নিউজ ডেস্ক, ১৮ ডিচেম্বৰ: কংগ্ৰেছ নেতা তথা লোকসভাৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে সংসদৰ নিৰাপত্তা ভংগৰ চাৰিদিন পিচত অৰ্থাৎ দেওবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰে । চৌধুৰীয়ে দাবী কৰে যে বিৰোধী দল আৰু দেশৰ জনসাধাৰণৰ হেঁচাত মোদীয়ে এই বিষয়ত নিজৰ মৌনতা ভংগ কৰিছিল ।
কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে মোদীক সংসদলৈ আহি বিবৃতি প্ৰকাশ কৰিবলৈ দাবী জনায় । চৌধুৰীয়ে কয়, "পৃথিৱীৰ যিকোনো ঠাইতে যেতিয়াই কিবা এটা ঘটে তেতিয়াই প্ৰধানমন্ত্ৰীয়ে 'X' ত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । কিন্তু সংসদৰ নিৰাপত্তা ভংগ কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ তেওঁ চাৰিদিন সময় লৈছিল । কিন্তু ইয়াৰ বিপৰীতে তেওঁ পিচদিনাই সদনলৈ আহি জনসাধাৰণক চিন্তা নকৰিবলৈ আশ্বাস দিব লাগিছিল ।"
"দেশৰ সুৰক্ষাৰ নিশ্চয়তা দিবলগীয়া ব্যক্তিজন এতিয়া সংকটৰ আন এটা নাম হৈ পৰিছে । তেওঁ কয়, 'মোদী হায় টু মমকিন হায়' কিন্তু এতিয়া ইয়াক সকলি কৰি 'মোদী হায় টু মুছকিল হায়' কৰিব লাগে ।" চৌধুৰীয়ে লগতে কয় ৷
ইয়াৰ পূৰ্বে দেওবাৰে মোদীয়ে এটা সংবাদ মাধ্যমৰ আগত সংসদত নিৰাপত্তা ভংগৰ গুৰুত্বক তুচ্ছজ্ঞান কৰিব নোৱাৰি বুলি উল্লেখ কৰি এই বিষয়টোক লৈ কোনো ধৰণৰ বিবাদ নকৰিবলৈ আহ্বান জনাইছিল । এই সাক্ষাৎকাৰত মোদীয়ে লগতে কয় যে, তদন্তকাৰী সংস্থাসমূহে এই ঘটনাৰ তদন্ত কৰাৰ লগতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ তেওঁ লগতে ইয়াৰ আঁৰত জড়িত লোকক চিনাক্ত কৰা আৰু তেওঁলোকক উদ্দেশ্য জনাটো অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰে ।
লগতে পঢ়ক: চৰকাৰে সংসদৰ নিৰাপত্তা উলংঘন বুজি পাইছে, অতিমাত্ৰা নকৰিব: বিৰোধীক প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীৰ