ETV Bharat / bharat

এয়াৰ ইণ্ডিয়াৰ ব্যক্তিগতকৰণ মে'ত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা

author img

By

Published : Mar 27, 2021, 6:27 PM IST

মে' মাহৰ শেষৰপিনে এয়াৰ ইণ্ডিয়াৰ ব্যক্তিগতকৰণ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি শনিবাৰে কেন্দ্ৰীয় বিমান মন্ত্ৰী হৰদীপ সিং পুৰীয়ে জনায় । চৰকাৰে ৬৪ দিনৰ ভিতৰত বিত্তীয় নিবিদা বন্ধ কৰিব বুলি জনায় পুৰীয়ে ।

এয়াৰ ইণ্ডিয়াৰ ব্যক্তিগতকৰণ মে' মাহত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা

নেশ্যনেল ডেস্ক,২৭ মাৰ্চ: মে' মাহৰ শেষৰ পিনে এয়াৰ ইণ্ডিয়াৰ ব্যক্তিগতকৰণ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি শনিবাৰে কেন্দ্ৰীয় বিমান মন্ত্ৰী হৰদীপ সিং পুৰীয়ে জনায় । সোমবাৰে এক বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে চৰকাৰে ৬৪ দিনৰ ভিতৰত বিত্তীয় নিবিদা বন্ধ কৰিব । বিমান সংস্থাটো এতিয়াও ৬০ হাজাৰ কোটি টকাৰ ঋণত আছে আৰু ইয়াক বিক্ৰী কৰিবলৈ দায়বদ্ধ বুলি পুৰীয়ে কয় ।

তেওঁ লগতে কয় যে, চলিত মাহৰ শেষত গ্ৰীষ্মকালীন সময়সূচী আৰম্ভ হোৱাৰ পৰিকল্পনা কৰা হৈছিল হৈছিল যদিও COVID-১৯ ৰ দ্বিতীয় ৱেভ এয়াৰলাইন সমূহক ১০০ শতাংশ পৰিচালনা কৰিবলৈ অনুমতি দিবলৈ দোধোৰ-মোধোৰত আছে । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দেওবাৰে মহাযোগী গুৰু গোৰখনাথ বিমানবন্দৰ টাৰ্মিনেল ভৱনৰ সম্প্ৰসাৰণৰ আধাৰশিলা স্থাপন কৰিব ।

লগতে পঢ়ক: পশ্চিমবংগ নিৰ্বাচন: ৩ বজালৈকে ৫৫.২৭% ভোটদান সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.