ETV Bharat / bharat

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে কৰ'ণাৰ প্ৰতিষেধক

author img

By

Published : Mar 3, 2021, 3:59 PM IST

নতুন দিল্লীৰ সেনা চিকিৎসালয়ত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে প্ৰথম পালি ক'ভিড-১৯ৰ প্ৰতিষেধক ।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে কৰ'ণাৰ প্ৰতিষেধক
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে কৰ'ণাৰ প্ৰতিষেধক

নিউজ ডেস্ক,৩ মাৰ্চ: ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে প্ৰথম পালি ক'ভিড-১৯ৰ প্ৰতিষেধক । বুধবাৰে নতুন দিল্লীৰ সেনা চিকিৎসালয়ত ৰাষ্ট্ৰপতিগৰাকীয়ে গ্ৰহণ কৰে প্ৰতিষেধক । ইফালে ভাৰতৰ এই বৃহৎ প্ৰতিষেধক প্ৰদান অভিযান অতি গৌৰৱৰ বিষয় বুলি তেওঁ পূৰ্বে উল্লেখ কৰিছিল । লগতে তেওঁ কৈছিল যে দুয়োটা প্ৰতিষেধকে দেশত প্ৰস্তুত কৰা হৈছে ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা সোমবাৰে গ্ৰহণ কৰিছিল ক'ভিড-১৯ৰ প্ৰতিষেধক । গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনসহ দেশৰ বহু শীৰ্ষ নেতাই ইতিমধ্যে প্ৰতিষেধক গ্ৰহণ কৰিছে । ইফালে স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি এতিয়ালৈ দেশত মুঠ ১ কোটি ৫৬ লাখ ২০ হাজাৰ ৭৪৯ গৰাকী লোকে গ্ৰহণ কৰিছে ভাইৰাছৰ প্ৰতিষেধক ।

সমান্তৰালকৈ দেশত যোৱা ২৪ ঘন্টাত কৰ'ণাত নতুনকৈ আক্ৰান্ত হৈছে ১৪ হাজাৰ ৯৮৯ গৰাকী লোক আৰু আক্ৰান্ত হৈ থকা ৯৮ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ।

লগতে পঢ়ক:কৰ্ণাটকৰ মন্ত্ৰী ৰমেশ জাৰাকিহোলীৰ পদত্যাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.