নেশ্যনেল ডেস্ক, 18 এপ্ৰিল: ছত্তিশগড়ৰ ভিল্লাইৰ সূৰ্য মলস্থিত এটা স্পা কেন্দ্ৰত স্পাৰ নামত গোপনে দেহ ব্যৱসায় চলাই থকাৰ খবৰ পোহৰলৈ আহিছে (Prostitution business under guise of spa center) ৷ সোমবাৰে নিশা ভিলাই আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত স্পা কেন্দ্ৰটোত হঠাৎ এক অভিযান চলায় ৷ আৰক্ষীৰ দলটোৱে স্পা কেন্দ্ৰটোত সোমাই যোৱাৰ লগে লগে গ্ৰাহকসহ কেইবাগৰাকী যুৱতীয়ে শৰীৰ মালিচ কৰাৰ নামত অশ্লীল অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় (spa center in Bhilai) ৷
আৰক্ষীৰ দলটোৱে স্পা কেন্দ্ৰটোৰ পৰা হাতে লোটে 7 জন গ্ৰাহকসহ 8 গৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰিবৈল সক্ষম হৈছে (Girls including customer arrested)৷ উল্লেখ্য যে, গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত পশ্চিম বংগ, অসম আৰু অৰুণাচল প্ৰদেশৰ যুৱতীও উদ্ধাৰ কৰিবলৈ সক্ষম হয় (North east girls arrested)৷ এই যুৱতীসকলক মাহিলী দৰমহাও দিয়া হৈছিল (Girl rescued in unrestrained state) ৷ স্পা কেন্দ্ৰটো পৰিচালনা কৰা ফৰিদ নগৰৰ বাসিন্দা শ্বৰিক খানকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷
আৰক্ষী অধীক্ষক অভিষেক পল্লৱে এই ঘটনা সন্দৰ্ভত কয়, "স্মৃতি নগৰৰ সূৰ্য মলত স্থিত এছেঞ্চ স্পা কেন্দ্ৰটো অৰুণাচল, অসম আৰু পশ্চিম বংগৰ যুৱতীসকলক ইয়ালৈ আনি অবৈধভাৱে পতিতালয় চলাই আছিল ৷ আমি এই তথ্য লাভ কৰাৰ পিচতে ব্যৱস্থা হাতত লৈছো ৷ পীটা আইনৰ অধীনত সকলো অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব ৷ ইয়াৰ উপৰিও, এতিয়াৰ পৰা চহৰখনৰ স্পা কেন্দ্ৰ আৰু ল’জবোৰত আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযান চলাব ৷"
পুৰুষসকল বস্ত্ৰবিহীন অৱস্থাত আছিল ৷ যুৱতীসকলকো অশ্লীলতাৰ সীমা অতিক্ৰম কৰোৱা হৈছিল ৷ আৰক্ষীয়ে অভিযানত কেবিনৰ পৰা আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰে বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷ স্মৰ্তব্য যে, দেশৰ বিভিন্ন প্ৰান্তত এনেদৰে একাংশ দুষ্ট চক্ৰই বিউটি পাৰ্লাৰ অথবা স্পা কেন্দ্ৰৰ নামত এনেদৰে দেহ ব্যৱসায় কৰি থকা খবৰে বাতৰিৰ শিৰোনাম লাভ কৰাৰ পিচতো আৰক্ষী প্ৰশাসনে নাকী লগাব পৰা নাই এই দুষ্ট চক্ৰসমূহক ৷