নেশ্যনেল ডেস্ক, ৫ ছেপ্টেম্বৰ : সংসদৰ বিশেষ অধিৱেশনৰ সময়ত কেন্দ্ৰই ‘INDIA’ৰ নাম সলনি কৰি ‘BHARAT’ (India to Bharat) কৰাৰ নতুন প্ৰস্তাৱ উত্থাপন কৰাৰ সম্ভাৱনা আছে । ১৮ ছেপ্টেম্বৰৰ বিশেষ অধিবেশনত এই দিশত এটা প্ৰস্তাৱ অনাটো চৰকাৰৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰ । ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত হ’বলগীয়া অধিৱেশন ২২ ছেপ্টেম্বৰলৈকে চলিব । কেন্দ্ৰীয় চৰকাৰৰ এটা বিশেষ সূত্ৰই মঙলবাৰে ইটিভি ভাৰতক সদৰী কৰে এই তথ্য ৷
-
So the news is indeed true.
— Jairam Ramesh (@Jairam_Ramesh) September 5, 2023 " class="align-text-top noRightClick twitterSection" data="
Rashtrapati Bhawan has sent out an invite for a G20 dinner on Sept 9th in the name of 'President of Bharat' instead of the usual 'President of India'.
Now, Article 1 in the Constitution can read: “Bharat, that was India, shall be a Union of States.”…
">So the news is indeed true.
— Jairam Ramesh (@Jairam_Ramesh) September 5, 2023
Rashtrapati Bhawan has sent out an invite for a G20 dinner on Sept 9th in the name of 'President of Bharat' instead of the usual 'President of India'.
Now, Article 1 in the Constitution can read: “Bharat, that was India, shall be a Union of States.”…So the news is indeed true.
— Jairam Ramesh (@Jairam_Ramesh) September 5, 2023
Rashtrapati Bhawan has sent out an invite for a G20 dinner on Sept 9th in the name of 'President of Bharat' instead of the usual 'President of India'.
Now, Article 1 in the Constitution can read: “Bharat, that was India, shall be a Union of States.”…
ইফালে বিজেপি নেতৃত্বাধীন কেন্দ্ৰটোত নতুনকৈ আক্ৰমণ চলাই জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে দাবী কৰে যে ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা জি-২০ শীৰ্ষ সন্মিলনৰ ৰাতিৰ আহাৰ গ্ৰহণৰ নিমন্ত্ৰণত প্ৰথাগত ‘‘President of India’’ৰ পৰিৱৰ্তে ‘‘President of Bharat’’ লিখা থাকে । ৰাষ্ট্ৰপতি ভৱনে ৯ ছেপ্টেম্বৰত জি-২০ৰ নিশাৰ আহাৰৰ বাবে সাধাৰণ ভাষাত ‘President of India’’ৰ পৰিৱৰ্তে ‘‘President of Bharat’’ৰ নামত নিমন্ত্ৰণ প্ৰেৰণ কৰিছে । জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে X টুইটাত সদৰী কৰিছে এই কথা ৷
উল্লেখযোগ্য যে, ২৬টা বিৰোধী দলে ‘INDIA’ (Indian National Developmental Inclusive Alliance) নামৰ এটা সংগঠন গঠন কৰাৰ পিচৰে পৰা শাসকীয় বিজেপিয়ে এই কার্যক সমালোচনা কৰি আহিছে ৷ আনকি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ একাংশ নেতাই অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰত হিচাপে নিজৰ বায় X ত সলনি কৰিলে ।
এগৰাকী টুইটাৰ X ব্যৱহাৰকাৰী কয়, ‘‘নিৰ্বাচনত জয়ী হ’বলৈ আৰু বিৰোধী মিত্ৰজোঁটৰ বিৰোধিতা কৰিবলৈ চৰকাৰে ইমান তললৈ নামিব পাৰে ? আনকি তেওঁলোকে ভাৰত শব্দটোও ব্যৱহাৰ কৰিবলৈয়ো লাজ পায় ৷’’
তেওঁ আৰু উল্লেখ কৰে, ‘‘প্ৰতিবাৰেই আমি ভাবিছিলো যে বিজেপি আৰু নিম্নগামী হ’ব নোৱাৰে তেওঁলোকে আমাক ভুল প্ৰমাণ কৰে ! যদি তেওঁলোকে ভাৰত শব্দটো ব্যৱহাৰ কৰিবলগীয়া হৈছিল, তেন্তে তেওঁলোকে নিমন্ত্ৰণী পত্ৰসমূহ কেৱল হিন্দীতহে পঠিয়াব লাগিছিল ৷’’