ETV Bharat / bharat

Bastille Day celebration : চেম্পছ এলয়চিছত অনুষ্ঠিত ঐতিহাসিক বেষ্টিল দিৱসত উপস্থিত প্ৰধানমন্ত্ৰী

author img

By

Published : Jul 14, 2023, 3:44 PM IST

ফ্ৰান্সৰ পেৰিছত আয়োজিত বেষ্টিল দিৱসৰ মুুখ্য অতিথি হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ । ফৰাচী ৰাষ্ট্ৰপতিৰ সৈতে চেম্পছ-এলয়চিছত উপস্থিত হৈছে মোদী । ঐতিহাসিক পেৰেডত ভাৰতীয় সেনাৰ দলে অংশ ল'ব ।

Bastille Day celebration
চেম্পছ এলয়চিছত আয়োজিত ঐতিহাসিক বেষ্টিল দিৱসত উপস্থিত প্ৰধানমন্ত্ৰী

নেশ্যনেল ডেস্ক,১৪ জুলাই : ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱসত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ঐতিহাসিক বেষ্টিল দিৱসৰ মুখ্য অতিথি হিচাপে উপস্থিত প্ৰধানমন্ত্ৰী মোদী । ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণত পেৰেডত বিশিষ্ট অতিথি হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে নীলা জেকেটৰ সৈতে পৰম্পৰাগত বগা কুৰ্তা আৰু পায়জামা পিন্ধি চেম্পছ-এলয়চিছত উপস্থিত হৈছে । তেওঁক সংগ দিয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নে ।

ফ্ৰান্সৰ ফাৰ্ষ্ট লেডী ব্ৰিগিট মেক্ৰ'ন আৰু ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী এলিচাবেথ বৰ্ণে বেষ্টিল দিৱসৰ পেৰেডৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায় । ইফালে এই বছৰটো দুয়োখন দেশৰ মাজৰ কৌশলগত অংশীদাৰিত্বৰ ২৫ সংখ্য বৰ্ষ । ভাৰতৰ সেনাৰ তিনিওটা বাহিনীৰ এটা দলো বেষ্টিল দিৱস পেৰেডৰ অংশ হ'ব । আনহাতে সামৰিক দলৰ অংশ হিচাপে ভাৰতীয় বায়ু সেনাৰ ৩ খন ৰাফেল যুঁজাৰু বিমানেও পেৰিছৰ চেম্পছ এলয়চিছৰ ফ্লাইপাষ্টত অংশগ্ৰহণ কৰিব ।

১৭৮৯ চনত ফৰাচী বিপ্লৱৰ সময়ত প্ৰাচীন ৰাজকীয় দুৰ্গ বেষ্টিল কাৰাগাৰৰ ধ্বংসৰ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত এই বিশেষ অনুষ্ঠানৰ মুখ্য আকৰ্ষণ পেৰেড । এই বছৰ বেষ্টিল দিৱস পেৰেডত বিভিন্ন মাৰ্চিং দলত প্ৰায় ৬,৩০০ সৈনিক থাকিব । ইয়াৰ ভিতৰত আছে ভাৰতৰ স্থল সেনা, নৌ সেনা আৰু বায়ু সেনাৰ দল ।

ভাৰতীয় সেনাক পাঞ্জাৱ ৰেজিমেণ্টে প্ৰতিনিধিত্ব কৰিব । ৰেজিমেণ্টৰ সেনাই দুয়োখন বিশ্বযুদ্ধত অংশগ্ৰহণ কৰিছে । ১৯১৫ চনৰ ছেপ্টেম্বৰত প্ৰথম বিশ্বযুদ্ধৰ সময়ত ফ্ৰান্সৰ নিউৱে চেপেলৰ ওচৰত পাঞ্জাৱ ৰেজিমেণ্টে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল । ৰেজিমেণ্টে দ্বিতীয় বিশ্বযুদ্ধত ১৬ টা যুদ্ধ সন্মান আৰু ১৪ খন থিয়েটাৰ সন্মান লাভ কৰিছিল ।

ইয়াৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক প্ৰেছ বিজ্ঞপ্তিত কয় যে ৭৭ গৰাকী জোৱান আৰু ৩৮ জনীয়া বেণ্ডৰ সদস্যৰে গঠিত ভাৰতীয় সেনাৰ দলটোক কেপ্টেইন অমন জগতাপে নেতৃত্ব দিব । ভাৰতীয় নৌসেনাৰ দলটোক কমাণ্ডাৰ ব্ৰত বাঘেলে নেতৃত্ব দিব আৰু ভাৰতীয় বায়ু সেনাৰ দলটো স্কোয়াড্ৰন লিডাৰ সিন্ধু ৰেড্ডীয়ে নেতৃত্ব দিব । ভাৰতীয় বায়ু সেনাৰ ৰাফেল যুঁজাৰু বিমানসমূহো পেৰেডৰ সময়ত ফ্লাইপাষ্টৰ অংশ হ'ব । লগতে কোৱা হৈছে যে ভাৰতীয় সেনাৰ আটাইতকৈ পুৰণি ৰেজিমেণ্টসমূহৰ ভিতৰত অন্যতম পাঞ্জাৱ ৰেজিমেণ্টে ভাৰতীয় সেনাৰ দলটোক প্ৰতিনিধিত্ব কৰিব ।

লগতে পঢ়ক :PM Modi address Indians in France : মই সংকল্প লৈ ফ্ৰান্সলৈ আহিছো ; প্ৰধানমন্ত্ৰী মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.