ETV Bharat / bharat

PM Modi to visit Telangana : ৮ জুলাইত তেলেংগানা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

এই বছৰৰে শেষৰ ফালে অনুষ্ঠিত হ'ব তেলেংগানাৰ বিধানসভা নিৰ্বাচন । তাৰ প্ৰাকক্ষণত বিজেপিয়ে ৰাজ্যখনত ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে । তাৰ অংশস্বৰূপে অহা ৮ জুলাইত ৰাজ্যখন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

PM Modi to visits Telangana
৮ জুলাইত তেলেংগানা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে
author img

By

Published : Jun 30, 2023, 5:35 PM IST

Updated : Jun 30, 2023, 9:43 PM IST

নেশ্যনেল ডেস্ক,৩০ জুন : অহা ৮ জুলাইত তেলেংগানা ভ্ৰমণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰীগৰাকীয়ে কাজিপেটত স্থাপন হ'বলগীয়া ৱেগন মেনুফেকচাৰিং এণ্ড পিৰিয়ডিক অভাৰহলিং (POH) ৱৰ্কশ্বপ আৰু মেগা টেক্সটাইল পাৰ্কৰ আধাৰশিলা স্থাপন কৰিব । বিজেপি সূত্ৰই উল্লেখ কৰা মতে প্ৰধানমন্ত্ৰীয়ে হনুমাকোণ্ডা আৰ্টছ কলেজত এক ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব । ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে প্ৰধানমন্ত্ৰীৰ আগমনক লৈ প্ৰস্তুতি আৰম্ভ কৰিছে ।

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ প্ৰথমে ১২ জুলাইত হ'ব বুলি জানিব পৰা গৈছিল কিন্তু ৪ দিন আগুৱাই দিয়া হৈছে । ইফালে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ৮ জুলাইত হায়দৰাবাদত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক বিজেপিৰ ১১ গৰাকী সভাপতি আৰু সাংগঠনিক সাধাৰণ সম্পাদকৰ বৈঠক পিছুৱাই দিয়া হৈছে । ৰাজ্যিক সভাপতি বান্দি সঞ্জয় আৰু কেন্দ্ৰীয় মন্ত্ৰী কিষাণ ৰেড্ডীয়ে ৱাৰাংগল জিলাৰ নেতা আৰু দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক গুজ্জুলা প্ৰেমেন্দৰ ৰেড্ডীৰ সৈতে ৰাজহুৱা বৈঠকৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিছে । ইফালে প্ৰধানমন্ত্ৰীৰ এই সভাৰ বাবে বৃহৎ সংখ্যক লোকক একত্ৰিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।

উল্লেখ্য যে কেইমাহমানৰ পাছতে তেলেংগানাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । তাৰ প্ৰাকক্ষণত বিজেপিয়ে দলটোক শক্তিশালী কৰাৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে । তাৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰীগৰাকীৰ এই বৈঠক অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । শেহতীয়াকৈ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই নাগাৰকুৰনুলত এখন মুকলি সভাত অংশগ্ৰহণ কৰিছিল । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে খাম্মামৰ ভ্ৰমণ স্থগিত ৰখাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ চূড়ান্ত হোৱাৰ বাবে নেতাসকল উৎসাহিত হৈ পৰিছে ।

ইফালে বিজেপিৰ জনসংযোগ অভিযান ৫ জুলাইলৈকে চলিব । আগন্তুক বিধানসভা নিৰ্বাচনৰ লক্ষ্যৰে বিজেপিয়ে ৰাজ্যখনত দলীয় কাৰ্যসূচী শক্তিশালী কৰা আৰু প্ৰতি মাহে শীৰ্ষ নেতাসকলৰ ভ্ৰমণৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ লক্ষ্যৰে কাৰ্যকলাপ ৰূপায়ণ কৰিছে ।

লগতে পঢ়ক :PM Narendra Modi in Delhi Metro : দিল্লীত মেট্ৰ' ৰে'লত যাত্ৰা প্ৰধানমন্ত্ৰী মোডীৰ

Last Updated : Jun 30, 2023, 9:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.