নেশ্যনেল ডেস্ক, 15 অক্টোবৰ : আজি মিছাইল মেন ড৹ এ পি জে আব্দুল কালামৰ 90 সংখ্যক জন্মবাৰ্ষিকী ৷ কালামৰ জন্মবৰ্ষিকী উপলক্ষে জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত নৰ্ডাৰ্ণ কামাণ্ডত তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷ ৰাষ্ট্ৰপতি ভৱনে টুইটযোগে কয়, "ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাৰ নৰ্ডাৰ্ণ কামাণ্ডত প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷"
-
President Kovind paid floral tributes to Dr A.P.J. Abdul Kalam, former President of India, on his birth anniversary at the Northern Command, Udhampur, Jammu & Kashmir. pic.twitter.com/Ah4nw6scFa
— President of India (@rashtrapatibhvn) October 15, 2021 " class="align-text-top noRightClick twitterSection" data="
">President Kovind paid floral tributes to Dr A.P.J. Abdul Kalam, former President of India, on his birth anniversary at the Northern Command, Udhampur, Jammu & Kashmir. pic.twitter.com/Ah4nw6scFa
— President of India (@rashtrapatibhvn) October 15, 2021President Kovind paid floral tributes to Dr A.P.J. Abdul Kalam, former President of India, on his birth anniversary at the Northern Command, Udhampur, Jammu & Kashmir. pic.twitter.com/Ah4nw6scFa
— President of India (@rashtrapatibhvn) October 15, 2021
কালামৰ ওপজা দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও তেওঁক স্মৰণ কৰে ৷ প্ৰধানমন্ত্ৰীয়ে কয়, মিছাইল মেনে তেওঁৰ সম্পূৰ্ণ জীৱন ভাৰতক শক্তিশালী, উপযুক্ত আৰু সমৃদ্ধ কৰিবলৈ উচৰ্গা কৰিছিল ৷ প্ৰধানমন্ত্ৰীয়ে লগতে কয়, দেশবাসীৰ বাবে কালাম সদায় এক অনুপ্ৰেৰণা হৈ থাকিব ৷
-
मिसाइल मैन के रूप में विख्यात देश के पूर्व राष्ट्रपति डॉ. एपीजे अब्दुल कलाम जी को उनकी जयंती पर सादर नमन। उन्होंने अपना जीवन भारत को सशक्त, समृद्ध और सामर्थ्यवान बनाने में समर्पित कर दिया। देशवासियों के लिए वे हमेशा प्रेरणास्रोत बने रहेंगे। pic.twitter.com/Pn2tF73Md6
— Narendra Modi (@narendramodi) October 15, 2021 " class="align-text-top noRightClick twitterSection" data="
">मिसाइल मैन के रूप में विख्यात देश के पूर्व राष्ट्रपति डॉ. एपीजे अब्दुल कलाम जी को उनकी जयंती पर सादर नमन। उन्होंने अपना जीवन भारत को सशक्त, समृद्ध और सामर्थ्यवान बनाने में समर्पित कर दिया। देशवासियों के लिए वे हमेशा प्रेरणास्रोत बने रहेंगे। pic.twitter.com/Pn2tF73Md6
— Narendra Modi (@narendramodi) October 15, 2021मिसाइल मैन के रूप में विख्यात देश के पूर्व राष्ट्रपति डॉ. एपीजे अब्दुल कलाम जी को उनकी जयंती पर सादर नमन। उन्होंने अपना जीवन भारत को सशक्त, समृद्ध और सामर्थ्यवान बनाने में समर्पित कर दिया। देशवासियों के लिए वे हमेशा प्रेरणास्रोत बने रहेंगे। pic.twitter.com/Pn2tF73Md6
— Narendra Modi (@narendramodi) October 15, 2021
ৰাইজৰ ৰাষ্ট্ৰপতি হোৱাৰ পৰা ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ক্ষেপণাস্ত্ৰৰ বিকাশৰ নেতৃত্ব দিয়ালৈকে, প্ৰয়াত ৰাষ্ট্ৰপতি ড৹ এ পি জে আব্দুল কালামে বিভিন্ন ক্ষেত্ৰত দেশৰ বিকাশত অৰিহণা যোগাইছে ৷ এগৰাকী এয়াৰোস্পেচ হিচাপে কালামে ভাৰতৰ দুটাকৈ গুৰুপূৰ্ণ গৱেষণা প্ৰতিষ্ঠানৰ সৈতে কাম কৰিছিল ৷ এই প্ৰতিষ্ঠান দুটা ক্ৰমে- Defence Research and Development Organisation (DRDO) আৰু Indian Space Research Organisation (ISRO) ৷
বিজ্ঞান আৰু ৰাজনীতিৰ ক্ষেত্ৰখনত তেওঁৰ অৱদানৰ বাবে ভাৰতৰ 11 সংখ্যক ৰাষ্ট্ৰপতি গৰাকীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ৰে সন্মানিত কৰা হৈছিল ৷ ভৰতীয় মিছাইল প্ৰোগ্ৰামসমূহৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁৰ ভূমিকাৰ বাবে তেওঁক 'Missile Man of India' বুলিও কোৱা হৈছিল ৷
কালামে 2015 চনৰ 27 জুলাইত শ্বিলঙস্থিত Indian Institute of Management (IIM)ত ভাষণ প্ৰদান কৰি থকা সময়তেই হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ শেষ নিঃশ্বাস ত্যাগ কৰে ৷ তেওঁৰ মৃত্যু পাঁচটা বছৰ পাছত আজিও দেশৰ প্ৰযুক্তিগত আৰু বৈজ্ঞানিক উন্নয়নৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অবদানক সকলোৱে সুঁৱৰে ৷
লগতে পঢ়ক : ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্মাণ হ'ব ৰাম মন্দিৰ