ETV Bharat / bharat

Pune MNC sterilized stray cats: পুনেত গৰাকীবিহীন মেকুৰীক বীজাণুমুক্ত কৰাৰ অভিযান

author img

By

Published : Dec 3, 2022, 2:15 PM IST

পুনেত গৰাকীবিহীন মেকুৰীৰ সংখ্য়া বৃদ্ধি । এনে মেকুৰীক বীজাণুমুক্ত কৰিবলৈ গ্ৰহণ কৰা হৈছে পদক্ষেপ । ইতিমধ্যে চহৰখনত ৪০৪ টা মেকুৰী বীজাণুমুক্ত কৰিছে পুনে পৌৰ নিগমে (Pune Municipal Corporation)।

Pune MNC sterilized stray cats
পুনেত গৰাকীবিহীন মেকুৰীক বীজাণুমুক্ত অভিযান

নেশ্য়নেল ডেস্ক,৩ ডিচেম্বৰ: পুনে চহৰত গৰাকীবিহীন মেকুৰীক বীজাণুমুক্ত কৰাৰ বাবে গ্ৰহণ কৰা হৈছে পদক্ষেপ (sterilizing stray cats at Pune)। কেন্দ্ৰীয় চৰকাৰৰ পশু কল্যাণ বিভাগে জাৰি কৰা নিৰ্দেশৰ পিছতেই এই পদক্ষেপ লৈছে পুনে পৌৰ নিগমে (Animal Welfare Department of Central Government) । ইতিমধ্য়ে এনে মেকুৰীক বীজাণুমুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে (Pune Municipal Corporation sterilizing stray cats)। সাধাৰণতে চহৰসমূহত বাটৰুৱা কুকুৰবোৰক বীজাণুমুক্ত কৰাটো এক সচৰাচৰ প্ৰক্ৰিয়া হিচাপে গণ্য় কৰা হয় । কিন্তু এইবাৰ মেকুৰীক বীজাণুমুক্ত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

পুনে পৌৰ নিগমৰ স্বাস্থ্য বিভাগৰ মুৰব্বী আশীষ ভাৰতীয়ে সদৰি কৰা অনুসৰি, পুনেৰ কৰ্তৃপক্ষই ইতিমধ্যে এনে মেকুৰীক বীজাণুমুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে (health department of Pune Municipal Corporation)। এই প্ৰসংগত তেওঁ কয়,"স্থানীয় সংস্থাসমূহক কেন্দ্ৰই এই সন্দৰ্ভত নিৰ্দেশনা দিছে । আমি এই নিৰ্দেশনা কাৰ্যকৰী কৰা আৰম্ভ কৰিছো । এতিয়ালৈকে আমি প্ৰায় ৪০৪ টা মেকুৰী বীজাণুমুক্ত কৰিছো ।" আনহাতে,আন কেইবাটাও মেকুৰীৰ প্ৰতিদিনে অস্ত্ৰোপচাৰ সম্পন্ন হৈছে বুলিও তেওঁ কয় ।

পুনে পৌৰ নিগমৰ স্বাস্থ্য বিভাগৰ মুৰব্বীগৰাকীয়ে পুনৰ কয় যে পথত গৰাকীবিহীন মেকুৰীৰ সংখ্যা নিয়ন্ত্ৰণৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে (Pune Municipal Corporation)। পৌৰ নিগমৰ প্ৰশিক্ষিত কৰ্মচাৰীৰ এটা দলে প্ৰতিদিনে ৰাস্তাত ঘূৰি ফুৰা গৰাকীবিহীন মেকুৰী ধৰিবলৈ অভিযান চলায় । তাৰ পিছত গৰাকীবিহীন মেকুৰীক চহৰৰ চৰকাৰী পশু চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰি বীজাণুমুক্ত কৰা হয় (government veterinary hospital in Pune)। অস্ত্ৰোপচাৰৰ পিছত মেকুৰীবোৰক ৰাজপথত পুনৰ মুকলি কৰি দিয়া হয় বুলি মুখ্য পশু চিকিৎসা বিষয়া ভোচালেই কয় । কৰ্তৃপক্ষই বীজাণুমুক্ত মেকুৰীবোৰৰ নম্বৰ পঞ্জীয়ন কৰি এনে জন্তুবোৰক স্বীকৃতিৰ বাবে চিহ্নিত কৰিছে ।

লগতে পঢ়ক:Karbi Anglong revenue circle: কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ আৰ্শীবাদত চলিছে নেকি ৰাজহ বিভাগ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.