ETV Bharat / bharat

Crime in Tripura:সম্পত্তিৰ গোচৰ সম্পৰ্কীয় অপৰাধীৰ বিৰুদ্ধে সৰৱ ত্ৰিপুৰা আৰক্ষী - Special Anti Narcotics drive by Tripura Police

ত্ৰিপুৰাত ৯৫ জনতকৈও অধিক অভিযুক্তক সম্পত্তিৰ গোচৰ সম্পৰ্কত গ্ৰেপ্তাৰ । ত্ৰিপুৰাৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শক (AIGP of Tripura) জ্যোতিষ্মান দাস চৌধুৰীয়ে এই সন্দৰ্ভত তথ্য় প্ৰকাশ কৰি কয় যে আৰক্ষীয়ে তিনি মাহত এই অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

Crime in Tripura
সম্পত্তিৰ গোচৰ সম্পৰ্কীয় অপৰাধীৰ বিৰুদ্ধে সৰব ত্ৰিপুৰা আৰক্ষী
author img

By

Published : Oct 29, 2022, 2:05 PM IST

আগৰতলা, ২৯ অক্টোবৰ: ত্ৰিপুৰা আৰক্ষীয়ে যোৱা তিনি মাহত নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক ছাবষ্টেন্স এক্ট, ১৯৮৫ৰ (NDPS Act) অধীনত ৯৫ জনতকৈও অধিক অভিযুক্তক সম্পত্তিৰ গোচৰ সম্পৰ্কত গ্ৰেপ্তাৰ কৰিছে (Tripura Police arrested property offenders) ৷ ইপিনে, আৰক্ষীয়ে এনডিপিএছ আইনৰ অধীনতেই আন ৫৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ ৰাজ্য়খনৰ আৰক্ষীয়ে শুকুৰবাৰে এই তথ্য় সদৰি কৰিছে ।

ত্ৰিপুৰাৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শক (AIGP of Tripura) জ্যোতিষ্মান দাস চৌধুৰীয়ে এই সন্দৰ্ভত কয় যে আৰক্ষীযৰ ভূমিকাৰ বাবেই ৰাজ্য়খনত সম্পত্তিৰ অপৰাধ যথেষ্ট হ্ৰাস পাইছে ৷ যোৱা তিনি মাহত আৰক্ষীয়ে ৰাজ্যখনত ৯৫ জনতকৈও অধিক সম্পত্তিৰ গোচৰত জড়িত অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । তেওঁ পুনৰ কয় যে দুৰ্বৃত্তসকলক চিনাক্ত কৰিবলৈ আৰু ইয়াৰে সৈতে জড়িত অপৰাধীসকলক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীৰ প্ৰচেষ্টা অব্যাহত আছে । জ্যেষ্ঠ বিষয়াৰে গঠিত গোটবোৰে নিয়মীয়াকৈ পৰিস্থিতি নিৰীক্ষণ কৰি আছে । সহকাৰী আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে কয়, "আমি আশা কৰো যে সাধাৰণ জনতাই আৰক্ষীৰ সহায়ত পৰিস্থিতি শক্তিশালীভাৱে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব । সম্পত্তিৰ অপৰাধৰ ঘটনা নিয়ন্ত্ৰণ ৰখাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।"

নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযান সন্দৰ্ভত আৰক্ষী বিষয়াগৰাকীয়ে কয় যে (Special Anti Narcotics drive by Tripura Police) ত্ৰিপুৰা আৰক্ষীৰ দ্বাৰা বিশেষ ড্ৰাগছ বিৰোধী অভিযান সমগ্ৰ ৰাজ্যতে অব্যাহত আছে । ইতিমধ্য়েই এনডিপিএছ আইনৰ বিভিন্ন ধাৰাৰ অধীনত মুঠ ৩৮ টা গোচৰ ৰুজু হৈছে । এই ঘটনাৰে জড়িত ৫৪ জন লোকক গ্ৰেপ্তাৰ কৰা বুলিও তেওঁ সদৰি কৰে ।

তেওঁ পুনৰ কয় যে এই মাহত চলোৱা এই অভিযানত আৰক্ষীয়ে ২২৪৫ কিলোগ্ৰাম গাঞ্জা, ২৫৬ গ্ৰাম হেৰ'ইন, ১৯১১ বটল নিষিদ্ধ ক'ফ চিৰাপ আৰু ২৪৬৪ টা য়াবা টেবলেট জব্দ কৰে । এই বিশেষ অভিযান অব্যাহত থাকিব আৰু ড্ৰাগমুক্ত নিশ্চিত কৰাৰ বাবে অনাগত দিনত তীব্ৰতৰ কৰা হ'ব বুলি সহকাৰী আৰক্ষী মহাপৰিদৰ্শক জ্যোতিষ্মান দাস চৌধুৰীয়ে কয় । আনহাতে, আৰক্ষীয়ে এই মাহত এমভি (MV Act in Tripura) আইনৰ বিভিন্ন ধাৰাৰ অধীনত ৬০ লাখ টকা জৰিমনা হিচাপে সংগ্ৰহ কৰিছে ।

লগতে পঢ়ক:Complain against ABMSU leaders: এইবাৰ এবিএমছুৰ বিৰুদ্ধে উত্থাপন গুণ্ডাগিৰিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.