ETV Bharat / bharat

Protest against Rahul disqualification : প্ৰধানমন্ত্ৰীক কাপুৰুষ আখ্যা প্ৰিয়ংকা গান্ধীৰ - PM Modi on Nehru surname

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা প্ৰিয়ংকা গান্ধীৰ (Priyanka Gandhi slams PM Modi)। ৰাজঘাটত প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ প্ৰিয়ংকা গান্ধীয়ে কয় যে প্ৰধানমন্ত্ৰী মোডী কাপুৰুষ । ভাতৃ ৰাহুলৰ ওপৰত লোৱা পদক্ষেপক সমালোচনা কৰে প্ৰিয়ংকাই । আদানিক ৰক্ষা কৰিবলৈ চৰকাৰে কিয় চেষ্টা কৰিছে তাক লৈও প্ৰশ্ন কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ।

Protest against Rahul disqualification
প্ৰধানমন্ত্ৰীক কাপুৰুষ আখ্যা প্ৰিয়ংকা গান্ধীৰ
author img

By

Published : Mar 26, 2023, 4:26 PM IST

নেশ্যনেল ডেস্ক, ২৬ মাৰ্চ : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ পাছতে দেশজুৰি প্ৰতিবাদ আৰম্ভ হৈছে (Rahul Gandhi disqualification)। কংগ্ৰেছ দলে বিভিন্ন ৰাজ্যত প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিছে । ইফালে নতুন দিল্লীৰ ৰাজঘাটতো ৰাহুল গান্ধীৰ সমৰ্থনত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । য'ত কংগ্ৰেছ নেতাসকলে বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে (Priyanka Gandhi at Rajghat protest)।

প্ৰতিবাদত অংশ লৈ ৰাহুল গান্ধীৰ ভগ্নী তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে তেওঁৰ পিতৃ তথা ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ অন্তিম যাত্ৰাৰ কথা স্মৰণ কৰে । তেওঁ কয়, "মোৰ মনত আছে ১৯৯১ চনত মোৰ পিতৃৰ অন্তিম যাত্ৰা ত্ৰিমূৰ্তি ভৱনৰ পৰা আৰম্ভ হৈছিল । মই মোৰ মা আৰু ভাতৃ ৰাহুলৰ সৈতে এখন গাড়ীত আছিলো । সন্মুখত ফুলেৰে সজোৱা এখন ভাৰতীয় সেনাৰ ট্ৰাক আছিল । য'ত মোৰ পিতৃৰ নশ্বৰ দেহ আছিল (Priyanka Gandhi recall his father)।

তেওঁ স্মৰণ কৰি কয় যে যেতিয়া কনভয়টো অলপ আঁতৰি গৈছিল, ৰাহুল গান্ধীয়ে ক'বলৈ আৰম্ভ কৰিছিল যে তেওঁ নামিব লাগিব । কিন্তু মাতৃয়ে নামিব দিয়া নাছিল । কাৰণ সেই সময়ত নিৰাপত্তা এক ডাঙৰ সমস্যা আছিল । কিন্তু ৰাহুলে জোৰ দিছিল । অৱশেষত ৰাহুল গান্ধীয়ে বাহনখনৰ পৰা নামিছিল আৰু সেনাক অনুসৰণ কৰিবলৈ আৰম্ভ কৰিছিল । প্ৰিয়ংকা গান্ধীয়ে কয় যে ৰাহুলে প্ৰখৰ ৰ'দত তেওঁৰ পিতৃৰ নশ্বৰ দেহৰ পিছত খোজকাঢ়ি গৈ আছিল ।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে তাৰ পাছতে কয় যে তেওঁলোকৰ শ্বহীদ পিতৃক সংসদত অপমানিত কৰা হৈছে । শ্বহীদৰ পুত্ৰক অপমান কৰা হৈছে, তেওঁক মীৰ জাফৰ বুলি কোৱা হয় । তেওঁ মাতৃকো অপমান কৰা হৈছে । প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে তেওঁ মন্ত্ৰীয়ে কয় যে ৰাহুলৰ পিতৃ কোন ? প্ৰধানমন্ত্ৰীয়ে গান্ধী পৰিয়ালক সুধিছে যে তেওঁলোকে নেহৰু উপাধি কিয় ব্যৱহাৰ নকৰে (PM Modi on Nehru surname)? কিন্তু প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কোনো গোচৰ নাই, সদস্য পদও বাতিল কৰা হোৱা নাই ।

