ETV Bharat / bharat

যমুনা নগৰত আৰক্ষীৰ সৈতে প্ৰতিবাদী কৃষকৰ সংঘৰ্ষ - কেন্দ্ৰীয় চৰকাৰ

হাৰিয়ানাৰ যমুনা নগৰত আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হ’ল প্ৰতিবাদকাৰী কৃষক ৷ বিগত বৰ্ষৰ নৱেম্বৰ মাহৰে পৰা দেশৰ কৃষকসকলৰ এটা বৃহৎ অংশই বিতৰ্কিত কৃষি বিধেয়ক 2020 ৰ বিৰুদ্ধে আৰম্ভ কৰিছিল প্ৰতিবাদ ৷

protesting-farmers-clash-with-cops-in-haryana
যমুনা নগৰত আৰক্ষীৰ সৈতে প্ৰতিবাদী কৃষকৰ সংঘৰ্ষ
author img

By

Published : Jul 11, 2021, 10:56 AM IST

নেচনেল ডেস্ক, 11 জুলাই : শেহতীয়াকৈ হাৰিয়ানাৰ যমুনা নগৰত প্ৰতিবাদকাৰী কৃষকৰ এটা দলে আৰক্ষী বাহিনীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় ৷ শনিবাৰে ৰাজ্যিক মন্ত্ৰী কানৱাৰপাল গুৰ্জাৰ আৰু মুল চান্দ শৰ্মাৰ এখন বৈঠকৰ বেৰিকেড ভঙাৰ চেষ্টা কৰে প্ৰতিবাদকাৰী কৃষকসকলে । আৰক্ষীয়ে যমুনা নগৰত অনুমোদিত লাইনৰ আগত প্ৰতিবাদকাৰীসকলক আগবাঢ়ি যোৱাত বাধা দিবলৈ চেষ্টা কৰাৰ লগে লগে ব্যাপক সংঘৰ্ষৰ আৰম্ভ হয় ।

অৱশ্যে এই প্ৰতিবাদৰ মাজতে মন্ত্ৰীসকলে তেওঁলোকৰ কাৰ্যসূচী আগবঢ়াই নিয়ে ৷ আৰক্ষীয়ে কৃষক নেতা সুভাষ গুৰ্জাৰ, চাহাব সিং গুৰ্জাৰ আৰু সুমন বাল্মীকিকে ধৰি বহু কেইজন কৃষকক ইতিমধ্যে এই সম্পৰ্কত আটক কৰিছে । উল্লেখ্য যে, ২০২০ চনৰ নৱেম্বৰৰ পৰা সমগ্ৰ দেশতে কৃষকসকলে প্ৰতিবাদ কৰি আহিছে ৷ কিন্তু কাৰ্যত কোনো ফলাফল লাভ কৰা নাই ৷

লগতে পঢ়ক : শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰসংগক লৈ শাসক-বিৰোধীৰ বাক-বিতণ্ডা

কৃষকৰ উৎপাদন বাণিজ্য আৰু বাণিজ্য (প্ৰচাৰ আৰু সুবিধা) আইন ২০২০(Farmers' Produce Trade and Commerce (Promotion and Facilitation) Act, 2020), মূল্য নিশ্চয়তা আৰু কৃষি সেৱা আইন ২০২০(Agreement on Price Assurance and Farm Services Act, 2020) আৰু অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধনী) আইন ২০২০(Essential Commodities (Amendment) Act, 2020) প্ৰত্যাহাৰ কৰিবলৈ কৃষকসকলে এই আন্দোলন আৰম্ভ কৰিছিল । দীৰ্ঘসময় ধৰি প্ৰতিবাদকাৰী কৃষকসকলে শস্যৰ বাবে নুন্যতম সমৰ্থন মূল্যৰ নিশ্চয়তা দিবলৈ এখন নতুন আইনৰ দাবী কৰি আহিছে । অৱশ্যে, কেন্দ্ৰীয় চৰকাৰে আইনসমূহ কৃষকসকলৰ সপক্ষে থকা বুলি অভিহিত কৰি আহিছে ।

লগতে পঢ়ক : দিল্লী পুলিচে উদ্ধাৰ কৰিলে 2500 কোটি টকা মূল্যৰ ড্ৰাগছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.