ETV Bharat / bharat

ৰাজহুৱা পৰিবহণৰ ভাড়া বৃদ্ধিৰ অনুমোদন ত্ৰিপুৰা চৰকাৰৰ

প্ৰতিখন বাহনৰ বাবে গড়ে 20-25 শতাংশ ভাড়া বৃদ্ধিৰ অনুমোদন জনালে ত্ৰিপুৰাৰ পৰিবহণ মন্ত্ৰী প্ৰাণজিৎ সিংগা ৰয়ে ৷ সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰী গৰাকীয়ে কয়, যাত্ৰীসকলক অধিক সুবিধা প্ৰদানৰ লগতে ৰাজহুৱা পৰিবহণ ব্যৱস্থাত নতুন পৰিকল্পনা গ্ৰহণৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে ৷

author img

By

Published : Apr 27, 2021, 1:19 PM IST

Updated : Apr 28, 2021, 6:24 AM IST

ৰাজহুৱা পৰিবহণৰ ভাড়া বদ্ধিৰ অনুমোদন জনালে ত্ৰিপুৰা চৰকাৰে

আগৰতলা,27 এপ্ৰিল: শেহতীয়াভাৱে ত্ৰিপুৰা চৰকাৰে সকলো ধৰণৰ ৰাজহুৱা পৰিবহণৰ ভাড়া বদ্ধিৰ বাবে অনুমোদন জনাইছে ৷ প্ৰতিখন বাহনৰ বাবে গড়ে 20 ৰ পৰা 25 শতাংশ ভাড়া বৃদ্ধিৰ অনুমোদন জনাই পৰিবহণ মন্ত্ৰী প্ৰাণজিৎ সিংগা ৰয়ে সোমবাৰে এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত মন্ত্ৰী গৰাকীয়ে কয়, যাত্ৰীসকলক অধিক সুবিধা প্ৰদানৰ লগতে ৰাজহুৱা পৰিবহণ ব্যৱস্থাত নতুন পৰিকল্পনা গ্ৰহণৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে ৷ উল্লেখ্য যে, 2018 চনত শেষবাৰৰ বাবে ভাড়া বৃদ্ধি কৰাৰ কথা উল্লেখ মন্ত্ৰী গৰাকীয়ে কয়, বৰ্তমান ইন্ধনৰ দাম বৃদ্ধিৰ লগতে মজুৰি আৰু জীৱন বীমাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে ৷ কাৰম শেহতীয়াভাৱে এই সকলোবোৰ দিশৰে সংশোধন কৰা হৈছিল ৷

ইফালে, 2018 চনৰ তুলনা 2021 চনত পেট্ৰ'লৰ মূল্য 32 শতাংশ বৃদ্ধি হৈছে ৷ সেয়েহে বাহন সমূহৰ মালিকপক্ষৰ লগতে যাত্ৰীসকলক অধিক সুবিধা প্ৰদানৰ বাবে এই সিদ্ধান্ত ল'বলৈ বাধ্য বুলিও উল্লেখ কৰি প্ৰতি কিলোমিটাৰ অনুসৰি ভাড়া বৃদ্ধি কৰা হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷ নতুন পদক্ষেপেৰে আৰম্ভ কৰা ৰাজ্যৰ পৰিবহণ ব্যৱস্থাত আকৌ নতুনৰ সংযোজন কৰাৰ লগতে কাঞ্চনপুৰ-ভাংমুন আৰু জাটানবাৰী-মন্দিৰঘাট পথত নতুন বাছ সেৱা আৰম্ভ কৰা হ'ব। মিনি বাছ সেৱাৰ বাবে প্ৰতিগৰাকী যাত্ৰীয়ে প্ৰতি কিলোমিটাৰত 1.20 টকাকৈ বৰ্ধিত ভাড়া দিব লাগিব ৷ আনহাতে, পাহাৰীয়া অঞ্চলসমূহত মিনি বাছৰ বাবে প্ৰতিকিলোমিটাৰত 1.45 টকা বৃদ্ধি কৰা হৈছে ৷

উল্লেখ্য যে, এক প্ৰেছ বিজ্ঞপ্তি যোগে মন্ত্ৰী গৰাকীয়ে কয়, আগৰতলাৰ পৰা ৰাতি 8 বজাৰ পিছত আৰু পুৱা 6 বজাৰ আগতে চলাচল কৰা বাহনসমূহৰ বাবে 20 শতাংশ ভাড়া বৃদ্ধিৰ অনুমতি দিয়া হৈছে । লগতে চিটি বাছ আৰু মিটাৰ অটোৰ বাবে 25 শতাংশ, চুক্তিবদ্ধ অট'ৰ ভাড়া 7.2 টকাৰ পৰা 8.66 টকালৈ বৃদ্ধি কৰাৰ লগতে নৈশ বাহন সকলৰ বাবে 25 শতাংশ ভাড়া বৃদ্ধি কৰা হৈছে ৷

লগতে পঢ়ক: বিজেপি গমনৰ ইংগিত অংকিতা দত্তৰ

Last Updated : Apr 28, 2021, 6:24 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.