তেওঁ তাৰ পাছত প্ৰশ্ন কৰে যদি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক পৰিয়ালকেন্দ্ৰিক নেতা বুলি কয়, তেনেহ'লে ভগৱান ৰাম কোন আছিল ? তেনেহ'লে পাণ্ডৱ পৰিয়ালকেন্দ্ৰিক আছিল নেকি বুলিও প্ৰশ্ন কৰে । প্ৰিয়ংকা গান্ধীৰ মতে গান্ধী পৰিয়ালৰ সদস্যসকলে দেশৰ বাবে শ্বহীদ হৈছে । আদানী আৰু হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন সন্দৰ্ভত তেওঁ কয় যে আদানীত কি আছে যে মোডী চৰকাৰে তেওঁক সুৰক্ষা দিয়াত ব্যস্ত হৈ আছে (Priyanka Gandhi on Adani issue)।

আদানীৰ বিৰুদ্ধে কিয় তদন্ত কৰিব নোৱাৰি বুলিও তেওঁ প্ৰশ্ন কৰে । প্ৰিয়ংকা গান্ধীৰ মতে ৰাহুল গান্ধীয়ে মাত্ৰ দুটা প্ৰশ্ন সুধিছিল আৰু চৰকাৰে তেওঁক নীৰৱ কৰিবলৈ সকলো শক্তি প্ৰয়োগ কৰিছে । প্ৰিয়ংকা গান্ধীয়ে সংবাদ মাধ্যমক লক্ষ্য কৰি কয় যে সমগ্ৰ দেশৰ সংবাদ মাধ্যমৰ জৰিয়তে তেওঁৰ ভাতৃ 'পাপ্পু' বুলি ঘোষণা কৰা হৈছে ।

কিন্তু যেতিয়া তেওঁ যাত্ৰা কৰিবলৈ ওলাইছিল, সকলোৱে দেখিলে যে তেওঁ পাপ্পু নহয় । যেতিয়া ৰাহুলে প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰিলে, সকলোৰে সমস্যা আৰম্ভ হ'ল বুলিও তেওঁ দাবী কৰে । প্ৰিয়ংকা গান্ধীয়ে দাবী কৰা মতে ইয়াৰ মূল কাৰণ হ'ল দেশৰ প্ৰধানমন্ত্ৰী এগৰাকী কাপুৰুষ (Priyanka Gandhi slams PM Modi)।

প্ৰিয়ংকা গান্ধীৰ মতে প্ৰধানমন্ত্ৰী কেৱল ক্ষমতাৰ পাচত দৌৰি আছে । কংগ্ৰেছ নেত্ৰীগৰাকীয়ে দাবী কৰা মতে দেশৰ মানুহে অহংকাৰী ৰজাক এটা শিক্ষা দিব । সংবাদ মাধ্যমক উদ্দেশ্যি তেওঁ পুনৰ কয় যে আজি গণতন্ত্ৰ বিপদত আছে । সংবাদমাধ্যমক সঁচা কথা ক'বলৈ সাহস কৰাৰ আহ্বান জনাই প্ৰিয়ংকাই । চৰকাৰে এজন মানুহক ৰক্ষা কৰিবলৈ কিয় ইমান চেষ্টা কৰিছে বুলিও সংবাদ মাধ্যমক চিন্তা কৰিবলৈ তেওঁ আহ্বান জনায় ।

লগতে পঢ়ক :Rahul Gandhi disqualify issue: প্ৰধানমন্ত্ৰী মোডীক প্ৰত্যাহ্বান প্ৰিয়ংকা গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.