ETV Bharat / bharat

MP election 2023 : মধ্য প্ৰদেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভা

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 12:13 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে মধ্য প্ৰদেশৰ বেতুল, শ্বাজাপুৰ, ঝাবুৱা আৰু ইন্দোৰত বিশাল ৰেলী সম্বোধন কৰিব । প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব'ৰ বাবে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে ।

MP election 2023
মধ্য প্ৰদেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভা

নেশ্যনেল ডেস্ক,১৪ নৱেম্বৰ : মধ্য প্ৰদেশৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । তাৰ প্ৰাকক্ষণত বিজেপিয়ে ৰাজ্যখনত ব্যাপক প্ৰচাৰ চলাইছে । নিৰ্বাচনী প্ৰচাৰৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ নবেম্বৰত ৰাজ্যখনত উপস্থিত হ'ব । এই সময়ছোৱাত প্ৰধানমন্ত্ৰীগৰাকীয়ে দলীয় প্ৰাৰ্থীসকলৰ সমৰ্থনত এক বিশাল জনসভা সম্বোধন কৰিব । প্ৰধানমন্ত্ৰীগৰাকীয়ে ইন্দোৰত বিধানসভা ১, ৪ আৰু ৩ ত ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব । কাৰ্যসূচী অনুসৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে পুৱা বেতুল, আবেলি ক্ৰমে শ্বাজাপুৰ, ঝাবুৱাত ৰাজহুৱা সভা সম্বোধন কৰিব আৰু সন্ধিয়া ইন্দোৰত ৰোড-শ্ব'ত অংশগ্ৰহণ কৰিব ।

প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব'ৰ সময়ত ইন্দোৰ চহৰৰ যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ লোৱা হৈছে । এই সময়ছোৱাত বিমানবন্দৰৰ পৰা ৰাজৱাড়া হুইপ ৰোড শ্ব' পথটো যান-বাহনৰ বাবে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ব । উজ্জয়িনী ৰোড আৰু বিজয়নগৰৰ ফালৰ পৰা বিমানবন্দৰলৈ চলাচলৰ বাবে চুপাৰ কৰিডৰ পথ ব্যৱহাৰ কৰিব পাৰিব । উজ্জয়িনীৰ পৰা অহা সকলো বাছ বাণগংগা ব্ৰীজ টাৰ্ণিঙেৰে ৰে'লৱে ক্ৰছিং লক্ষ্মীবাই ৰে'ল ষ্টেচনৰ সন্মুখেৰে গৈ এমআৰ-০৪ৰে জিএছআইটিএছৰ পৰা চাৰৱাটে বাছ ষ্টেণ্ডলৈ আহিব পাৰিব ।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীলৈ অহা আৰু আন বাহনবোৰৰ চলাচলৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰা হৈছে । ধাৰ ৰোড আৰু ৰাউৰ পৰা চন্দন নগৰ হৈ অহা বাহনবোৰ গংৱাল তিৰাহাৰ পৰা ঘূৰি খালচা ষ্টেডিয়ামত বাছ পাৰ্ক কৰিব লাগিব ।

মহু, ৰাউ, পিথামপুৰ, খাণ্ডৱাৰ পৰা অহা বাছবোৰ মহুনাকাৰ পৰা কালেক্টৰেট মতি তাবেলা হৈ আহিব আৰু হৰচিদ্দীলৈ আহিব আৰু দশেৰা ময়দান আৰু লালবাগ প্ৰাসাদ মণ্ডনত বাহনবোৰ পাৰ্ক কৰিব লাগিব । যাত্ৰীসকলে মাছ বজাৰ, যশৱন্ত স্কোৱেৰৰ পৰা কাৰ্যসূচীলৈ যাব পাৰিব ।

ইফালে গান্ধীনগৰ, হাটোদ, দেপালপুৰৰ ফালৰ পৰা অহা বাছ আৰু বাহনবোৰে চুপাৰ কৰিডৰ চাৰিআলিৰ পৰা সোঁফালে ঘূৰি ব'ব আৰু টাটা ষ্টীলৰ পৰা সোঁফালে ঘূৰি দালাল বাগ মণ্ডনত পাৰ্কিং কৰিব । যাত্ৰীসকলে দালাল বাগ দলঙৰ পৰা হোগৰ মহাবীৰ বাগ, পিলিয়াখাল দলং, বড়া গণপতিৰে কাৰ্যসূচীলৈ যাব পাৰিব ।

উজ্জয়িনী ৰোডৰ পৰা অহা বাছবোৰে লাভকুশ স্কোৱেৰ, টিচিএছ স্কোৱেৰ, বাংগাৰ্ডা স্কোৱেৰৰ পৰা বাওঁফালে ঘূৰিব আৰু দালাল বাগত বাহনবোৰ পাৰ্কিং কৰিব আৰু যাত্ৰীসকলে মহাবীৰ বাগ, পিলিয়াখাল দলং, বড়া গণপতিলৈ যাব পাৰিব ।

খাণ্ডৱা ৰোডৰ পৰা অহা বাছবোৰ আইটি পাৰ্ক, চৌথৰাম স্কোৱেৰহৈ মানিকবাগ কালেক্টৰেট, মতিবেলা লৈ হৰচিদ্দীলৈ আহিব পাৰিব আৰু দশেৰা ময়দান আৰু লালবাগ প্ৰাসাদ মণ্ডনত বাহনবোৰ পাৰ্কিং কৰিব লাগিব । যাত্ৰীসকলে মাছ বজাৰ, যশৱন্ত স্কোৱেৰ হৈ কাৰ্যসূচীলৈ যাব পাৰিব । ইয়াৰ লগতে কেইবাটাও পথৰ যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত প্ৰশাসনে নিৰ্দিষ্ট নিয়ম নিৰ্ধাৰণ কৰি দিছে । সমান্তৰালকৈ নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰা হৈছে ।

লগতে পঢ়ক :India UK FTA: ব্ৰিটেইন ভ্ৰমণক লৈ আশাবাদী বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.