ETV Bharat / bharat

Atal Bihari Vajpayee's Birth Anniversary : অটল বিহাৰী বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ - অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্ম জয়ন্তী

আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্ম জয়ন্তী । প্ৰয়াত বিজেপি নেতাগৰাকীক স্মৰণ কৰিছে সমগ্ৰ দেশবাসীয়ে । প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সমাধিস্থলীত উপস্থিত হৈ তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (President Kovind pays tribute to Atal Bihari Vajpayee) ।

Atal Bihari Vajpayee's birth anniversary
অটল বিহাৰী বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি ৰাষ্ট্ৰপতিৰ
author img

By

Published : Dec 25, 2021, 10:42 AM IST

নেশ্যনেল ডেস্ক, ২৫ ডিচেম্বৰ : আজি সমগ্ৰ দেশবাসীয়ে সুঁৱৰিছে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক । জনপ্ৰিয় ৰাজনৈতিক নেতা অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্ম জয়ন্তী (Atal Bihari Vajpayee's 97th birth anniversary) উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোঁৱৰণ কৰে নেতাগৰাকীক ৷

শনিবাৰে পুৱা বাজপেয়ীৰ সমাধিস্থলী 'সদেৱ অটল' ত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi pays tribute to Atal Bihari Vajpayee) উপস্থিত হৈ তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰে । উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱেও চেন্নাইত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে ।

ইফালে, নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ লগতে আন কেইবাজনো ৰাজনৈতিক নেতাই অটল বিহাৰী বাজপেয়ীৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনায় ৷ কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেল, নিৰ্মলা সীতাৰমণ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু হৰদীপ সিং পুৰীয়ে বাজপেয়ীৰ সমাধিস্থলীত উপস্থিত হৈ শ্ৰদ্ধা নিবেদন কৰি প্ৰয়াত নেতাগৰাকীৰ অৱদানৰ বিষয়ে সোঁৱৰণ কৰে ৷

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: আদাবাৰীত অত্যাধুনিক সা-সুবিধাযুক্ত অটল উদ্যান মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.