ETV Bharat / bharat

Covid situation in India : প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত আজি ক'ভিডৰ পৰ্যালোচনা বৈঠক - প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত আজি ক'ভিড পৰ্যালোচনা বৈঠক

ভাৰতত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ'ণাৰ ভেৰিয়েণ্ট অ'মিক্ৰণৰ সংক্ৰমণ । মহামাৰী সৃষ্ট পৰিস্থিতিৰ বিষয়ে আলোচনা কৰাৰ বাবে বৃহস্পতিবাৰে ক'ভিড পৰ্যালোচনা বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Modi to hold meeting on Covid-19 situation) ।

Prime Minister Modi to hold Covid review meeting today
আজি ক'ভিড পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে
author img

By

Published : Dec 23, 2021, 11:20 AM IST

নেশ্যনেল ডেস্ক, ২৩ ডিচেম্বৰ : কেইদিনমানৰ আগলৈকে বিশ্বৰ আন আন দেশত আতংকময় পৰিস্থিতি সৃষ্টি কৰা কৰ'ণাৰ ভেৰিয়েণ্ট অ'মিক্ৰণৰ সংক্ৰমণ ভাৰততো ক্ৰমান্বয়ে বৃদ্ধি হৈছে । পুনৰ ২০২০ চনৰ দৰে পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা কৰিছে বহুজনে । চৰকাৰেও মহামাৰী সম্পৰ্কীয় সাৱধনতা ল'বলৈ ৰাইজক বাৰে বাৰে সকীয়াই দিছে । এই মহামাৰী সৃষ্ট পৰিস্থিতিৰ বিষয়ে আলোচনা কৰাৰ বাবে বৃহস্পতিবাৰে ক'ভিড পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হ'ব ।

এই বৈঠকত স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াৰে আলোচনা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Modi to hold Covid review meeting) । স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দেশত অ'মিক্ৰণৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা ২১৩ জনলৈ বৃদ্ধি পাইছে (Omicron varient in India) । বিদেশৰ পৰা ভাৰতৰ বিভিন্ন ৰাজ্যলৈ উভতি অহা কেইবাজনো লোকৰ দেহত ধৰা পৰিছে অ'মিক্ৰণৰ অৱস্থিতি ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে, অ'মিক্ৰণৰ দ্বাৰা আক্ৰান্ত হোৱা মুঠ ৰোগীৰ ভিতৰত ৯০ জন বৰ্তমান সুস্থ হৈ উঠিছে ৷ যাৰ বাবে তেওঁলোকক হাস্পতালৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি দিয়া হৈছে ।

এতিয়ালৈকে দেশৰ প্ৰায় ১৫ খন ৰাজ্যত অ'মিক্ৰণৰ সংক্ৰমণ ধৰা পৰিছে । আক্ৰান্তৰ সংখ্যা দেশৰ ভিতৰতে দিল্লীত সৰ্বাধিক ৷ ৰাজধানী চহৰখনত এতিয়ালৈকে ৫৭ জন লোক অ’মিক্ৰণত আক্ৰান্ত হৈছে ।

মহাৰাষ্ট্ৰত অ'মিক্ৰণৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ৫৪ টা ঘটনা পোহৰলৈ আহিছে । আনহাতে, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা মতে, অ'মিক্ৰণৰ সংক্ৰমণ ক্ষমতা ডেল্টা ভেৰিয়েণ্টতকৈ তিনিগুণ বেছি ।

ক'ভিড পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ ৰাজ্য চৰকাৰসমূহক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰালয়ে নিৰ্দেশ দিছে । লগতে চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নত কৰাৰ বিষয়েও পৰ্যালোচনা কৰিবলৈ বিভাগটোৱে নিৰ্দেশ দিছে । প্ৰাথমিক পৰ্যায়ত সংক্ৰমণ নিয়ন্ত্ৰণ নিশ্চিত কৰাত সুবিধা হোৱাকৈ কেন্দ্ৰই ৰাজ্যসমূহক পৰিকল্পনা যুগুত কৰিবলৈও নিৰ্দেশ দিছিল ৷

লগতে পঢ়ক: Fire broke out near Vaishno Devi forest : বৈষ্ণো দেৱী মন্দিৰৰ সমীপত ভয়ংকৰ বনজুই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.