৰ্মচাৰীসকলে তেওঁলোকৰ সন্তানৰ সৈতেও অধিক সময় অতিবাহিত কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী ভগৱন্ত মানে প্ৰকাশ কৰে ।

পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে কয় যে এই সিদ্ধান্ত পঞ্জাৱ চৰকাৰৰ সকলো কাৰ্যালয়ৰ বাবে প্ৰযোজ্য হ'ব । তেওঁ কল্পনা কৰিছে যে ইয়াৰ দ্বাৰা প্ৰায় ৩০০-৩৫০ মেগাৱাট বিদ্যুৎ সঞ্চয় কৰাত সহায় কৰিব । কিয়নো বৰ্তমান সময়ত চৰকাৰী কাৰ্যালয়সমূহত যথেষ্ট পৰিমাণৰ বিদ্যুৎ ব্যৱহাৰ কৰা হৈ আছে । ভগৱন্ত মানে কয় যে পিএছপিচিএলৰ (PSPCL) তথ্য অনুসৰি, দিনটোত দুপৰীয়া 1 বজাৰ পিছত বোৰ্ডৰ বিদ্যুতৰ সৰ্বোচ্চ বোজা আৰম্ভ হয় ।

মুখ্যমন্ত্ৰী মানে লগতে কয় যে এই নতুন সময়সূচীয়ে জনসাধাৰণৰ দ্বাৰা সৰ্বাধিক সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰাটো নিশ্চিত কৰিব । তেওঁ উল্লেখ কৰে যে বিদেশৰ কেইবাখনো দেশত মানুহে ঋতু অনুসৰি তেওঁলোকৰ ঘড়ী সলনি কৰে, যাতে তেওঁলোকে সৰ্বাধিক সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰিব পাৰে । ভগৱন্ত মানে জনসাধাৰণক আশ্বাস দিছে যে ৰাজ্য চৰকাৰে অনাগত দিনতো এনে ধৰণৰ অধিক নাগৰিককেন্দ্ৰিক সিদ্ধান্ত গ্ৰহণ কৰিব ।

লগতে পঢ়ক :PM Modi selfie: চেন্নাইত বিশেষভাৱে সক্ষম বিজেপি কৰ্মীৰে প্ৰধানমন্ত্ৰীৰ বিশেষ ছেলফি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.