নেশ্যনেল ডেস্ক, ৪ নৱেম্বৰ : দীপাৱলী উপলক্ষে আজি সমগ্ৰ দেশতে বৈছে পাৰ ভঙা উচাহ । অন্ধকাৰ আঁতৰাই চাকিৰ পোহৰেৰে আলোকিত হ'ব চৌদিশ । দেশৰ সাধাৰণ ৰাইজৰ লগতে দেশৰ সীমান্তত কৰ্তব্য পালন কৰি থকা সামৰিক বাহিনীৰ জোৱানসকলেও দীপাৱলী উদযাপন কৰাৰ বাবে সাজু হৈছে । এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জম্মু-কাশ্মীৰত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সামৰিক বাহিনীৰ বিষয়াসকলৰ সৈতে পালন কৰিব দীপাৱলী ।
বৃহস্পতিবাৰে জম্মুত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী আৰু তাৰ পৰাই ৰাজৌৰী জিলাৰ নাওছেৰা ছেক্টৰ অভিমুখে ৰাওনা হ'ব । এক বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে সীমান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে । তেওঁৰ সৈতে সামৰিক বাহিনীৰ মুৰব্বী, অসামৰিক বিষয়া আৰু আন বিষয়াসকলো উপস্থিত থাকিব ।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জম্মু-কাশ্মীৰত নিয়োজিত সামৰিক বাহিনীৰ জোৱানসকলৰ সৈতে কেইবাবাৰো দীপাৱলী উদযাপন কৰিছে । এইবাৰো প্ৰধানমন্ত্ৰীগৰাকীয়ে সীমান্তত নিয়োজিত জোৱানৰ সৈতে পোহৰৰ উৎসৱ পালনৰ সিদ্ধান্ত লৈছে ।
লগতে পঢ়ক: চ’ছিয়েল মিডিয়াত কিশোৰৰ পোষ্ট দেখি কেঞ্চাৰ ৰোগীক সহায় মুখ্যমন্ত্ৰীৰ